উত্তৰ-পূৱৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী এজেপিৰ

author img

By

Published : Dec 6, 2021, 8:36 PM IST

AJP demands for remove AFSPA from North East

নাগালেণ্ডত শেহতীয়াকৈ সংঘটিত সেনা বাহিনী আৰু স্থানীয় লোকৰ মাজৰ হিংসাত্মক ঘটনাকলৈ প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ ৷ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে দলটোৱে (AJP demands for remove AFSPA from North East)৷

গুৱাহাটী, ৬ ডিচেম্বৰ : নাগালেণ্ডৰ মন জিলাত নিৰাপত্তাৰক্ষীয়ে কমেও ১৩ গৰাকী নিৰীহ লোকক গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়ে অসম জাতীয় পৰিষদে (AJP criticized Nagaland ambush) ৷ ইয়াৰ লগতে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে দলটোৱে (Demand to remove AFSPA from North East) ৷ দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে, ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰো স্বতন্ত্ৰভাৱে আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে ৷ কিন্তু ধাৰাবাহিকভাৱে AFSPA প্ৰযোজ্য কৰি কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ জনসাধাৰণৰ সংবিধান প্ৰদত্ব উক্ত অধিকাৰ কাঢ়ি নিছে ৷

উত্তৰ-পূৱৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী এজেপিৰ

লগতে পঢ়ক : NSCN Peace Talks: ম'ন জিলাৰ ঘটনাই প্ৰভাৱ পেলাব নগা শান্তি আলোচনাত

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নিৰাপত্তা সংস্থাসমূহে এই অঞ্চলৰ থলুৱা জনসাধাৰণৰ জীৱনক যে মুঠেই মূল্যবান বুলি নাভাৱে, নাগালেণ্ডৰ ঘটনা তাৰেই উদাহৰণ বুলি উল্লেখ কৰে জগদীশ ভূঞাই ৷ তেওঁ কয় যে, নিৰাপত্তা বাহিনীৰ অসংবেদনশীল তথা দায়বদ্ধতাহীন আচৰণে সাধাৰণ নিৰীহ মানুহৰ জীৱন নষ্ট কৰা এইটোৱেই প্ৰথম ঘটনা নহয় ৷

১৯৯৪ চনত তিনিচুকীয়া জিলাৰ ডাঙৰিত সংঘটিত অনুৰূপ ঘটনাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ বৰ্তমানৰ নেতা তথা তেতিয়াৰ ছাত্ৰ নেতা জগদীশ ভূঞাই সুদীৰ্ঘ ২৪ বছৰ আইনী যুঁজ চলায় ৷ অৱশেষত ২০১৮ চনত ৮ গৰাকী সেনা বিষয়াক ন্যায়ালয়ে দোষী সাব্যস্ত কৰি ক’ৰ্ট মাৰ্শ্বেলৰ হুকুম দিব লগা হোৱা ঘটনাটো সেনা তথা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ একাংশ লোকে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ জীৱনক তুচ্ছ জ্ঞান কৰাৰ এটা উদাহৰণ ৷
লগতে পঢ়ক : Armed Forces Special Powers Act নালাগে শান্তিপূৰ্ণ নগালেণ্ডত :নেফিউ ৰিঅ’
উক্ত ক'লা আইনখন উত্তৰ-পূৰ্বাঞ্চলত প্ৰযোজ্য হৈ থকাটো বৃটিছে ভাৰতত শাসন চলোৱাৰ দৰে কেন্দ্ৰই এই অঞ্চলতো উপনিৱেশিক শাসন চলাই থকাৰ প্ৰমাণ দিয়ে বুলি মন্তব্য কৰে জগদীশ ভূঞাই । নাগালেণ্ডত সংঘটিত হিংসাত্মক ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰি তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ নকৰিলে ভৱিষ্যতলৈয়ো যে অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি নহ'ব তাৰ একো নিশ্চয়তা নাই ৷

লগতে পঢ়ক : Nagaland Civilians Deaths : নাগালেণ্ডৰ সেনা আক্ৰমণক দুৰ্ভাগ্যজনক আখ্যা অমিত শ্বাহৰ

উল্লেখ্য য়ে, ইতিমধ্যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৱেও AFSPA বিতাৰণৰ দাবী তুলিছে ৷ মন জিলাত জনতাক সম্বোধন কৰি মুখ্যমন্ত্ৰী ৰিঅ’ই কয় যে, নগালেণ্ড এতিয়া শান্তিপূৰ্ণ ৰাজ্য কেন্দ্ৰ চৰকাৰে অশান্তিৰ দোহাই দি বাৰে বাৰে নাগালেণ্ডৰ ভূমিত এই আইন প্ৰৱৰ্তন কৰে( CM Rio says AFSPA has been imposed in peacefull Nagaland) । তেওঁ কয় যে, ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু ইয়াত অন্য বহুত আইন থকা স্বত্বেও AFSPA প্ৰৱৰ্তন কৰি থকা হৈছে ।

ইফালে, নাগালেণ্ডত সেনাবাহিনীৰ অভিযানৰ সময়ত 14 জন সাধাৰণ লোক নিহত হোৱা ঘটনাক লৈ লোকসভাত দুখ প্ৰকাশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ (Amit Shah on Nagaland issue)৷ ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবেও সেনা বাহিনীক সতৰ্ক হ’বলৈ আহ্বান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে বিশেষ অনুসন্ধানকাৰী দল নিয়োগ কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক : Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.