ETV Bharat / city

ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ বিৰোধিতা পলাশ চাংমাইৰ

author img

By

Published : Sep 11, 2022, 10:30 AM IST

ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Palash Changmai comments on Victor Das) ৷ গোটেই বিষয়টো সুক্ষ্মভাৱে বিশ্লেষণ কৰি চৰকাৰক তদন্ত কৰিবলৈ আহ্বান জনায় সাধাৰণ সম্পাদকগৰাকীয়ে ৷

ajycp-general-secretary-palash-changmai-comments-on-victor-das
ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ বিৰোধিতা পলাশ চাংমাইৰ

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Palash Changmai comments on Victor Das) ৷ ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰি অন্যায়-অবিচাৰ-দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা সকলক চৰকাৰে সহযোগ কৰিব লাগে বুলি মন্তব্য কৰে ৷

কেৱল মাত্ৰ ভিক্টৰ দাসেই নহয় বহু লোকে চছিয়েল মিডিয়াত প্ৰকাশ কৰিছে যে একাংশ দালাল শ্ৰেণীৰ মানুহে অসৎ পন্থা অৱলম্বন কৰি ধনৰ বিনিময়ত চাকৰি দিব বিচাৰিছে । পূৰ্বেও অসমত নিযুক্তিবোৰত দুৰ্নীতি হৈছিল বুলি সদৰী কৰে সম্পাদকগৰাকীয়ে ৷ লগতে সমাজত দালাল শ্ৰেণীৰ মানুহ এতিয়াও কমি যোৱা নাই বুলি উল্লেখ কৰি গোটেই বিষয়টো সুক্ষ্মভাৱে বিশ্লেষণ কৰি তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় সাধাৰণ সম্পাদকগৰাকীয়ে ৷

পলাশ চাংমাই, সাধাৰণ সম্পাদক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

উল্লেখ্য যে, ভিক্টৰ দাসে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত (Assam Govt Recruitment 2022) ধনৰ লেনদেন হোৱা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ আৰক্ষী সঞ্চালক প্ৰধানক উদ্দেশ্যি এক টুইট কৰিছিল (Victor Das alleged corruption in recruitment) ।

ইয়াৰ পাছতেই উৰা বাতৰি বিয়পোৱাৰ অভিযোগ তুলি শুকুৰবাৰে দিনজোৰা জেৰাৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক (Victor Das arrested by Guwahati police) ৷ শনিবাৰে ভিক্টৰক আদালতত হাজিৰ কৰোৱা হৈছিল ৷ তাৰ পৰাই আৰক্ষীয়ে ভিক্টৰক সাত দিনৰ জিম্মাত লয় ৷

লগতে পঢ়ক: গুৱাহাটীৰ ছয়মাইলত হৈছিল টকাৰ লেনদেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.