ETV Bharat / city

গুৱাহাটীৰ ছয়মাইলত হৈছিল টকাৰ লেনদেন

author img

By

Published : Sep 11, 2022, 9:48 AM IST

পুনৰ নতুন তথ্য দিলে ভিক্টৰ দাসে ৷ শনিবাৰে ভিক্টৰ দাসে আদালতৰ পৰা ওলাইয়ে সংবাদিকৰ কেমেৰাৰ সন্মুখত চিঞৰি চিঞৰি দিলে নতুন তথ্য ৷

victor-das-remanded-to-7day-police-custody
মহানগৰীৰ ছয়মাইলত হৈছিল টকাৰ লেনদেন

গুৱাহাটী , ১১ ছেপ্টেম্বৰ: ‘‘মোৰ হাতত উপযুক্ত প্ৰমাণ আছে, মই ভাগৰা নাই’’ বুলি শনিবাৰে ভিক্টৰ দাসে আদালতৰ পৰা ওলাইয়ে সংবাদিকৰ কেমেৰাৰ সন্মুখত চিঞৰি চিঞৰি দিলে নতুন তথ্য ৷ ভিক্টৰ দাসে কোৱা অনুসৰি চাকৰিৰ দিয়াৰ নামত মহানগৰীত চলিছিল টকাৰ লেনদেন । মহানগৰীৰ ছয়মাইলত কোনো লোকৰ পৰা চাকৰি দিয়াৰ নামত এখন গ্লেমাৰ বাইকে লৈ গৈছিল ৪ লাখ টকা । চিঞৰি চিঞৰি কৈ গ’ল গ্লেমাৰ বাইকখনৰ নম্বৰ- AS 22 BA 4954 ।

মহানগৰীৰ ছয়মাইলত হৈছিল টকাৰ লেনদেন

উল্লেখ্য যে, ভিক্টৰ দাসে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত (Assam Govt Recruitment 2022) ধনৰ লেনদেন হোৱা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ আৰক্ষী সঞ্চালক প্ৰধানক উদ্দেশ্যি এক টুইট কৰিছিল (Victor Das alleged corruption in recruitment) । ইয়াৰ পাছতেই উৰা বাতৰি বিয়পোৱাৰ অভিযোগ তুলি শুকুৰবাৰে দিনজোৰা জেৰাৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক (Victor Das arrested by Guwahati police) ৷

ঘটনা সন্দৰ্ভত ভিক্টৰ দাসৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 120(b) 505(b) 153 153(A) 384, 511 অধীনত পাণবজাৰ থানত 233/22 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল৷ এই গোচৰৰ আধাৰতেই আৰক্ষীয়ে ভিক্টৰক গ্ৰেপ্তাৰ কৰি শনিবাৰে CJM আদালতত হাজিৰ কৰোৱা হৈছিল ৷ আৰক্ষীয়ে সাত দিনৰ বাবে ভিক্টৰক জিম্মাত লয় (Victor Das remanded to 7day police custody) ৷

মনকৰিবলগীয়া যে, ভিক্টৰ দাসে তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰিছিল । প্ৰতিটো পদৰ বাবে ৩ লাখ টকাৰ পৰা ৮ লাখ টকালৈ ধনৰ লেনদেন চলিছিল বুলি এক অভিযোগ উত্থাপন কৰিছিল ৷

চাকৰি কিনা বেচা প্ৰক্ৰিয়াৰ আঁৰত কোনো প্ৰাক্তন বিধায়ক থকা বুলিও অভিযোগ কৰি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি ভিক্টৰ দাসে টুইট কৰিছিল । এই টুইটক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল । তাৰ পিছতেই অনুসন্ধান আৰম্ভ হৈছিল ৷

লগতে পঢ়ক: হাৰ নমনা এগৰাকী মহিলা ফুটবল প্ৰশিক্ষকৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.