ETV Bharat / city

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 1, 2022, 8:59 AM IST

top-10-at-9-am
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

চান্দাৰ নামত ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ ৰাজহুৱাকৈ আহ্বান মুখ্যমন্ত্ৰীৰ

দুৰ্গা পূজাৰ চান্দাৰ নামত ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ পুনৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ বৃহস্পতিবাৰে টুইটযোগে এই আহ্বান জনোৱাৰ পাছত শুকুৰবাৰে পুনৰ ৰাজহুৱাকৈ পূজা সমিতিৰ আয়োজকসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷

আইমী বৰুৱাই অসমবাসীক লজ্জিত কৰাৰ অভিযোগ

আইমী বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হৈছে দুটাকৈ গুৰুতৰ অভিযোগ ৷ স্বাৰ্থসিদ্ধিৰ বাবে তিনিমহীয়া শিশুক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ মন্ত্ৰীপত্নীগৰাকীৰ বিৰুদ্ধে (Allegation against Aimee Baruah) ৷ ইয়াৰোপৰি ডিমাচা জনগোষ্ঠীক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ অভিযোগ উত্থাপিত হৈছে অভিনেত্ৰী তথা মন্ত্ৰীপত্নীগৰাকীৰ বিৰুদ্ধে ৷

ফুটবল ভাল পোৱা জুবিন গাৰ্গে চোৱা নাই 'লাইভ' ক্ৰিকেট

ৰাজ্যত এতিয়া ক্ৰিকেটৰ জ্বৰ । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২ অক্টোবৰত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল(India And South Africa's T20 Squad) । যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গে গুৱাহাটীত লাইভ খেলখন চোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ৷

পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ওদালগুৰিৰ এটা অঞ্চলৰ ৰাইজক

ওদালগুৰি জিলাৰ ৰৌতা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিপভিচৰা গাঁৱৰ এটি পথে জলা-কলা খুৱাইছে গাঁওবাসীক (Poor road condition in Udalguri)। এই পথচোৱাৰে দৈনিক শ-শ লোক যাতায়ত কৰে ৷ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি অঞ্চলটোৰ সকলো লোকে যাতায়ত কৰে এই পছচোৱাৰে ৷ সদা ব্যস্ত পথটি মেৰামতিত বিভাগীয় কৰ্তৃপক্ষই হেমাহি কৰাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ।

সামৰণি পৰিল দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ

সামৰণি পৰিল দেশভক্ত তৰুণৰাম ফুকন ইনদ'ৰ ষ্টেডিয়ামত পাঁচদিনীয়াকৈ অনুষ্ঠিত দক্ষিণ এছিয়া আঞ্চলিক জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ (South Asia Regional Junior Badminton Championship) । সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামৰণি অনুষ্ঠানত উপস্থিত হৈ অসম বেডমিণ্টন সন্থা(Assam Badminton Association)ক এই প্রতিযোগিতা আয়োজনৰ সুযোগ দিয়াৰ বাবে বেডমিণ্টন এছিয়া আৰু বেডমিণ্টন এছ'চিয়েশ্যন অৱ ইণ্ডিয়া(Badminton Association of India)ক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ধুবুৰীৰ নাও দুৰ্ঘটনাস্থলীলৈ সাংসদ-মন্ত্ৰী-বিধায়কৰ সোঁত

ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত দুদিনে সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাস । অব্যাহত আছে SDRF, NDRF ৰ অভিযান । নাও দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বুজ ল’লে সাংসদ বদৰুদ্দিন আজমলে । ৰাণা গোস্বামীৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দল । পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (MP Minister MLA at Dhubri boat accident site) ।

Navratri 2022 day 6: নৱৰাত্ৰিৰ ষষ্ঠ দিনটোত মা কাত্যায়নীক এইদৰে কৰক সন্তুষ্ট

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয়(Durga Puja 2022) । এইবাৰ নৱৰাত্ৰী ২০২২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২২ চনৰ ৪ অক্টোবৰত শেষ হ’ব(Shardiya Navratri 2022) । বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে । আজি নৱৰাত্ৰিৰ ষষ্ঠটো দিন । আজি মা দূৰ্গাৰ ষষ্ঠটো ৰূপ দেৱী কাত্যয়নীৰ পূজা অৰ্চনা কৰা হয় ৷ জানো আহক পূজাৰ বিধি, মন্ত্ৰ আৰু অন্যান্য নিয়ম সমূহ...

নিজৰ কেৰিয়াৰ বনোৱাৰ কাৰণে কোনোবা বিজেপিলৈ গ'লেও চিন্তিত নহয় কংগ্রেছ !

প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলা সময়তে পৱন সিং ঘাটোৱাৰক কাষত বহুৱাই ভূপেন বৰাৰ সংবাদমেল (Bhupen Borah Press meet in Dibrugarh) ৷ কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱাক লৈ আমি অভ্যস্ত হৈ পৰিছো । এতিয়া কোনোবা গ'লে দলৰ একো ক্ষতি নহয় বুলি মন্তব্য বৰাৰ ।

World Vegetarian Day: মাছ-মাংস এৰিলেও কিন্তু শাক-পাচলি ভুলতো নেৰিব

আজি ‘বিশ্ব নিৰামিষ দিৱস’ ৷ বিশ্ব নিৰামিষ দিৱস উপলক্ষে নিৰামিষ ভোজী সম্পৰ্কে ৰাষ্ট্ৰীয় স্বাস্থ্য প’ৰ্টেল (NHP)য়ে কিছু তথ্য দাঙি ধৰিছে ৷ জানো আহক নিৰামিষ ভোজী সম্পৰ্কে কিছু কথা...

Breast Cancer Awareness Month: সমাজত স্তন কেঞ্চাৰ সন্দৰ্ভত সজাগতাৰ প্ৰয়োজন অধিক: কিয় জানো আহক

কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে মহিলাৰ দেহত পোৱা স্তন কেন্সাৰ হৈছে সৰ্বাধিক প্ৰকাৰৰ কৰ্কট ৰোগ । নিঃসন্দেহে স্তন কেঞ্চাৰ এটা গুৰুতৰ ৰোগ যদিও ই দুৰাৰোগ্য নহয় । সময়মতে ধৰা পৰিলে ইয়াৰ চিকিৎসা সম্ভৱ । এই ৰোগৰ লক্ষণ আৰু চিকিৎসা সম্পৰ্কে সমগ্ৰ বিশ্বৰ মানুহক সজাগ কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে অক্টোবৰ মাহ হিচাপে স্তন কৰ্কট সজাগতা মাহ হিচাপে পালন কৰা হয়(Breast Cancer Awareness Month) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.