ETV Bharat / city

পৌৰ নিগমৰ চুপাৰ শ্বাকাৰ মেচিন উদ্ধোধন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Dec 10, 2021, 10:44 PM IST

SUPER SUCKER MACHINE INAUGURATED BY CM
পৌৰ নিগমৰ চুপাৰ শ্বাকাৰ মেচিন উদ্ধোধন মুখ্যমন্ত্ৰীৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অনলাইন সেৱা(ই-চাৰ্ভিচ)ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ ৷ মিছন বসুন্ধৰা আঁচনিৰ প্ৰতি লাভ কৰা ৰাইজৰ বিপুল সহাঁৰিৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে ৷

গুৱাহাটী, 10 ডিচেম্বৰ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ব্যৱসায় অনুজ্ঞাপত্ৰ প্ৰদান, সম্পত্তি কৰ নিৰ্ধাৰণ তথা পৰিশোধ ব্যৱস্থা, গৃহ নিৰ্মাণ প্ৰণালী আৰু প্ৰকল্প ব্যৱস্থাপনা আৰু নিৰীক্ষণ প্ৰণালী অনলাইন সেৱা(ই-চাৰ্ভিচ)ৰ উদ্বোধন কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুকলি কৰে এই সেৱাৰ ।

মুখ্যমন্ত্ৰী শৰ্মাই অনুষ্ঠানটোত স্মাৰ্ট চিটী প্ৰজেক্টৰ অধীনত গুৱাহাটী পৌৰ নিগমৰ গুৱাহাটী চুপাৰ ছুকাৰ মেচিন(SUPER SUCKER MACHINE INAUGURATED BY CM)ৰ উদ্ধোধন কৰে । তেওঁ লগতে অনুষ্ঠানত ৰাজ্যৰ পৌৰ নিকায়-নিগমসমূহৰ বাবে ট্টাক মাউন্টেড চেচপুল ক্লিনাৰ বিতৰণ(Truck Mounted Cesspool Cleaner Distribute) কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৰাইজক সহায় কৰাৰ বাবে চৰকাৰে প্ৰযুক্তিগত দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ।

তেওঁ লগতে কয় যে, এতিয়াৰে পৰা ৰাইজে ব্যৱসায় অনুজ্ঞাপত্ৰ, সম্পত্তি কৰ নিৰ্ধাৰণ তথা পৰিশোধ ব্যৱস্থা, গৃহ নিৰ্মাণ প্ৰণালী আৰু প্ৰকল্প ব্যৱস্থাপনাৰ অনুমতিৰ বাবে কাৰ্যালয়লৈ যাব নালাগে । এইবোৰ কাৰ্যালয়লৈ নোযোৱাকৈ লাভ কৰিব পাৰিব । তেওঁ চৰকাৰে মিছন বসুন্ধৰা আঁচনিৰ প্ৰতি ৰাইজৰ ব্যাপক সহাঁৰি লাভ কৰাৰ কথা জানিবলৈ দিয়ে । অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, ৰাজহ মন্ত্ৰী যোগেন মোহন বিধায়ক জয়ন্ত মল্ল বৰুৱা, প্ৰশান্ত ফুকন আৰু বলিন চেতিয়া উপস্থিত আছিল ।

লগতে পঢ়ক : টুটি আহিছে প্ৰকৃতিৰ ভাণ্ডাৰ: অসমত কমিছে খাৰুৱা তেলৰ উৎপাদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.