ETV Bharat / city

এটা পাঁচকোটি টকীয়া বিধ্বস্ত মথাউৰিয়ে ৰাইজক খুৱাইছে জলা-কলা

author img

By

Published : Jul 25, 2021, 7:59 AM IST

Poor condition of a Embankment of Bogibeel, Dibrugarh District
বিধস্ত মথাউৰিক লৈ অতিষ্ঠ ৰাইজ

৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বগীবিলৰ এটা মথাউৰি (Embankment) য়ে জলা-কলা খুৱাইছে ৰাইজক ৷ বিগত দুটা বছৰেই মেৰামতিৰ কাম সম্পূৰ্ণ নকৰাত ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিভিন্ন দল সংগঠন ৷

মৰাণ, 25 জুলাই : যিটো সময়ত ৰাজ্যৰ জলসম্পদ মন্ত্ৰীয়ে সকলো মথাউৰি (Embankment) মেৰামতি অথবা নিৰ্মাণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে, তেনে সময়তে কোটি-কোটি টকা লুণ্ঠন কৰি একাংশ ঠিকাদাৰে মথাউৰি নিৰ্মাণৰ কাম অসম্পূৰ্ণ কৰি ৰখাৰ অভিযোগ উঠিছে ৷ তেনে এটা ঘটনা হৈছে ডিব্ৰুগড় জিলা (Dibrugarh District)ৰ ১১৫ নং মৰাণ সমষ্টিৰ বগীবিল পঞ্চায়তৰ ৱাকহাবি গাঁৱত ৷ এই গাঁওখনত থকা মথাউৰিটোৰ বাবে জলা-কলা খাবলগীয়া হৈছে ৰাইজে ৷ কাৰণ বাৰিষাৰ মথাউৰিটোত একাঁঠু পৰ্যন্ত বোকাৰ সৃষ্টি হৈছে ৷

একাঁঠু বোকাৰ মাজেৰে যাতায়াত কৰিব লগীয়া হৈছে ৰাইজে ৷ বাহন অহাতো দূৰৈৰে কথা খোজ কাঢ়িও যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে মথাউৰিটোত ৷ ৩ কিলোমিটাৰ যোৰা মথাউৰিটো মেৰামতিৰ বাবে চৰকাৰৰ পৰা ৫ কোটি টকা আবন্টন লাভ কৰিছিল ঠিকাদাৰে ৷ কিন্তু মথাউৰিটোৰ মেৰামতিৰ কাম শেষ নকৰাৰ ফলত এজাক বৰষুণ দিলেই যাতায়াতৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় ৰাইজে ৷

বিধস্ত মথাউৰিক লৈ অতিষ্ঠ ৰাইজ

ৰাজীৱ গগৈ নামৰ এজন ঠিকাদাৰে লাভ কৰিছিল মেৰামতিৰ কামটো ৷ ঠিকাদাৰজনে দুবছৰ পূৰ্বেই মথাউৰিটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিছিল ৷ কিন্তু বিগত দুটা বছৰেই মেৰামতিৰ কাম সম্পূৰ্ণ নকৰাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অতি কষ্টকৰ যাতায়াত কৰিব লগা হৈছে।

উল্লেখ্য যে, পথটো একেবাৰে জৰাজীৰ্ণ হোৱাত এম্বুলেঞ্চ সেৱাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ কৰিছে ৰাইজে ৷ গৰ্ভৱতী মহিলা বা অথবা কোনো ৰোগীক চিকিৎসালয়লৈ নিবলৈ হ’লে ঠেলা বা চাঙীতেই নিবলগীয়া হয় বুলিও ক্ষোভ উজাৰে ৰাইজে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰেই পথচোৱাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তুলিবলৈ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক-ভূপেন বৰা: ছাত্ৰ ৰাজনীতিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.