ETV Bharat / state

ভূপেন বৰা: ছাত্ৰ ৰাজনীতিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈকে

author img

By

Published : Jul 24, 2021, 10:53 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ লাভ কৰিলে প্ৰাক্তন বিধায়ক তথা সম্প্ৰতি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ভূপেন কুমাৰ বৰাই ৷ ইয়াৰ বাবে দলৰ নেতৃত্ব আৰু প্ৰতিগৰাকী দলীয় কৰ্মীৰ লগতে অসমৰ ৰাইজক সেৱা জনাইছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ সৈতে ইটিভি ভাৰতৰ টেলিফোনিক বাৰ্তালাপ...

journey-of-bhupen-bora-from-students-politics-to-pcc-president
ছাত্ৰ ৰাজনীতিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈকে

গুৱাহাটী, 24 জুলাই: নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছে প্ৰাক্তন বিধায়ক তথা সম্প্ৰতি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ভূপেন কুমাৰ বৰাক ৷ বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা 2006 আৰু 2011 চনত কংগ্ৰেছ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা ভূপেন কুমাৰ বৰা এগৰাকী অধ্যয়নশীল আৰু বিচক্ষণ নেতাৰূপে পৰিচিত ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থকা সময়তে বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল ভূপেন কুমাৰ বৰা ৷ পৰৱৰ্তী সময়ত ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বৰাই প্ৰত্যক্ষ ৰাজনীতিত যোগ দিয়ে ৷

ভূপেন বৰাৰ সৈতে টেলিফোনিক বাৰ্তালাপ

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব সুকলমে পালন কৰাৰ পাচত দলৰ শীৰ্ষ নেতৃত্বই বৰাক 1998 চনত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদত নিযুক্তি দিয়ে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দ্বিতীয়টো কাৰ্যকালত ভূপেন বৰাক গৃহ বিভাগৰ সংসদীয় সচিব পদতো নিযুক্তি দিয়া হৈছিল ৷ সেই সময়ত ৰাজ্য চৰকাৰৰ মুখপাত্ৰৰ দায়িত্বতো আছিল বৰা ৷ 2014 ৰ লোকসভা নিৰ্বাচনত তেওঁ তেজপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল যদিও সফল হ'ব পৰা নাছিল ৷

শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁৰ নাম ঘোষণা হোৱাৰ পিছতে ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত বৰাই কয় যে,"এক জটিল সময়ত দলে মোক অসমত বিৰোধীৰ নেতৃত্ব লবলৈ বাচনি কৰিছে ৷ ইয়াৰ বাবে দলৰ নেতৃত্ব আৰু প্ৰতিগৰাকী দলীয় কৰ্মীৰ লগতে অসমৰ ৰাইজক সেৱা জনাইছো ।"

সম্প্ৰতি কংগ্ৰেছ দল অসমত এক ধুমুহাৰ মাজেৰে আগুৱাব লগীয়া হৈছে ৷ বিজেপিৰ আগ্ৰাসনে যেন কংগ্ৰেছক নস্যাৎ কৰাৰ উপক্ৰম হৈছে ৷ এই সন্দৰ্ভত বৰাই কয়-" যিসকল লোকে ৰাজনীতিক পেছা হিচাপে লৈছে তেওঁলোকে বিৰোধীত থাকি ভাল নাপাব পাৰে ৷ কিন্তু এই সময়ত মোৰ দায়িত্ব হৈছে দলটোক সঠিক ভাবে শক্তিশালী কৰি তোলা ৷

লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ভুপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.