ETV Bharat / city

অসম চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ডঃ সদ্যোজাত শিশুৰ মৃত্যু

author img

By

Published : Nov 9, 2020, 10:27 AM IST

Updated : Nov 9, 2020, 10:36 AM IST

অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডত সদ্যোজাত শিশুৰ মৃত্যু
অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডত সদ্যোজাত শিশুৰ মৃত্যু

যোৱা নিশা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৱাৰ্ডত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত নিহত হয় এটি সদ্যোজাত শিশু ৷

ডিব্ৰুগড়, 9 নৱেম্বৰ : অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰসূতি বিভাগত নিশা সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত এটি শিশুৰ মৃত্যু হয় ৷ দেওবাৰে নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰসূতি কক্ষৰ শিশুসকলক ৰখা আইচিইউত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷

অসম চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ডঃ সদ্যোজাত শিশুৰ মৃত্যু

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত চিকিৎসালয়খনত ৰোগী আৰু অভিভাৱকৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় । শতাধিক ৰোগী চিকিৎসালয়খনৰ বাহিৰলৈ দৌৰি ওলাই আহে ।কোলাত সদ্যজাত শিশু লৈ লৰি-ঢাপৰি ওলাই অহা ৰোগীসকলৰ ফলত নিশা এক বৰ্ণনাতিত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালখনত । চতুৰ্থ, তৃতীয়, দ্বিতীয় মহলাত থকা প্ৰসূতি আনকি কেইঘণ্টামান পূৰ্বে জন্ম হোৱা শিশুকো কোলাত লৈ চিকিৎসালয়খনৰ বাহিৰলৈ ওলাই আহে ৰোগী আৰু অভিভাৱক ।

ঘটনাৰ লগে লগে চিকিৎসালখনৰ বিজুলী সংযোগ বিছিন্ন কৰি দিয়াত অন্ধকাৰত কেইবাজনো ৰোগী আঘাতপ্ৰাপ্ত হয় । ইফালে বিজুলী সংযোগ বিছিন্ন হৈ যোৱাত ভেন্টিলেশ্বনত থকা এতি শিশুৰ মৃত্যুও হয় । চিকিৎসালয়খনৰ নিৰাপত্তাৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত অৱশ্যে ক্ষিপ্ৰতাৰে জুই নিৰ্বাপিত কৰা হয় যদিও ঘটনাক লৈ এতিয়াও চাঞ্চল্য অব্যাহত আছে ৷

লগতে পঢ়ক : চিকিৎসালয়ৰ আজৱ কাণ্ড: জীৱন্ত শিশুক মৃত ঘোষণা

Last Updated :Nov 9, 2020, 10:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.