ETV Bharat / state

চিকিৎসালয়ৰ আজৱ কাণ্ড: জীৱন্ত শিশুক মৃত ঘোষণা

author img

By

Published : Nov 8, 2020, 8:47 PM IST

ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত চাঞ্চল্যকৰ ঘটনা ৷ জীৱন্ত শিশুক মৃত ঘোষণা চিকিৎসালয় কৰ্তৃপক্ষৰ ৷

live child annouced death in dibrugarh assam etv bharat news
জীৱন্ত শিশুক মৃত ঘোষণা

ডিব্ৰুগড়,8 নৱেম্বৰ: ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ জীৱন্ত শিশুক মৃত ঘোষণা চিকিৎসালয় কৰ্তৃপক্ষৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মটক চাহ বাগিচাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ এটি দুমহীয়া শিশুৱে মাতৃ দুগ্ধ পান কৰা সময়তে দুৰ্ভাগ্যবশতঃ শিশুটিৰ মুখেৰে দুগ্ধ ওলাই আহে ৷ শিশুটিৰ এনে পৰিস্থিতি দেখি অভিভাৱকে শিশুটিক চাহ বাগিচাতে থকা চিকিৎসালয়লৈ নিয়ে ৷ বাগানৰ চিকিৎসা কেন্দ্ৰত চিকিৎসক অনুপস্থিত থকাত কম্পাউণ্ডাৰে শিশুটিক মৃত ঘোষণা কৰি ঘৰলৈ ওভোতাই পঠিয়ায় ৷ উপায়বিহীন অভিভাৱকে শিশুটিক ঘৰলৈ লৈ আনে ৷ ইয়াৰে প্ৰায় 4 ঘণ্টা পিছত শিশুটিয়ে হাত-ভৰি লৰচৰ কৰাত শিশুটিক পুনৰ দুগ্ধপান কৰাবলৈ যত্ন কৰে মাতৃয়ে ৷

জীৱন্ত শিশুক মৃত ঘোষণা চিকিৎসালয়ৰ

পৰৱৰ্তী সময়ত শিশুটিক পুনৰ চিকিৎসালয়লৈ নিয়ে পিতৃ-মাতৃয়ে ৷ একেখন চিকিৎসালয়ৰে এগৰাকী নাৰ্চে শিশুটি পৰীক্ষা কৰি জীৱিত বুলি ঘোষণা কৰি ততালিকে শিশুটিক উন্নত চিকিৎসাৰ বাবদ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ৷ কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ কিছুসময় পিছতে শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে ৷ প্ৰকৃতাৰ্থত চিকিৎসকৰ হেমাহিৰ বাবে শিশুটিয়ে মৃত্যুবৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকে ৷ শিশুটিৰ মৃত্যুৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে একাংশ স্থানীয় ৰাইজ ৷ এই ঘটনাই চাহ বাগিচা অঞ্চলত চিকিৎসা সেৱাৰ প্ৰকৃত স্বৰূপটোকে উদঙাই দিছে ৷

লগতে চাওকঃ ৰাইজৰ দল আৰু এজেপিক ঐক্যবদ্ধ হোৱাৰ আহ্বান কৃষক নেতা ধৈৰ্য কোঁৱৰৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.