ETV Bharat / city

টিংখাঙত 9 বছৰীয়া শিশুক অপৰহণ

author img

By

Published : Dec 1, 2019, 10:53 AM IST

সন্তোষ দৰ্জীৰ পুত্ৰ বগাধৰ দৰ্জী
টিংখাঙত 9 বছৰীয়া শিশুক অপৰহণ

টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত শিশু অপহৰণৰ ঘটনা ৷ 12 দিন উকলি যোৱাৰ পাচতো শুংসূত্ৰ নাই অপহৃত শিশুটিৰ ৷

টিংখাং, 1 ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাৰ পৰা এটি শিশুক অপহৰণ কৰি নিয়াৰ ঘটনাৰ পাচতে বাগিচাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে । 12 দিন উকলি যোৱাৰ পাচতো অপহৃত শিশুটিৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ বাগিচাখনৰ ফেক্টৰী লাইনৰ সন্তোষ দৰ্জীৰ ৯ বছৰীয়া পুত্ৰ বগাধৰ দৰ্জীক কোনো অচিনাকী যুৱকে যোৱা ১৯ নৱেম্বৰত ঘৰৰ পৰাই অপহৰণ কৰি নিয়ে ।

টিংখাঙত 9 বছৰীয়া শিশুক অপৰহণ

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ১৮ নৱেম্বৰত এজন অচিনাকী আদিবাসী যুৱকক নিশাটোৰ বাবে নিজ বাসগৃহত আশ্ৰয় দিছিল শ্ৰমিক সন্তোষ দৰ্জীয়ে । ইয়াৰে সুযোগ লৈ পিছদিনা পুৱা ভাগত প্ৰায় ৯ বজাত দিকচম বাগিচাৰ পৰা আহিম বুলি কৈ সন্তোষৰ নতুন বাইচাইকেলসহ পুত্ৰ বগাধৰ দৰ্জীক লগত লৈ যায় । সন্ধিয়ালৈকে যুৱকজন ঘূৰি নহাত পৰিয়ালৰ লোকে সকলোতে খা-খবৰ কৰিও কোনো শুংসূত্ৰ লাভ নকৰিলে । ইতিমধ্যে পৰিয়ালটোৱে বামুনবাৰী আৰক্ষী চকীত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়েও অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো সম্ভেদ লাভ কৰা নাই । শিশু অপহৰণকাৰী ঘটনাৰ সৈতে এক দুষ্ট চক্ৰ অঞ্চলটোত পিয়াপি দি আছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

আৰু পঢ়ক : আমগুৰিত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ

Intro:টিংখাঙৰ ঔফুলীয়াত অচিনাক্ত যুৱকে অপহৰণ কৰিলে শিশুক ।

Body:V. O- ডিব্ৰুগড় টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাৰ পৰা শিশুক অপহৰণ কৰি নিয়াত লৈ বাগিচাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। বাগিচাখনৰ ফেক্টৰী লাইনৰ সন্তোষ দৰ্জীৰ ৯ বছৰীয়া পুত্র বগাধৰ দৰ্জীক কোনো অচিনাকী যুৱকে যোৱা ১৯ নৱেম্বৰত ঘৰৰ পৰাই অপহৰণ কৰে । যোৱা ১৮ নৱেম্বৰত এজন অচিনাকী আদিবাসী যুৱকক নিশাটো কটাবলৈ আশ্ৰয় দিছিল সহজ- সৰল শ্ৰমিক সন্তোষ দৰ্জীয়ে । ইয়াৰে সুযোগ লৈ পিছদিনা পুৱা ভাগত প্ৰায় ৯ বজাত দিকচম বাগিচাৰ পৰা আহিম বুলি কয় সন্তোষৰ নতুন বাইচাইকেল সহ পুত্ৰ বগাধৰ দৰ্জীক লগত লৈ যায় । সন্ধিয়া লৈকে যুৱকজন ঘুৰি নহাত পৰিয়ালৰ লোকে সকলোতে খা- খবৰ কৰিও আজি ১২ দিনে কোনো শুংসূত্ৰ পোৱা নাই । ইতিমধ্যে বামুনবাৰী আৰক্ষী চকীত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে । এজাহাৰৰ ভিত্তিত আৰক্ষীও অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো সম্ভেদ পোৱা নাই । শিশু অপহৰণকাৰী ঘটনাত এক দুষ্ট চক্ৰ অঞ্চলটো পিয়াপি দি আছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

Byte-পিতৃ,স্হানীয় লোক।

দীপক গগৈ, টিংখাংConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.