ETV Bharat / city

আমগুৰিত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ

author img

By

Published : Dec 1, 2019, 10:03 AM IST

আমগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰিলে অমিত শ্বাহৰ প্ৰতিমূৰ্তি ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীৰে এই কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী
আমগুৰিত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ

আমগুৰি, 1 ডিচেম্বৰঃ শিৱসাগৰ জিলাৰ আমগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিজেপিৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায় । প্ৰতিবাদকাৰীসকলে গৃহমন্ত্ৰী অমিত শ্বাহ হুচিয়াৰ, অমিত শ্বাহ গ' বেক, হিমন্ত বিশ্ব শৰ্মা গ' বেক, হিমন্ত বিশ্ব হায় হায়, সৰ্বানন্দ সোণোৱাল মুর্দাবাদ, হিমন্ত বিশ্বই চতুৰামিৰে জাতীয় দল সংগঠনসমূহৰ মাজত ভাগ ভাগ কৰি এই জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনক মষিমূৰ কৰাৰ চেষ্টা বন্ধ কৰক, অমিত শ্বাহৰ দম আছে যদি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত যুক্তি তৰ্কত বহক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

আমগুৰিত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ

প্ৰতিবাদস্থলীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ সভাপতি ঋতুমণি হাজৰিকা, কাৰ্যকৰী সভাপতি পল্লৱ শইকীয়া, আমগুৰি আঞ্চলিক সমিতিৰ সভাপতি ৰবীন হাজৰিকা, কাৰ্যকৰী সভাপতি ৰণ্টু শইকীয়া, সম্পাদক প্ৰীতম বৰুৱাৰ লগতে অভি গগৈ, প্ৰণৱ বৰুৱা, অংকুৰ ফুকন উপস্থিত থাকে । কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিজন সদস্য জীয়াই থকালৈকে এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি বিজেপি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷ অসমৰ জাতীয় দল-সংগঠনসমূহক বিভিন্ন প্ৰলোভন দেখুৱাই বিপথে পৰিচালিত নকৰিবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহকো সকীয়াই দিয়ে ।

আৰু পঢ়ক : মহানগৰীত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ শুভাৰম্ভণী

Intro:Body:আমগুৰিত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ ছাত্ৰ মুক্তিৰ
………………………………………………………
আমগুৰি ৩০ নৱেম্বৰ:

শিৱসাগৰ জিলাৰ আমগুৰিত ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিয়ে বি জে পিৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে গৃহমন্ত্ৰী অমিত শ্বাহ সূচীয়াৰ, অমিত শ্বাহ গ বেক, হিমন্ত বিশ্ব গ বেক, হিমন্ত বিশ্ব হায় হায়, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ , হিমন্ত বিশ্বই চতুৰামিৰে জাতীয় দল সংগঠন সমূহৰ মাজত ভাগ ভাগ কৰি এই জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম খনক মষিমূৰ কৰাৰ চেষ্ঠা বন্ধ কৰক , অমিত শ্বাহৰ দম আছে যদি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত যুক্তি তৰ্কত বহক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ স্থলীত শিৱসাগৰ জিলাৰ সভাপতি ঋতুমণি হাজৰিকা, কাৰ্য্যকৰী সভাপতি পল্লব শইকীয়া, আমগুৰি আঞ্চলিকৰ সভাপতি ৰবীন হাজৰিকা, কাৰ্য্যকৰি সভাপতি ৰণ্টু শইকীয়া, সম্পাদক প্ৰীতম বৰুৱা লগতে অভি গগৈ,প্ৰণৱ বৰুৱা, অংকুৰ ফুকন উপস্থিত থাকে। প্ৰতিবাদকাৰী সকলে কৃষক মুক্তি আৰু ছাত্ৰমুক্তিৰ প্ৰতিজন সদস্যৰ জীয়াই থকালৈকে এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি বি জে পি চৰকাৰক সকীয়াই দিয়ে লগতে অসমৰ জাতীয় দল সংগঠন সমূহক বিভিন্ন প্ৰলোভন দেখুৱাই বিপথে পৰিচালিত নকৰিবলৈ হিমন্ত বিশ্ব আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহকো সকীয়াই দিয়ে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.