ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 21, 2022, 7:01 PM IST

news-at-7
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Durand Cup Football: গুৱাহাটীত অনুষ্ঠিত হ'ব ডুৰাণ্ড কাপ ফুটবল

গুৱাহাটীত ডুৰাণ্ড কাপৰ তিনিটা ট্ৰফী উন্মোচন (Three Durand Cup trophies unveils in Guwahati)। উদ্বোধনী খেলখন ১৭ আগষ্টত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । গুৱাহাটী আৰু ইম্ফলত অনুষ্ঠিত হ'ব গ্রুপ 'চি 'আৰু গ্ৰুপ 'ডি'ৰ ১০খনকৈ খেল । গুৱাহাটীত খেলসমূহ ১৭ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈকে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

Barshashree Buragohain Granted Bail: মই কথা দিছো মুখ্যমন্ত্ৰী মহোদয়ক, বৰ্ষাশ্ৰীৰ দায়িত্ব আমি লৈছো- মাতৃ

"মোৰ ছোৱালীয়ে তেনেকুৱা ভুল কৰা নাই আৰু ভৱিষ্যতলৈও নকৰে ৷ এইক্ষেত্ৰত আমি তাইক আমি বুজাম ৷ তাই যাতে আগলৈ তেনেকুৱা ভুল নকৰে সেইক্ষেত্ৰত আমি পিতৃ-মাতৃয়ে সম্পূৰ্ণ দায়িত্ব বহন কৰিছো ৷ তাই সৰু ছোৱালী, তাই বুজিব, আমি বুজাম ৷" সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ বৰ্ষাশ্ৰীৰ মাতৃৰ (Father Mother reacts to the media) ৷

Dipling Tea Garden lease : ডিপ্লিং চাহ বাগিচাত জ্বলিল অসম চাহ নিগমৰ উপাধ্যক্ষৰ প্ৰতিকৃতি

অসম চাহ নিগমৰ উপাধ্যক্ষ শিৱ ভদ্ৰাৰ প্ৰতিকৃতি জ্বলিল চৰাইদেউৰ ডিপ্লিং চাহ বাগিচাত (Assam Tea Corporation vice president Shiv Bhadra effigy burnt) । ডিপ্লিং চাহ বাগিচাক লীজত দিয়াৰ বিৰোধিতা অসম চাহ কৰ্মচাৰী সংঘৰ (Assam Tea Workers Union opposes dipling garden lease)। ভৱিষ্যনিধিৰ ধনৰ লগতে আনুষাংগিক সুবিধাসমূহ পূৰণৰ দাবী ।

Crime against women in Tripura: ত্ৰিপুৰাত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা

ত্ৰিপুৰাত বৃদ্ধি হৈ অহা নাৰীজনিত অপৰাধ ঘটনা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সমিতি চমুকৈ AIDWA ৰ ৷ BJP-IPFT য়ে ৰাজ্যত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা মাত্ৰাধিক হাৰত নাৰী অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন সংগঠনটোৰ ৷ অনাগত দিনবোৰত নাৰীজনিত অপৰাধৰ ঘটনাৰ সংখ্যা হ্ৰাস নাপালে চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সকীয়নি চৰকাৰলৈ ৷

Water supply in Guwahati: এমাহৰ ভিতৰত কেন্দ্ৰীয় গুৱাহাটীৰ ৰাইজক পানী খুৱাব জাইকাই

কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত পানী যোগান ধৰাৰ অনলাইন আবেদনৰ বাবে ৱেব চাইট মুকলি কৰি দিছপুৰৰ জনতা ভৱনৰ পৰা বৃহস্পতিবাৰে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে মন্তব্য কৰে । তেওঁ জনাই ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটীৰ সকলো মানুহক খোৱাপানী যোগান ধৰা হ’ব (Jal Board to commission SC water project soon in Guwahat) ।

Presidential Election : ৰাষ্ট্রপতি নির্বাচনৰ জনা-নজনা কিছু কথা

দেশৰ ষোড়শতম ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হয় ১৮ জুলাইত (Presidential election held on 18th july) । আনহাতে, বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গণনা । এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মূল প্রতিদ্বন্দ্বিতা হৈছে বিজেপি নেতৃত্বাধীন এনডিএ জোঁটৰ প্রার্থী দ্রৌপদী মুর্মু আৰু কংগ্রেছ, তৃণমূলসহ বিৰোধী শিবিৰৰ যশaৱন্ত সিনহাৰ মাজত (Presidential candidate Draupadi Murmu and Yashwant Sinha) ।

লেডাৰ পেণ্ট আৰু ব্ৰা-কাট ক্ৰপ টপত মৌনীৰ Bold ফটোশ্বুট

লেডাৰ পেণ্ট আৰু ক্ৰপ টপত মৌনীৰ গ্লেমাৰাছ লুক দেখিবলৈ পোৱা গৈছে ৷ চাওক ফটো-

R Madhavan new film : OTT ত মুক্তি পাব আৰ মাধৱনৰ ‘ৰকেটৰী: দ্য নাম্বি ইফেক্ট’

ছবিগৃহত সফলতা লাভ কৰাৰ পিছত আৰ মাধৱনৰ শেহতীয়া ছবি ‘ৰকেটৰী: দ্য নাম্বি ইফেক্ট’ অ’টিটি প্লেটফৰ্মত মুক্তিৰ বাবে সাজু হৈছে (R Madhavan latest news)।

হৃত্বিক-ৰণবীৰৰ যুটিৰে ৰূপালী পৰ্দা পালেগৈ ৰামায়ণ

প্ৰথমবাৰৰ বাবে একেখন ছবিত দেখিবলৈ পোৱা যাব বলীউডৰ দুগৰাকী শক্তিশালী তাৰকাক । পৰিচালক নিতেশ তিৱাৰীয়ে ৰামায়ণক তুলি ধৰিব বিচাৰিছে ডাঙৰ পৰ্দাত । ৰামায়ণৰ মূল চৰিত্ৰৰ বাবে তেওঁৰ পছন্দ হ’ল হৃত্বিক ৰোশন আৰু ৰণবীৰ কাপুৰ (Hrithik latest news) ।

Bangladesh invite Assam CM: ড৹ হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ আমন্ত্ৰণ

বাংলাদেশে অসমৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক ঢাকা ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে (Bangladesh invite assam CM DR Himanta Biswa Sarma)। মুখ্যমন্ত্ৰী কাৰ্যালয়ে সদৰি কৰিছে এই কথা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.