ETV Bharat / entertainment

R Madhavan new film : OTT ত মুক্তি পাব আৰ মাধৱনৰ ‘ৰকেটৰী: দ্য নাম্বি ইফেক্ট’

author img

By

Published : Jul 21, 2022, 4:37 PM IST

Updated : Dec 23, 2022, 4:55 PM IST

ছবিগৃহত সফলতা লাভ কৰাৰ পিছত আৰ মাধৱনৰ শেহতীয়া ছবি ‘ৰকেটৰী: দ্য নাম্বি ইফেক্ট’ অ’টিটি প্লেটফৰ্মত মুক্তিৰ বাবে সাজু হৈছে (R Madhavan latest news)।

R. Madhavan
আৰ মাধৱনৰ ‘ৰকেটৰী’ ছবিখন অ’টিটিত মুক্তিৰ দিশে আগবাঢ়িছে

  • " class="align-text-top noRightClick twitterSection" data="">

চিটাৰা ডেস্ক, 21 জুলাই : ছবিগৃহৰ পিছত এতিয়া অ’টিটিলৈ স্থানান্তৰিত হৈছে আৰ মাধৱনৰ শেহতীয়া ছবি ‘ৰকেটৰী: দ্য নাম্বি ইফেক্ট’ (R Madhavan latest movie) । ১ জুনত মুক্তি পোৱা ছবিখন এতিয়া ২৬ জুলাইত আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পাব । এই আপডেট শ্বেয়াৰ কৰি মাধৱনে ইনষ্টাগ্ৰামত লিখিছে, “হপ অন ফৰ এ স্পেচ এডভেঞ্চাৰ #RocketryOnPrime, ২৬ জুলাই” ।

মাধৱনৰ নেতৃত্বত নিৰ্মিত এই ছবিখনত বিজ্ঞানী নাম্বী নাৰায়ণনৰ মুখ্য চৰিত্ৰত মাধৱনেই অভিনয় কৰিছে (R Madhavan new film) । ভাৰত, ফ্ৰান্স, কানাডা, জৰ্জিয়া আৰু ছেৰ্বিয়াত ছবিখনৰ শ্বুটিং কৰা হৈছিল । ছবিখনত শ্বাহৰুখ খান আৰু সূৰ্যাই কেমিঅ’ৰ চৰিত্ৰত ৰূপায়ন কৰিছে । ছুপাৰষ্টাৰসকলৰ কেমিঅ’ ৰোলৰ কথা কওঁতে মাধৱনে প্ৰকাশ কৰে যে তেওঁলোকে ছবিখনত কাম কৰাৰ বাবদ এটকাও লোৱা নাছিল ।

"দুয়োজনে (শ্বাহৰুখ খান আৰু সূৰ্যা) ছবিখনত কৰা কামৰ বাবে এটকাও লোৱা নাছিল । কাৰাভান, সাজ-পোছাক, সহায়কৰ বাবে তেওঁলোকে একো বিচৰা নাছিল। আনকি সূৰ্যাই নিজৰ টকাৰে নিজাববীয়াকৈয়ে উৰা মাৰিছিল মুম্বাইলৈ নিজৰ ক্ৰুৰ সৈতে শ্বুটিং কৰিবলৈ ৷

তেওঁ ফ্লাইটৰ বাবে আৰু তামিল ভাষাত তেওঁৰ সংলাপ অনুবাদ কৰা লেখকৰ বাবেও পইচা বিচৰা নাছিল । ইণ্ডাষ্ট্ৰীত বহুত ভাল মানুহ আছে । মই এজন বাহিৰৰ মানুহ আৰু মোৰ কেৰিয়াৰত কেইবাজনো এনে মানুহক লগ পাইছো যিয়ে মোক সম্পূৰ্ণ হৃদয়েৰে সহায় কৰিছে । মোৰ কেৱল এটা অনুৰোধতে অমিত জী (অমিতাভ বচ্চন) আৰু প্ৰিয়ংকা চোপ্ৰাই টুইট কৰে (চলচ্চিত্ৰখনৰ প্ৰতি তেওঁলোকৰ সমৰ্থন দেখুৱাবলৈ) ।

তেওঁলোকৰ মৰম আৰু সন্মানৰ বাবে মই কৃতজ্ঞ", মাধৱনে এইদৰে মনৰ ভাৱ শ্বেয়াৰ কৰিছিল । হিন্দী, ইংৰাজী, তামিল, তেলেগু, মালয়ালম, কানাড়া এই ছটা ভাষাত মুক্তি লাভ কৰিছিল ‘ৰকেটৰী’য়ে (R Madhavan news) ।

লগতে পঢ়ক: Liger trailer Hindi: মুক্তি পালে বহু প্ৰতিক্ষীত ছবি Liger ৰ ট্ৰেইলাৰ

Last Updated : Dec 23, 2022, 4:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.