ETV Bharat / state

Dipling Tea Garden lease : ডিপ্লিং চাহ বাগিচাত জ্বলিল অসম চাহ নিগমৰ উপাধ্যক্ষৰ প্ৰতিকৃতি

author img

By

Published : Jul 21, 2022, 6:31 PM IST

অসম চাহ নিগমৰ উপাধ্যক্ষ শিৱ ভদ্ৰাৰ প্ৰতিকৃতি জ্বলিল চৰাইদেউৰ ডিপ্লিং চাহ বাগিচাত (Assam Tea Corporation vice president Shiv Bhadra effigy burnt) । ডিপ্লিং চাহ বাগিচাক লীজত দিয়াৰ বিৰোধিতা অসম চাহ কৰ্মচাৰী সংঘৰ (Assam Tea Workers Union opposes dipling garden lease)। ভৱিষ্যনিধিৰ ধনৰ লগতে আনুষাংগিক সুবিধাসমূহ পূৰণৰ দাবী ।

Assam Tea Corporation vice president Shiv Bhadra effigy burnt
Assam Tea Corporation vice president Shiv Bhadra effigy burnt

মৰাণ, ২১ জুলাই : অসম চাহ নিগম লিমিটেডৰ (Assam Tea Corporation Limited) অধীনস্থ বহুকেইখন চাহ বাগিচাৰ লগতে চৰাইদেউ জিলাৰ ডিপ্লিং চাহ বাগিচাকো লীজত দিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম চাহ কৰ্মচাৰী সংঘই (Assam Tea Workers Union opposes dipling garden lease) ৷ প্ৰতিবছৰে চাহ নিগমৰ লোকচানৰ পৰিমাণ বাঢ়ি অহাত অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰা চাহ বাগিচাসমূহ লীজত দিয়াৰ বিৰোধিতাৰে আজি অসম চাহ কৰ্মচাৰী সংঘৰ ডিপ্লিং শাখাই প্ৰতিবাদ সাব্যস্ত কৰে (Protest against Dipling Tea Garden lease) ।

অসম চাহ নিগমৰ উপাধ্যক্ষ শিৱ ভদ্ৰাৰ প্ৰতিকৃতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সংঘই (Assam Tea Corporation vice president Shiv Bhadra) । মন কৰিবলগীয়া যে ডিপ্লিং চাহ বাগিচাৰ শ্ৰমিকসকলে ভৱিষ্যনিধিৰ ধনৰ লগতে আনুষাংগিক বহু সুবিধাৰ পৰা বঞ্চিত হৈ আছে দীৰ্ঘদিন ধৰি । ফলত এতিয়া অসম চাহ নিগমে বাগিচাখন লীজত দিবলৈ ওলোৱাত আশংকাৰ সন্মুখীন হৈছে শ্ৰমিকসকল ।

অসম চাহ নিগমৰ উপাধ্যক্ষৰ প্ৰতিমূৰ্তি জ্বলিল ডিপ্লিং চাহ বাগিচাত

ইয়াৰ পৰিপ্ৰেক্ষিতত অনাদায়কৃত ভৱিষ্যনিধিৰ ধন তথা আনুষংগিক ধন আদায় দিয়াৰ (Diplaning tea garden workers demandind PF money)পাছতহে বাগিচাখন লীজত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় শ্ৰমিকসকলে ।

লগতে পঢ়ক :Exclusive interview with Kurung Kurme DC: অৰুণাচলত অসমৰ 19 শ্ৰমিক সন্ধানহীন প্ৰসংগ: জিলা উপায়ুক্তৰে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.