ETV Bharat / entertainment

হৃত্বিক-ৰণবীৰৰ যুটিৰে ৰূপালী পৰ্দা পালেগৈ ৰামায়ণ

author img

By

Published : Jul 21, 2022, 5:31 PM IST

প্ৰথমবাৰৰ বাবে একেখন ছবিত দেখিবলৈ পোৱা যাব বলীউডৰ দুগৰাকী শক্তিশালী তাৰকাক । পৰিচালক নিতেশ তিৱাৰীয়ে ৰামায়ণক তুলি ধৰিব বিচাৰিছে ডাঙৰ পৰ্দাত । ৰামায়ণৰ মূল চৰিত্ৰৰ বাবে তেওঁৰ পছন্দ হ’ল হৃত্বিক ৰোশন আৰু ৰণবীৰ কাপুৰ (Hrithik latest news) ।

Nitesh Tiwari
হৃত্বিক ৰণবীৰৰ যুটিৰে ৰূপালী পৰ্দা পালেগৈ ৰামায়ণ

চিটাৰা ডেস্ক, 21 জুলাই : আমিৰ খান অভিনীত ছবি ‘দংগল’ নিৰ্মাণ কৰা পৰিচালক নিতেশ তিৱাৰীয়ে পুনৰ এবাৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে এখন বিগবাজেটৰ ছবি ৷ সংবাদ মাধ্যমৰ মতে, এইবাৰ নিতেশে ৰূপালী পৰ্দালৈ আনিব বিচাৰিছে ৰামায়ণৰ কাহিনী । দৰ্শকৰ বাবে আন এক ডাঙৰ খবৰ হ’ল যে ছবিখনত একেলগে দেখিবলৈ পোৱা যাব হৃত্বিক ৰোশন আৰু ৰণবীৰ কাপুৰক ৷

উল্লেখযোগ্য যে, ৰামানন্দ সাগৰৰ নিৰ্মিত ৰামায়ণে এতিয়ালৈকে সৰ্বাধিক শিৰোনাম লাভ কৰিছে । এই ছবিখন ৪০০ বা ৫০০ কোটি বাজেটৰ নহয়,বৰঞ্চ তাতোতকৈয়ো অধিক মেগা বাজেটত প্ৰস্তুত কৰা হ’ব ছবিখন ৷ ষ্টাইলিছ অভিনেতা হৃত্বিক ৰোশন আৰু দেখনীয়াৰ অভিনেতা ৰণবীৰ কাপুৰক একেলগে এখন ছবিত দেখিবলৈ পোৱা যাব ।

কিমান কোটিত নিৰ্মাণ হ’ব ছবিখন

এই ছবিখনত ৰণবীৰে ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে হৃতিকে অভিনয় কৰিব ৰাৱণৰ চৰিত্ৰত (Ranbir kapoor latest news)। যদিও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, কিন্তু সংবাদ মাধ্যমৰ মতে, ছবিখনৰ বাজেট ৭০০ কোটিতকৈয়ো অধিক বুলি জানিব পৰা গৈছে ।

কোন হ’ব সীতা

এতিয়া ছবিখনৰ সীতাৰ চৰিত্ৰটোৰ বাবে সন্ধান চলাই থকা হৈছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে যোগাযোগ কৰা হৈছে । অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো নিশ্চিতকৰণ হোৱা নাই ।

ৰণবীৰ আৰু হৃতিক বৰ্তমান নিজ নিজ ছবিক লৈ ব্যস্ত হৈ আছে ৷ বিক্ৰম বেধা ছবিখনক লৈ ব্যস্ত হৈ আছে হৃতিক ৰোশন (Hrithik upcoming projects) । একে সময়তে ৰণবীৰ কাপুৰে তেওঁৰ ছবি ‘শ্বমছেৰা’ৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে । ২২ জুলাইত সমগ্ৰ বিশ্বৰ চিনেমা হলত মুক্তি পাব ছবিখনে (Ranbir kapoor new film)।

লগতে পঢ়ক : পুনৰ মাতৃ হ’বলৈ আগবঢ়িছে নেকি কৰীণা কাপুৰ খান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.