ETV Bharat / bharat

Crime against women in Tripura: ত্ৰিপুৰাত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা

author img

By

Published : Jul 21, 2022, 6:13 PM IST

ত্ৰিপুৰাত বৃদ্ধি হৈ অহা নাৰীজনিত অপৰাধ ঘটনা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সমিতি চমুকৈ AIDWA ৰ ৷ BJP-IPFT য়ে ৰাজ্যত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা মাত্ৰাধিক হাৰত নাৰী অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন সংগঠনটোৰ ৷ অনাগত দিনবোৰত নাৰীজনিত অপৰাধৰ ঘটনাৰ সংখ্যা হ্ৰাস নাপালে চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সকীয়নি চৰকাৰলৈ ৷

CPIM women wing alleges rise in crime against women in Tripura
নাৰী অপৰাধজনিত ঘটনা সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত AIDWA ৰ

নিউজ ডেস্ক, 21 জুলাই : ত্ৰিপুৰাত বৃদ্ধি হৈ অহা নাৰীজনিত অপৰাধৰ ঘটনা সন্দৰ্ভত উদ্বিগ্নতা ব্যক্ত কৰিছে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়াৰ মহিলা গোট সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সমিতিয়ে(Crimes against women)৷ 2018 বৰ্ষত ৰাজ্যখনৰ শাসনৰ বাঘজৰী ভাৰতীয় জনতা পাৰ্টীৰ হাতলৈ অহাৰ পিছতে ৰাজ্যখনত নাৰীজনিত অপৰাধৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি পোৱাৰ কথা এক প্ৰেছ কনফাৰেঞ্চ যোগে ঘোষণা কৰে সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সমিতিয়ে (Crimes against women in Tripura) ৷

সংগঠনটোৱে আজি ৰাতিপুৱাৰ ভাগত আয়োজন কৰা সংবাদমেলখনত সংগঠনটোৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন সাংসদ ঝৰ্ণা দাস বৈদ্য উপস্থিত থাকে ৷ বৈদ্যই কয়, 2018 বৰ্ষত BJP-IPFT য়ে ৰাজ্যত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা মাত্ৰাধিক হাৰত বৃদ্ধি পাইছে ধৰ্ষণ, দলৱদ্ধ ধৰ্ষণ, শাৰিৰীক নিৰ্যাতন আৰু অপহৰণৰ দৰে ঘটনা ৷ তদ্ৰুপ পৰিস্থিতি ঘৰ এখনৰ আভ্যন্তৰটো সৃষ্টি হৈছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে প্ৰাক্তন সাংসদগৰাকীয়ে (CPIM leader concerned over rising crimes against women) ৷

বিষয়টো সন্দৰ্ভত ইতিমধ্যে সংগঠনটোয়ে সংশ্লিষ্ট আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে যদিও অপৰাধ হ্ৰাস পোৱা নাই বুলি প্ৰেছ কনফাৰেঞ্চখনত উল্লেখ কৰে ৷ অনাগত দিনবোৰত নাৰীজনিত অপৰাধৰ ঘটনাৰ সংখ্যা হ্ৰাস নাপালে চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰলৈ সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক: Rangia child kidnap update : উদ্ধাৰ হ’ল ৰঙিয়াৰ অপহৃত ৰিম্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.