ETV Bharat / city

কুৰ্বানিক কেন্দ্ৰ কৰি ক’তো বিতৰ্ক হোৱা নাই: কেশৱ মহন্ত

author img

By

Published : Jul 9, 2022, 8:28 AM IST

minister-keshab-mahanta-reacts-on-kurbani-in-eid-ul-adha
কুৰ্বানি লৈ ক’তো বিতৰ্ক হোৱা নাই: কেশৱ মহন্ত

শুকুৰবাৰে ধুবুৰী মেডিকেল কলেজৰ কামকাজৰ বুজ ল’বলৈ গৈ মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta visited Dhubri Medical College) এই ঈদৰ প্ৰাক <ক্ষণত কুৰ্বানিক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত এয়া সংবাদ মাধ্যমৰহে সৃষ্টি বুলি উল্লেখ কৰে ৷ কুৰ্বানিক লৈ ক’তো বিতৰ্ক হোৱা নাই বুলি মন্তব্য কৰি চৰকাৰী আইন মতেই কুৰ্বানি হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

ধুবুৰী, 9 জুলাই: কাইলৈ ইছলামধৰ্মী ৰাইজৰ ঈদ-উল-আজহা বা বকৰি ঈদ ৷ এই ঈদৰ প্ৰাকক্ষণতে গো-মাংসৰ ওপৰত চৰকাৰে প্ৰত্যক্ষভাৱে অনা নিষেধাজ্ঞাই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Assam govt issued directives on sacrifice of Eid-ul-Adha)। বিজেপি নেতৃত্বাধীন চৰকাৰখনে ইছলামধৰ্মী লোকসকলৰ বকৰি ঈদৰ কুৰ্বানিৰ (Kurbani In Eid-Ul-Adha)ওপৰত হস্তক্ষেপ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

কুৰ্বানি লৈ ক’তো বিতৰ্ক হোৱা নাই: কেশৱ মহন্ত

তাৰ মাজতে কেইদিনমান পূৰ্বে মৌলানা বদৰুদ্দিন আজমলে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই গো মাংস খোৱা বুলি এক অভিযোগ উত্থাপন কৰিছিল (Badruddin Ajmal alleged that Kamalakhya Dey Purkayastha ate beef) ৷ যাৰ বিৰুদ্ধে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই শুকুৰবাৰে কৰিমগঞ্জ সদৰ আৰক্ষী থানাত আজমলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ৷

শুকুৰবাৰে ধুবুৰী মেডিকেল কলেজৰ কামকাজৰ বুজ ল’বলৈ গৈ মন্ত্ৰী কেশৱ মহন্তই এই ঈদৰ প্ৰাকক্ষণত কুৰ্বানিক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত এয়া সংবাদ মাধ্যমৰহে সৃষ্টি বুলি উল্লেখ কৰে (Minister Keshab Mahanta reacts on Kurbani In Eid-Ul-Adha ) ৷ লগতে কুৰ্বানিক লৈ ক’তো বিতৰ্ক হোৱা নাই বুলি মন্তব্য কৰি চৰকাৰী আইন মতেই কুৰ্বানি হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

ইপিনে, ধুবুৰী মেডিকেল কলেজৰ কামকাজৰ অগ্ৰগতিৰ বুজ লৈ শীঘ্ৰেই কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ’ব বুলি মন্তব্য কৰে মহন্তই (Dhubri Medical College courses will start soon) ৷ মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ সকলো বিভাগৰ কাম-কাজৰ বুজ লোৱাৰ পিছতেই ৰাষ্ট্ৰীয় মেডিকেল কাউঞ্চিলৰ যিখিনি বিধি নিয়ম আছিল সেইখিনি পূৰ্ণ হৈছে বুলি মন্তব্য কৰে ।

লগতে ৰাষ্ট্ৰীয় মেডিকেল কাউঞ্চিলে (National Medical Council) বিচৰা মতে মেডিকেল কলেজৰ সকলো বিভাগৰ কাম সম্পন্ন হোৱাৰ বিপৰীতে ইতিমধ্যে মেডিকেল কলেজৰ বহিঃ বিভাগ আৰম্ভ হৈছে আৰু এই বছৰতেই পাঠ্যক্ৰম আৰম্ভ হ’ব বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: FIR against Badruddin Ajmal: বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ গোচৰFIR against Badruddin Ajmal: বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.