ETV Bharat / business

Home Loan: গৃহ ঋণৰ অত্যধিক সুতৰ বোজা কমাবলৈ কিছু পৰামৰ্শ

author img

By

Published : Oct 19, 2022, 3:17 PM IST

গৃহ ঋণৰ ওপৰত সুতৰ হাৰৰ বোজা অসহনীয় স্তৰলৈ বৃদ্ধি পাইছে (interest rate on home loan) । নিৰ্ধাৰিত সময়ৰ পূৰ্বে দীৰ্ঘম্যাদী ঋণ পৰিশোধ কৰাটো সৰ্বশ্ৰেষ্ঠ বিকল্প । তদুপৰি, ক্ষুদ্ৰ সঞ্চয় আৰু কম সুতত ৰখা বেঙ্ক জমাবোৰ যিমান সম্ভৱ সোনকালে দীৰ্ঘম্যাদী ঋণ পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে । বৰ্ধিত সুতৰ হাৰৰ বৰ্ধিত বোজাৰ পৰা ৰক্ষা পাবলৈ প্ৰতি বছৰে কমেও চাৰিটা অতিৰিক্ত ইএমআই পৰিশোধ কৰিব লাগে ।

Home Loan
Home Loan

নিউজ ডেস্ক, ১৯ অক্টোবৰ : যিহেতু দীৰ্ঘম্যাদী গৃহ ঋণৰ ওপৰত সুতৰ হাৰৰ বোজা বৃদ্ধি হৈ আছে, মানুহে ইএমআইৰ পৰিমাণ হ্ৰাস কৰি ঋণৰ ম্যাদ বৃদ্ধি কৰাৰ দৰে হ্ৰস্বম্যাদী সকাহ পাবলৈ উপায় বিচাৰে (EMI amount and increasing loan term) । কিন্তু এনে পদক্ষেপৰ ফলত দীৰ্ঘম্যাদী সময়ত অধিক ধন হেৰুৱাব লাগে । ইয়াৰ পৰিৱৰ্তে ঋণ লওঁতাই তেওঁলোকৰ বিত্তীয় পৰিমাণ পুনৰ সংগঠিত কৰিব লাগে আৰু তেওঁলোকৰ ম্যাদতকৈ আগতে গৃহ ঋণ (home loan) পৰিশোধ কৰিবলৈ ক্ষুদ্ৰ সঞ্চয় (small savings) আৰু কম সুত প্ৰদান কৰা বেংক জমা ঋণ পৰিশোধৰ বিকল্পলৈ পৰিৱৰ্তন কৰিব লাগে ।

বৰ্ধিত সুতৰ হাৰ আৰু ৰেপো ৰেট (interest rates and repo rate) কম সময়ৰ ভিতৰত চাৰিগুণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ঋণ পৰিশোধৰ বোজা দিনক দিনে বাঢ়ি আহিছে । মুদ্ৰাস্ফীতি 6 শতাংশৰ লক্ষ্যসীমাতকৈ ওপৰলৈ বৃদ্ধি হৈছে, যিয়ে সুতৰ হাৰ বৃদ্ধি অব্যাহত ৰখাৰ ইঙ্গিত দিয়ে । যদি মানুহে আগতীয়াকৈ পৰিকল্পনা নকৰে, তেন্তে তেওঁলোকে অৱসৰৰ পিছতো ঋণ পৰিশোধৰ বোজা বহন কৰিব লাগিব ।

গৃহ ঋণৰ অৰ্থ হৈছে 15 ৰ পৰা 20 বছৰতকৈ অধিক সময়ৰ বাবে এক দীৰ্ঘম্যাদী সুতৰ বোজা, ঋণৰ সময়ছোৱাত যাৰ সুতৰ হাৰ বৃদ্ধি বা হ্ৰাস হৈ থাকে । আজিকালি বৰ্ধিত সুতৰ হাৰৰ বাবে ইএমআই (equated monthly installments) নতুন ঋণ লোৱাসকলৰ ওপৰত অধিক বোজা হৈ পৰিব । বিদ্যমান ঋণৰ ম্যাদ মাহ আৰু বছৰলৈ বৃদ্ধি হৈ থাকে । প্ৰাৰম্ভিক নিৰ্ধাৰিত ম্যাদৰ পূৰ্বে দীৰ্ঘম্যাদী ঋণ বন্ধ কৰাটো সদায়ে উত্তম ।

সাধাৰণতে মানুহে ইএমআই (EMI) পৰিশোধ কৰাৰ তেওঁলোকৰ বিদ্যমান ক্ষমতাৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনতকৈ অধিক ঋণ লয় । ই তাৎক্ষণিক বোজা নহ'ব পাৰে, কিন্তু সুতৰ হাৰ বৃদ্ধি হোৱাৰ লগে লগে সামগ্ৰিক পৰিশোধ বহুগুণে বৃদ্ধি হ'ব । এনে অপৰিকল্পিত উপায়েৰে ঋণ লোৱাৰ পৰিৱৰ্তে, প্ৰথমে তেওঁলোকৰ বিত্তীয় স্থিতিৰ স্পষ্ট অনুমান কৰিব লাগে । তেওঁলোকে হাতৰ ঋণ পৰিৱৰ্তন কৰিব লাগে আৰু লগতে কম সুতত জমা ৰখা ধন দীৰ্ঘম্যাদী ঋণ পৰিশোধ কৰাত ব্যৱহাৰ কৰিব লাগে য'ত অধিক সুত ভৰিব লাগে । কেৱল তেতিয়াহে গৃহ ঋণ এটা নিম্নতম প্ৰয়োজনীয় পৰিমাণলৈ লৈ যাব পাৰিব ।

এটা গুৰুত্বপূৰ্ণ কথা হ'ল ঋণ লওঁতাৰ মাহিলি উপাৰ্জন বৃদ্ধি হোৱাৰ পিছত ঋণৰ ম্যাদ হ্ৰাস কৰিবলৈ ইএমআই বৃদ্ধি কৰাটো । ইএমআই বাৰ্ষিক কমেও 5 শতাংশ বৃদ্ধি কৰিব লাগে যাতে ঋণটো ইয়াৰ নিৰ্ধাৰিত ম্যাদতকৈ আগতে বন্ধ কৰিব পাৰি । যিয়ে বৰ্ধিত সুতৰ বোজা হ্ৰাস কৰাত সহায় কৰিব । বোনাচ আৰু এনে ধৰণৰ অন্যান্য উপাৰ্জনবোৰ গৃহ ঋণ সোনকালে পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে ।

এতিয়ালৈকে সকলো বেঙ্কৰ দ্বাৰা প্ৰদান কৰা গৃহ ঋণৰ সুতৰ হাৰ প্ৰায় 8 ৰ পৰা 9 শতাংশলৈ আহিছে । আনহাতে, জমাবোৰে এনে হাৰ ক'তো লাভ কৰা নাই । সেয়েহে কম সুতত ৰখা জমা বাছনি কৰাৰ পৰিৱৰ্তে দীৰ্ঘম্যাদী ঋণ পৰিশোধ কৰিবলৈ সেই ধনবোৰ ব্যৱহাৰ কৰা উচিত । উদাহৰণ স্বৰূপে, আপোনাৰ গৃহ ঋণৰ সুত হৈছে 8.55 শতাংশ আৰু বেঙ্কৰ স্থায়ী জমাৰ সুত মাত্ৰ 7 শতাংশ । যদি আপোনাৰ উপাৰ্জন 20 শতাংশ কৰ বন্ধনীত পৰে, জমাৰ বাৰ্ষিক সুত কেৱল 5.6 শতাংশ হ'ব । সেয়েহে গৃহ ঋণ পৰিশোধ কৰাটো ভাল । প্ৰতি বছৰে অতিৰিক্তভাৱে কমেও চাৰিটা ইএমআই পৰিশোধ কৰিব লাগে । বা মূল ধনৰাশিৰ 5 ৰ পৰা 10 শতাংশ পৰিশোধ কৰিব পাৰে ।

আনহাতে, কম সুতৰ সুবিধাৰ বাবে এটা বেঙ্কৰ পৰা আন এটালৈ ঋণ স্থানান্তৰ কৰোঁতে সাৱধান হোৱা উচিত । সুতৰ পাৰ্থক্য ০.৫ শতাংশ আৰু অধিক হ'ব লাগে । লগতে ঋণৰ প্ৰচেছিং মাচুলৰ ওপৰত এবাৰ চকু দিয়ক । যদি আপোনাৰ ঋণৰ হাৰ আৰু উপাৰ্জন বৃদ্ধি হয় তেন্তে সুত হ্ৰাস কৰাৰ সম্ভাৱনাৰ বিষয়ে বেঙ্কৰ সৈতে আলোচনা কৰক ।

দীৰ্ঘম্যাদী গৃহ ঋণ লোৱাৰ আগতে, আমি সকলোৱে আমাৰ ব্যয় সৰ্বাধিক সম্ভৱ পৰিমাণলৈ হ্ৰাস কৰাৰ বিষয়ে বিবেচনা কৰা উচিত । আমাৰ সকলো ক্ষুদ্ৰ সঞ্চয় বেংকৰ ঋণ পৰিশোধৰ দিশত সলনি কৰিব লাগে । যদি ইএমআইৰ বোজা অধিক হয়, বেঙ্কৰ সৈতে আলোচনা কৰক আৰু যদি আন বেঙ্কে কিছু সকাহ দিয়ে তেন্তে ঋণ স্থানান্তৰ কৰক । ভৱিষ্যতে সুতৰ হাৰ বৃদ্ধিৰ কথা বিবেচনা কৰক আৰু ইএমআই পৰিমাণৰ 10 ৰ পৰা 15 শতাংশ হ্ৰস্বম্যাদী ঋণ পুঁজিত বিনিয়োগ কৰক । তিনিৰ পৰা ছয় মাহজুৰি ব্যয় আৰু ইএমআইৰ সমান পৰিমাণৰ বাবে এটা আকস্মিক পুঁজি সাজু কৰক ।

লগতে পঢ়ক :Health insurance: পৰিয়ালৰ সম্পূৰ্ণ বী ৰ্ণ মাৰে ভৱিষ্যৎ সুৰক্ষিত কৰক, মানসিক চাপ এৰাই চলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.