ETV Bharat / business

প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিৰ ধন সংগ্ৰহৰ বাবে HDFC বেংকক অনুমতি প্ৰদান

author img

By

Published : Apr 6, 2020, 3:32 PM IST

Updated : Apr 6, 2020, 3:39 PM IST

দেশৰ বৃহৎ ব্যক্তিগত খণ্ডৰ বেংক HDFC বেংকক কোভিড-19 মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা আৰোগ্য নিধিৰ ধন জমা কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷ ইতিমধ্যে বেংকটোৰ মেনেজিং ডাইৰেক্টৰ আদিত্য পুৰীয়ে এই কথা প্ৰকাশ কৰিছে ৷

প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিৰ ধন সংগ্ৰহৰ বাবে HDFC বেংকক অনুমতি প্ৰদান
প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিৰ ধন সংগ্ৰহৰ বাবে HDFC বেংকক অনুমতি প্ৰদান

নিউজ ডেস্ক, 6 এপ্ৰিলঃ দেশৰ অন্যতম শক্তিশালী তথা বৃহৎ ব্যক্তিগত খণ্ডৰ বেংক HDFC বেংকক বিশেষ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ সেই অনুসৰি, কোভিড-19 মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা আৰোগ্য নিধিৰ ধন জমা ৰাখিবলৈ অনুমতি দিয়া হৈছে বেংকটোক ৷ দেওবাৰে এই কথা প্ৰকাশ কৰে বেংকটোৰ ব্যৱস্থাপনা পৰিচালক আদিত্য পুৰীয়ে ৷

পুৰীয়ে কয় যে, "এইটো এটা সন্মানৰ বিষয় যে, আমি এই সুবিধা লাভ কৰিছো ৷ মই আমাৰ সকলো কৰ্মচাৰীকে দুগুণ উৎসাহেৰে কাম কৰি চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি, সহায় কৰিবলৈ আহ্বান জনালো ৷" বেংকটোৱে প্ৰকাশ কৰা অনুসৰি, ব্যৱহাৰকাৰীসকলে অথবা গ্ৰাহকসকলে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নাইবা অন্যান্য ডিজিটেল মাধ্যমৰ সহায়ত এতিয়াৰে পৰা প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিলৈ বেংকটোৰ মাধ্যমেৰে টকা জমা কৰিব পাৰিব ৷

বেংকটোৱে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিলৈ 150 কোটি টকা সংগ্ৰহ কৰিছে ৷

Last Updated :Apr 6, 2020, 3:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.