ETV Bharat / business

ৰাজ্যলৈ এপ্ৰিল মাহৰ বাবে 46,038 কোটি টকা ঘোষণা বিত্ত মন্ত্ৰণালয়ৰ

author img

By

Published : Apr 21, 2020, 12:02 AM IST

Updated : Apr 21, 2020, 11:32 AM IST

বিত্ত মন্ত্ৰণালয়
ৰাজ্যলৈ এপ্ৰিল মাহৰ বাবে 46,038 কোটি টকা ঘোষণা বিত্ত মন্ত্ৰণালয়ৰ

ৰাজ্য সমূহলৈ 46,038 কোটি টকা ঘোষণা বিত্ত মন্ত্ৰণালয়ৰ ৷ 2020-21 চনৰ বাজেটত ৰাজ্যসমূহৰ শ্বেয়াৰ 7.84 লাখ কোটি টকাকৈ আছিল ৷

নেশ্যনেল ডেস্ক, 20 এপ্ৰিল : সোমবাৰে বিত্ত মন্ত্ৰণালয়ে কয় যে,এপ্ৰিল মাহৰ বাবে কেন্দ্ৰীয় কৰৰ অংশীদাৰিত্বৰ পৰা মন্ত্ৰণালয়ে ৰাজ্যসমূহলৈ 46,038 কোটি টকা ঘোষণা কৰিছে ৷

বিত্ত মন্ত্ৰণালয়
ৰাজ্যসমূহলৈ 46,038 কোটি টকা ঘোষণা বিত্ত মন্ত্ৰণালয়ৰ

এক টুইটৰ জৰিয়তে মন্ত্ৰণালয়ে কয় যে, COVID-19 ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি দূৰ কৰিবৰ বাবে ৰাজ্যসমূহক সহায়-সহযোগিতা আগবঢ়াবৰ বাবে বিশেষ বিতৰণ হিচাপে 2020-21 অনুসৰি, shareable taxes অপৰিৱৰ্তিত ৰখা হৈছে ৷ 2020-21 চনৰ বাজেটত ৰাজ্যসমূহৰ শ্বেয়াৰ 7.84 লাখ কোটি টকাকৈ আছিল ৷ 15 সংখ্যক বিত্ত আয়োগে 41 শতাংশ divisible pool ৰাজ্যসমূহৰ বাবে আৰু 1 শতাংশ নৱনিৰ্মিত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখৰ বাবে প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰিছিল ৷ আনহাতে, 14 সংখ্যক বিত্ত আয়োগে ৰাজ্যসমূহক 42 শতাংশকৈ শ্বেয়াৰ প্ৰদান কৰিব লাগে বুলি মন্তব্য় কৰিছিল ৷

Last Updated :Apr 21, 2020, 11:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.