ETV Bharat / bharat

মিজোৰামত চৰকাৰ গঠনৰ দিশে জোৰাম পিপ'লছ মুভমেণ্ট

author img

By ANI

Published : Dec 4, 2023, 1:39 PM IST

ZPM set to form government in Mizoram
মিজোৰামত চৰকাৰ গঠনৰ দিশে জোৰাম পিপ'লছ মুভমেণ্ট

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি নতুনকৈ গঠন হোৱা জোৰাম পিপ'লছ মুভমেণ্ট দলে নিৰ্বাচনত আগবাঢ়ি আছে । যদি শেষলৈ এই প্ৰৱণতা থাকে, তেনেহ'লে দলটোৱে ৰাজ্যখনত চৰকাৰ গঠন কৰাটো নিশ্চিত । মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালদুহোমাই মঙলবাৰে ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ।

নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ : মিজোৰামত পুৱাৰে পৰা ভোটগণনা অব্যাহত আছে । ফলাফলৰ শেহতীয়া প্ৰৱণতা অনুসৰি ৬ টা দলৰ মিত্ৰজোঁট জোৰাম পিপ'লছ মুভমেণ্টে (জেডপিএম) মিজোৰামত নিজাববীয়াকৈ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে । দুপৰীয়া ১২ বজাত নিৰ্বাচন আয়োগৰ তথ্যই দেখুৱাইছে যে জেডপিএম ৪০ খন আসনৰ ভিতৰত ২৬ খনত আগবাঢ়ি আছে । ইয়াৰ ভিতৰত জেডপিএম দলে এতিয়ালৈকে ৭ খন আসনত জয় লাভ কৰিছে । ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে, বৰ্তমানৰ শাসকীয় মিজো নেশ্যনেল ফ্ৰণ্ট (এমএনএফ) ১১ খন আসনত পিছ পৰি আছে ।

কোলাচিব সমষ্টিত লাল ফামিকিমা, তাৱীত অধ্যাপক লালনিলাৱমা, আইজল ৱেষ্ট-১ত টিবিচি লালভেঞ্চুঙ্গা, আইজল ৱেষ্ট-২ত লালংঘিংলোভা হমাৰ, টুইচাঙত ডব্লিউ চুয়ানাৱমা, হৰংটুৰ্জোত লালমুয়ানপুয়া পুণ্টে, দক্ষিণ টুইপুইত জেজে লালপেখলুয়া জয়ী হৈছে । এমএনএফৰ বিশিষ্ট নেতাসকলৰ বিৰুদ্ধে জেডপিএমৰ কেইবাগৰাকী প্ৰাৰ্থী জয়ী হৈছে । তাৰ ভিতৰত আছে দুগৰাকী বৰ্তমানৰ মন্ত্ৰী । লালংঘিংলোভা হমাৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী লালৰুয়াটকিমা আৰু ডব্লিউ চুয়ানাৱমাই টুইচাঙত বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী তাৱনলুয়াক পৰাস্ত কৰিছে ।

জেডপিএমৰ লালংঘিংলোভা হমাৰে আইজল ৱেষ্ট-২ সমষ্টিৰ পৰা জয়ী হয় । তেওঁ ১০,৩৯৮ টা ভোট লাভ কৰে আৰু ৪,৮১৯ টা ভোটৰ ব্যৱধানত জয়ী হয় । জেডপিএমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালদুহোমাই কয় যে তেওঁ ৰাজ্যপালক মঙলবাৰে সাক্ষাৎ কৰি ৰাজ্যখনত চৰকাৰ গঠনৰ প্ৰস্তাৱ দিব । শপত গ্ৰহণ অনুষ্ঠানো এই মাহৰ ভিতৰতে হ'ব বুলি তেওঁ উল্লেখ কৰিছে ।

মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালদুহোমাই লগতে কয় যে মিজোৰামে বিত্তীয় সংকটৰ সন্মুখীন হৈছে । জেডপিএময়ে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু বুলিও তেওঁ উল্লেখ কৰে । ইচিআইয়ে এতিয়ালৈকে ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও ফলাফলৰ প্ৰৱণতাই সূচায় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী জোৰামথাংগা তেওঁৰ আইজল পূব হেৰুৱাবলৈ সাজু হৈছে । তিনিটা ৰাউণ্ডৰ পাছত তেওঁ ২১০১ টা ভোটত পিছ পৰি আছিল ।

৪০ জনীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচনত ভোটগণনা সোমবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় । উত্তৰ-পূবৰ ৰাজ্যখনত ৪ টা মুখ্য ৰাজনৈতিক দল নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । তাৰ ভিতৰত আছিল শাসনাধিষ্ঠিত মিজো নেশ্যেনেল ফ্ৰণ্ট (এমএনএফ), জোৰাম পিপ'লছ মুভমেণ্ট (জেডপিএম), কংগ্ৰেছ আৰু বিজেপি । ১৯৮৭ চনত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পাছৰে পৰা মিজোৰামৰ ৰাজনৈতিক দৃশ্যপটত কংগ্ৰেছ আৰু মিজো নেশ্যনেল ফ্ৰণ্টে (এমএনএফ) আধিপত্য বিস্তাৰ কৰি আহিছে ।

লগতে পঢ়ক :8 বজাৰ পৰা আৰম্ভ মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.