ETV Bharat / bharat

মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ প্ৰাক্তন আইপিএছ লালদুহোমাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 1:18 PM IST

Lalduhoma sworn in as Mizoram CM
মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ লালদুহোমাৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক এসময়ত সুৰক্ষা প্ৰদান কৰা ৭৩ বছৰীয়া প্ৰাক্তন আইপিএছ বিষয়া জোৰাম পিপ'লছ মুভমেণ্টৰ মুৰব্বী লালদুহোমাই শুকুৰবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । মিজো নেচনেল ফ্ৰণ্টৰ নেতা তথা বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাঙ্গাও শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ।

নিউজ ডেস্ক, ৮ ডিচেম্বৰ : মিজোৰামৰ ৰাজনীতিত এক ইতিহাস সৃষ্টি কৰা জোৰাম পিপলছ মুভমেণ্টৰ (জেডপিএম) নেতা লালদুহোমাই শুকুৰবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ৰাজ্যপাল হৰি বাবু কামভামপতীয়ে লালদুহোমাক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰায় । উল্লেখ্য যে জেডপিএমৰ নেতাগৰাকী হৈছে প্ৰাক্তন আইপিএছ বিষয়া । তেওঁ পূৰ্বতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সুৰক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁৰ সৈতে আন এঘাৰগৰাকী জেডপিএম নেতায়ো মন্ত্ৰী হিচাপে শপত ল'ব ।

উল্লেখ্য যে মিজো নেচনেল ফ্ৰণ্টৰ নেতা তথা বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাঙ্গাও ৰাজভৱনত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে । আনহাতে, বিধায়িনী দলৰ নেতা লালচান্দামা ৰাল্টেকে ধৰি এমএনএফৰ সকলো বিধায়ক অনুষ্ঠানটোত উপস্থিত থাকে । প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাওলাও উপস্থিত থাকে । মঙলবাৰে জেডপিএম বিধায়িনী দলে লালদুহোমাক দলটোৰ নেতা আৰু কে চাপদঙ্গাক উপনেতা হিচাপে নিৰ্বাচিত কৰিছিল ।

৪০ জনীয়া মিজোৰাম বিধানসভাত মুখ্যমন্ত্ৰীকে ধৰি সৰ্বাধিক ১২ গৰাকী মন্ত্ৰী থাকিব পাৰে । ২০১৯ চনত ৰাজনৈতিক দল হিচাপে পঞ্জীয়ন কৰা জেডপিএমে বিধানসভা নিৰ্বাচনত ২৭ খন আসন লাভ কৰি এইবাৰ বিজয়ী হৈছে । যাৰ ফলত ২০১৮ চনৰ নিৰ্বাচনত ইয়াৰ বিধায়কৰ সংখ্যা ৮ গৰাকীৰ পৰা বৃদ্ধি পায় ।

লালদুহোমাৰ নেতৃত্বত জেডপিএমৰ সৈতে ছয়টা ৰাজনৈতিক সংগঠনেৰে মিত্ৰজোঁট গঠন কৰাৰ পিছত মিজোৰামত ক্ষমতালৈ আহে দলটো । ৭৩ বছৰীয়া লালদুহোমাই উত্তৰ-পূবৰ ৰাজ্যখনৰ শীৰ্ষ কাৰ্যবাহী পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে বহু ৰাজনৈতিক উত্থান-পতনৰ সন্মুখীন হৈছে ।

ইফালে বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত লালদুহোমাই তেওঁৰ দলক সমৰ্থন কৰাৰ বাবে বিশেষকৈ মহিলা আৰু যুৱক-যুৱতীসকলক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ লগতে কয় যে তেওঁলোকৰ দলৰ চৰকাৰ ৰাজ্যখনত মহিলাসকলৰ অৱস্থা উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব ।

লগতে পঢ়ক :অনুচ্ছেদ ৩৭০ বাতিলৰ প্ৰত্যাহ্বান আবেদন; ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.