ETV Bharat / bharat

অনুচ্ছেদ ৩৭০ বাতিলৰ প্ৰত্যাহ্বান আবেদন; ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ ৰায়

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 12:26 PM IST

২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰই সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰিছিল । এই অনুচ্ছেদে জম্মু-কাশ্মীৰক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছিল । আনহাতে, অনুচ্ছেদটো প্ৰত্যাহাৰ কৰি ৰাজ্যখনক দুটা কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰিছিল ।

SC Decision on abrogation of Article 370
অনুচ্ছেদ ৩৭০ বাতিলৰ প্ৰত্যাহ্বান আবেদন; ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ ৰায়

নিউজ ডেস্ক, ৮ ডিচেম্বৰ : উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ ওপৰত অহা ১১ ডিচেম্বৰত ন্যায়ালয়ৰ ৰায় ঘোষণা কৰিব । শীৰ্ষ ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা তালিকা অনুসৰি, ১১ ডিচেম্বৰ সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে এই ৰায় প্ৰদান কৰিব । বিচাৰপীঠৰ আন সদস্যসকল হৈছে ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই আৰু সূৰ্য কান্ত ।

উল্লেখ্য যে শীৰ্ষ আদালতে ১৬ দিনীয়া শুনানিৰ পিছত ৫ ছেপ্টেম্বৰত গোচৰটোৰ ৰায় সংৰক্ষিত ৰাখিছিল । শুনানিৰ সময়ত শীৰ্ষ আদালতে অনুচ্ছেদ ৩৭০ বাতিলক সুৰক্ষিত ৰাখিবলৈ আবেদন জনোৱা আৰু কেন্দ্ৰৰ হৈ উপস্থিত হোৱা এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণী, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে, ৰাকেশ দ্বিবেদী, ভি গিৰি আদিৰ উপৰি কেন্দ্ৰক প্ৰতিনিধিত্ব কৰাসকলৰ যুক্তি শুনে। আনহাতে, আবেদনকাৰীসকলক জ্যেষ্ঠ অধিবক্তা কপিল চিবাল, গোপাল সুব্ৰমনিয়াম, ৰাজীৱ ধৱন, জাফৰ শ্বাহ, দুষ্মন্ত দাৱে আৰু অন্যান্যসকলে প্ৰতিনিধিত্ব কৰে ।

উল্লেখ্য যে ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰই সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰিছিল । এই অনুচ্ছেদে জম্মু-কাশ্মীৰক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছিল । আনহাতে, অনুচ্ছেদটো প্ৰত্যাহাৰ কৰি ৰাজ্যখনক দুটা কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰিছিল ।

আনহাতে, জম্মু-কাশ্মীৰ ৰাজ্যৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ আৰু ৰাজ্যখনক দুটা কেন্দ্ৰীয়শাসিত অঞ্চলত বিভক্ত কৰাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই বিষয়টোক লৈ ৰাজনৈতিক শিবিৰো দুটা মেৰুত বিভক্ত হৈছিল । ইফালে জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰত্যাহাৰক প্ৰত্যাহ্বান জনাই বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে পৃথকে পৃথকে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল । পৰৱৰ্তী সময়ত এই সকলোবোৰ আবেদন এক গোট কৰি ইয়াৰ ওপৰত শুনানি অনুষ্ঠিত হয় ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীয়ে কৰিব উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ৰ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.