ETV Bharat / bharat

TMC MP suspended from RS : সদনত থিয়েটাৰ কৰিবলৈ অনুমতি নিদিওঁ; ডেৰেক অ’ব্ৰাইনক ক’লে অধ্যক্ষ ধনখৰে

author img

By

Published : Aug 8, 2023, 1:34 PM IST

ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে সোমবাৰে দিল্লী সেৱা বিধেয়কক লৈ উত্তপ্ত হৈ থকাৰ সময়ত টিএমচিৰ সদস্য ডেৰেক অ’ব্ৰাইনে সদনত প্ৰচাৰ লাভৰ বাবে “থিয়েটাৰ” কৰাৰ অভিযোগ উত্থাপন কৰে । অধ্যক্ষ জগদীপ ধনখৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীক ।

TMC MP suspended from RS
তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইন

নেশ্যনেল গেস্ক, 8 আগষ্ট: তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনক মঙলবাৰে অধ্যক্ষ জগদীপ ধনকাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰে । সোমবাৰে সংসদে দিল্লী সেৱা বিধেয়ক গৃহীত আৰু আলোচনা কৰাৰ সময়ত অধ্যক্ষ জগদীপ ধনখেৰ আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয় । সোমবাৰে ৰাজ্যসভাৰ অধ্যক্ষই টিএমচিৰ সাংসদগৰাকীক তীব্ৰ সমালোচনা কৰি দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড চৰকাৰ (সংশোধনী) বিধেয়ক, 2023 ৰ ওপৰত আলোচনাৰ সময়ত সদনৰ শিষ্টাচাৰ ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে ৷

ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে সোমবাৰে দিল্লী সেৱা বিধেয়কক লৈ উত্তপ্ত বিতৰ্কৰ সময়ত টিএমচিৰ সদস্য ডেৰেক অ’ব্ৰাইনে সদনত প্ৰচাৰ লাভৰ বাবে “থিয়েটাৰ” কৰাৰ অভিযোগ উত্থাপন কৰে । টিএমচিৰ সদস্যগৰাকীয়ে নিজৰ ভাষণ দিল্লী চৰকাৰৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড (সংশোধনী) বিধেয়ক 2023 ত সীমাৱদ্ধ ৰাখিবলৈ অস্বীকাৰ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । অধ্যক্ষগৰাকীয়ে অ’ব্ৰাইনক কয় যে, "এয়া আপোনাৰ অভ্যাসত পৰিণত হৈছে । আপুনি এই কামটো কৌশলৰ অংশ হিচাপে কৰি আছে । আপুনি ভাবিছে যে আপুনি বাহিৰত প্ৰচাৰ উপভোগ কৰিব । আপুনি এই সদনক বিধ্বস্ত কৰিলে । বহি থাকক ।"

তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে ব্যক্তিগত প্ৰচাৰৰ বাবে সদনলৈ আহিছে বুলি ধনখৰে টিএমচিৰ সদস্যগৰাকী সন্দৰ্ভত কয় ৷ বিতৰ্কত অংশগ্ৰহণ কৰি অ’ব্ৰাইনে কয়, "মই ইয়াত এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিবলৈ থিয় দিছো । নৰেন্দ্ৰ মোডী ডাঙৰীয়া ফেডাৰেলিজম অৰ্থাৎ যুক্তৰাষ্ট্ৰীয়তাবাদৰ সন্তান । দিল্লীলৈ অহাৰ পূৰ্বে তেওঁ মুখ্যমন্ত্ৰী আছিল ।"

অ’ব্ৰাইনে পুনৰ কয়, "গণতন্ত্ৰৰ সন্তানে গণতন্ত্ৰক কিয় বিকৃত কৰিব । ফেডাৰেলিজমৰ সন্তানে কিয় সংসদলৈ আহি ইয়াত গৃহীত বিধেয়কসমূহৰ প্ৰায় এক তৃতীয়াংশ ফেডাৰেল বিৰোধী হোৱাটো নিশ্চিত কৰিব । আমাৰ 12 হাজাৰ কোটি টকা ঘূৰায় দিলেই আমি বিধেয়কখনৰ বিৰোধিতা কৰিম ৷ আমাৰ 12 হাজাৰ কোটি টকাৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ আমি 12 অক্টোবৰত এক বৃহৎ ৰেলী অনুষ্ঠিত কৰিম ।’’ কেন্দ্ৰই “লেনদেনমূলক ফেডাৰেলিজম” অনুসৰণ কৰিছে বুলিও তেওঁ অভিযোগ কৰে ৷

ইয়াৰ পিছত অধ্যক্ষই অ’ব্ৰাইনক বহিবলৈ কৈ কয় যে এই ধৰণৰ আচৰণ কাৰো বাবে ভাল নহ’ব । যেতিয়া সাংসদগৰাকীয়ে নম্ৰ হ’বলৈ অস্বীকাৰ কৰিলে, তেতিয়া অধ্যক্ষই কয়, “মই এই থিয়েটাৰক অনুমতি নিদিওঁ ।”

লগতে পঢ়ক : Delhi Services Bill : বিজেপিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব আপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.