ETV Bharat / bharat

Wrestlers Protest: মহাপঞ্চায়তৰ বাবে দেশবাসীক সমৰ্থনৰ আহ্বান প্ৰতিবাদী মল্লযোদ্ধাৰ

author img

By

Published : May 25, 2023, 10:26 PM IST

Updated : May 25, 2023, 10:46 PM IST

wrestlers-are-gathering-support-for-mahapanchayat-silence-at-jantar-mantar
মহাপঞ্চায়তৰ বাবে দেশবাসীক সমৰ্থনৰ আহ্বান প্ৰতিবাদী মল্লযোদ্ধাৰ

অনাগত 28 মে’ত মল্লযোদ্ধাসকলে আয়োজন কৰা মহাপঞ্চায়তৰ বাবে দেশবাসীৰ সমৰ্থনৰ বাবে আহ্বান জনাইছে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে (Wrestlers gathering support for Mahapanchayat) ৷

নিউজ ডেস্ক, 25 মে’: যোৱা ২৩ এপ্ৰিলৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰত মল্লযোদ্ধাসকলৰ ধৰ্মঘট কাৰ্যসূচী (Wrestlers Protest at Jantar Mantar) অব্যাহত আছে । ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদত বহিছে দেশৰ কেইবাগৰাকীও আগশাৰীৰ মল্লযুঁজাৰু (WFI chief Brij Bhushan Sharan Singh) । অৱশ্যে, মল্লযোদ্ধাসকলে এতিয়া সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰিছে ৷ অনাগত 28 মে’ত মল্লযোদ্ধাসকলে আয়োজন কৰা মহাপঞ্চায়তৰ সমৰ্থনৰ বাবে নিৰন্তৰে ইঠাইৰ পৰা সিঠাইলৈ ভ্ৰমণ কৰি আছে (Wrestlers gathering support for Mahapanchayat) ৷

ইফালে, প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক, বজৰং পুনিয়া আৰু বিনেশ ফোগাটকে ধৰি কেইবাজনো আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধাই বৃহস্পতিবাৰে হাৰিয়ানাৰ জিন্দ-নৰৱানা ৰাষ্ট্ৰীয় ঘাইপথৰ খাটকাৰ টোল প্লাজাৰ কিষাণ পঞ্চায়তত উপস্থিত হয় (Delhi jantar mantar)। মল্লযোদ্ধা বজৰং পুনিয়াই কয় যে আমি নিশ্চিতভাৱে এই যুঁজত জয়ী হ'ম (Silence at Jantar Mantar)। মল্লযোদ্ধাসকলৰ সমৰ্থনত সৰ্বাধিক সংখ্যক মাতৃশক্তি আৰু যুৱক-যুৱতীয়ে সংসদ ভৱনৰ সন্মুখত অহা 28 মে’ত হ’বলগীয়া মহাপঞ্চায়তত উপস্থিত থাকিব ৷

প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে কয় যে, অহংকাৰত ডুব গৈ আছে কেন্দ্ৰীয় চৰকাৰ ৷ এইকাৰণেই চৰকাৰে দেশৰ কন্যাসকলক ৰাজপথত ন্যায় দাবী কৰি দেখা নোপোৱাৰ ভাও ধৰিছে । যদি চৰকাৰে খেলুৱৈসকলৰ দাবী মানি নলয়, তেন্তে 4 খন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰিস্থিতি কৰ্ণাটকৰ দৰেই হ'ব।

ইফালে মল্লযোদ্ধা বিনেশ ফোগাটে দেশৰ প্ৰতিগৰাকী মহিলাক 9053903100 নম্বৰলৈ মিছকল দি এই যুঁজত সমৰ্থন জনাবলৈ আহ্বান জনাইছে । মল্লযোদ্ধাগৰাকীয়ে কয় যে, দেশৰ বাবে পদকটো আঁজুৰি অনাৰ সময়ত দেশত কন্যাক যথোপযুক্ত সন্মান প্ৰদান কৰা হয় বুলি ধাৰণা কৰা হৈছিল ৷ কিন্তু বৰ্তমান পৰিস্থিতিত দেশৰ কন্যাসকল ৰাজপথত এনেদৰে বহি থকাৰ পিচতো ঘূৰি চাবলৈ চৰকাৰৰ আহৰি নাই ৷

মল্লযোদ্ধাগৰাকীয়ে লগতে কয় যে, শাসকীয় দলৰ বাহুবলী সাংসদ হোৱাৰ বাবেই এতিয়াও তেওঁ মুকলি আকাশৰ তলত বিনাদ্বিধাই ঘূৰি ফুৰিছে ৷ অভিযুক্তই মুকলিকৈ সংবাদ মাধ্যমত সাক্ষাৎকাৰ দি দেশৰ কন্যাসকলক দোষাৰোপ কৰিছে। এনে লাগিছে যে চৰকাৰৰ পৃষ্ঠপোষকতা আৰু সুৰক্ষাৰ বাবে, অভিযুক্ত বিজেপি সাংসদজনে খেলুৱৈসকলৰ বিৰুদ্ধে অনাকাংক্ষিত মন্তব্য প্ৰদান কৰি আছে ৷

লগতে পঢ়ক: Protest in Guwahati: আজিৰ সময়ত বিশ্বৰ ভিতৰত ভাৰতৰ নাৰী অসুৰক্ষিত; মীৰা বৰঠাকুৰ

Last Updated :May 25, 2023, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.