ETV Bharat / bharat

বিশ্ব মহানুভৱতা দিৱস 2021 : ইতিহাস আৰু তাৎপৰ্য

author img

By

Published : Nov 13, 2021, 11:55 AM IST

আজি বিশ্ব মহানুভৱতা দিৱস 2021 ৷ প্ৰতিবছৰৰ দৰে এইবেলিও 13 নৱেম্বৰৰ দিনটো উদযাপন কৰা হৈছে বিশ্ব মহানুভৱতা দিৱস হিচাপে ৷

বিশ্ব মহানুভৱতা দিৱস 2021
বিশ্ব মহানুভৱতা দিৱস 2021

নিউজ ডেস্ক, 13 নৱেম্বৰ : এয়া ছ'চিয়েল মিডিয়াৰ যুগ ৷ য'ত কোনো প্ৰকৃত কাৰণ অবিহনে কাৰোবাৰ প্ৰতি ঘৃণা কৰা সহজ ৷ কিন্তু এনে সময়তে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে মহানুভৱতা গুণটো ৷

গোটেই বছৰটোত আমি ঐতিহাসিক ঘটনা বা সমাজলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কিছুমান প্ৰতিষ্ঠিত ব্যক্তিত্বক শ্ৰদ্ধা নিবেদন কৰো ৷ কিন্তু ১৩ নৱেম্বৰত আমি এক বিশেষ দিৱস উদযাপন কৰোঁ, যিয়ে জীৱনত আগুৱাই যোৱাত সহায় কৰে ৷ প্ৰতিবছৰৰ দৰে এইবেলিও 13 নৱেম্বৰৰ দিনটো উদযাপন কৰা হৈছে বিশ্ব মহানুভৱতা দিৱস হিচাপে ৷

ইতিহাস আৰু তাৎপৰ্য

১৯৯৮ চনত বিশ্ব মহানুভৱ আন্দোলন নামৰ এটা সংগঠনে প্ৰথমবাৰৰ বাবে বিশ্ব মহানুভৱতা দিৱস অনানুষ্ঠানিকভাৱে উদযাপন কৰিছিল ৷ এই সংগঠনটো ১৯৯৭ চনত টকিঅ'ত গঠন কৰা হৈছিল ৷ কিন্তু আনুষ্ঠানিকভাৱে বিশ্ব মহানুভৱতা দিৱস বৃটেইনত 2010 চনৰ 13 নৱেম্বৰত উদযাপন কৰা হৈছিল ৷

বিগত বছৰবোৰত এই দিৱসৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি হৈ আহে আৰু ইয়াত জড়িত ব্যক্তি, বিদ্যালয়, দাতব্য সংস্থা, প্ৰতিষ্ঠান আৰু ব্যৱসায়ৰ সংখ্যাও বৃদ্ধি পায় ৷

ছ'চিয়েল মিডিয়াৰ যুগত কোনো প্ৰকৃত কাৰণ অবিহনে কাৰোবাৰ প্ৰতি ঘৃণা কৰা সহজ ৷ কিন্তু এনে সময়তে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে মহানুভৱতা গুণটো ৷ বিশ্ব মহানুভৱতা দিৱসে কাৰোবাৰ প্ৰচেষ্টাক প্ৰশংসা কৰাৰ দৰে কাৰ্যই যে জীৱনযাত্ৰাত সহায় কৰিব পাৰে, সেয়া সোঁৱৰাই দিয়ে ৷

লগতে চাওক: নিৰ্বাচনৰ পূৰ্বে DGP লৈ বিশেষ পত্ৰ বিধায়ক সুদীপ ৰয় বৰ্মনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.