ETV Bharat / bharat

Viral video of Mamta Bhupesh: এগৰাকী মহিলাক গতিয়াই দেশজুৰি চৰ্চাত ৰাজস্থানৰ মন্ত্ৰী মমতা ভূপেশ

author img

By

Published : Jan 22, 2023, 12:45 PM IST

Minister Mamta Bhupest video viral
মন্ত্ৰী মমতা ভূপেশ

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰীৰ এটা ভাইৰেল ভিডিঅ'ৰ বাবে বিৰোধীৰ আক্ৰমণৰ সন্মুখীন হৈছে । এই ভিডিঅ'টোত এগৰাকী মহিলাই অভিযোগ লৈ মন্ত্ৰী মমতা ভূপেশৰ ওচৰলৈ যোৱাৰ সময়তে মন্ত্ৰীগৰাকীৰ কৰ্মচাৰীয়ে তেওঁক ঠেলি পঠিয়াইছিল (Minister Mamta Bhupesh)। ইয়াৰ পিছতে মহিলা আয়োগে এই ঘটনাটো গুৰুতৰ বুলি উল্লেখ কৰিছে আয়োগৰ অধ্যক্ষা ৰেহানা ৰিয়াজে ।

নেশ্য়নেল ডেস্ক,২২জানুৱাৰী: ৰাজস্থানত অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই এই বিষয়টোক কেন্দ্ৰ কৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈছে (Woman thrashed at minister residence in Rajasthan)। এই ভিডিঅ'টোত ৰাজ্য়খনৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী মমতা ভূপেশৰ কৰ্মচাৰীসকলে এগৰাকী মহিলাক অভিযোগ দাখিল কৰিবলৈ যোৱাৰ সময়তেই তেওঁৰ বাসগৃহৰ পৰা বাহিৰলৈ ঠেলি পঠিয়াওৱাৰ দৃশ্য় স্পষ্ট হৈ পৰিছে । মন্ত্ৰী মমতা ভূপেশৰ কৰ্মচাৰীৰ এই ঘটনাটোৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতেই বিৰোধীসকল সৰৱ হৈ পৰিছে (Minister Mamta Bhupest video viral)। বিৰোধীসকলে মন্ত্ৰী মমতা ভূপেশৰ কৰ্মচাৰীসকলৰ দুৰ্ব্যৱহাৰৰ ঘটনাক তীব্ৰ গৰিহণা দিছে ।

ভাইৰেল হোৱা ভিডিঅ'টো মন্ত্ৰী মমতা ভূপেশৰ জয়পুৰৰ চৰকাৰী বাসগৃহৰ বুলি স্পষ্ট হৈ পৰিছে (Video Viral of minister of Rajasthan)। ঘটনাৰ বিৱৰণি অনুসৰি মন্ত্ৰী মমতা ভূপেশৰ জয়পুৰৰ চৰকাৰী বাসগৃহত অভিযোগ লৈ উপস্থিত হোৱা এগৰাকী মহিলাক বাহিৰলৈ ঠেলি দিয়া হৈছে । এই ভিডিঅ'টোত,অভিযোগকাৰীক কোৱা শুনা গৈছে 'মোৰ সৈতে যি ঘটিব মই কৰিম'। ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী মমতা ভূপেশেও কয়," আপুনি যি কৰিব লাগিব সেয়া কৰক।"এই বুলি কৈয়েই মন্ত্ৰীগৰাকীয়ে তেওঁৰ বাসগৃহৰ ভিতৰলৈ যায় । ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীৰ কৰ্মচাৰীয়ে মহিলাগৰাকীক বাসগৃহৰ পৰা বাহিৰলৈ ঠেলি পঠিয়াই । এই ভিডিঅ'টো তিনি দিন পুৰণি বুলি উল্লেখ কৰা হৈছে । ভুক্তভোগীগৰাকী মন্ত্ৰীগৰাকীৰ সমষ্টিৰ আৰু তেওঁ শিক্ষা বিভাগলৈ বদলিৰ বাবে আবেদন কৰিবলৈ তেওঁক লগ কৰিবলৈ আহিছিল ।

বিজেপিয়ে ছ'চিয়েল মিডিয়াত মহিলাগৰাকীৰ সৈতে হোৱা অশালীন ব্য়ৱহাৰৰ এই ভিডিঅ'টো সন্দৰ্ভত টুইট কৰি কয় যে ৰাজ্য়খনত অহংকাৰী কংগ্ৰেছৰ ক্ষমতাত থকাৰ দিন উকলিবলৈ আৰু বেছি দিন নাই (BJP target Congress on viral video)। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতেও ছ'চিয়েল মিডিয়াত ভিডিঅ'টো পোষ্ট কৰি লিখিছে যে গেহলট চৰকাৰৰ মন্ত্ৰী মমতা ভূপেশৰ ওচৰলৈ আবেদন লৈ অহা এগৰাকী মহিলাক তেওঁৰ কন্য়াৰ সন্মুখত ঠেলি দিয়া হৈছিল । এই লোকসকলে দৰিদ্ৰলোকৰ কন্যাসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে । এই চিন্তাধাৰাৰ বাবে ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ সংখ্য়া বৃদ্ধি পাইছে ।

ইপিনে,মহিলা আয়োগেও এই ঘটনাটো গুৰুতৰ বুলি উল্লেখ কৰি এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা বুলি কয় (Jaipur latest news )। ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা ৰেহানা ৰিয়াজে এই সন্দৰ্ভত কয় যে যদি কোনোবাই মহিলাগৰাকীক হাতাহাতি কৰিছে তেন্তে ই এক গুৰুতৰ বিষয় । এনে ধৰণৰ আচৰণ হোৱা অনুচিত ।ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে পুনৰ কয় যে সোনকালেই তেওঁ এই বিষয়টোৰ বিষয়ে তথ্য সংগ্ৰহ কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ।

এই বিষয়টো ভাইৰেল হোৱাৰ পিছতো মন্ত্ৰী মমতা ভূপেশ বিষয়টোত নীৰৱতা অৱলম্বন কৰিছে । মহিলা আৰু শিশু বিকাশ মন্ত্ৰী মমতা ভূপেশক মুখ্যমন্ত্ৰী গেহলটৰ ঘনিষ্ঠ বুলি কোৱা হয় । মমতা ভূপেশৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও অভিযোগ লৈ তেওঁৰ বাসগৃহলৈ অহা লোকক আঁতৰাই পঠিওৱাৰ ঘটনা সংঘটিত হৈছিল । বিশেষকৈ এনটিটি শিক্ষকসকল পূৰ্বৰে পৰাই একে ধৰণৰ উৎপীড়নৰ সন্মুখীন হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:Rishi Sunak fined by Police: ট্ৰেফিক নিয়ম উলংঘা কৰি জৰিমনা ভৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.