Rishi Sunak fined by Police: ট্ৰেফিক নিয়ম উলংঘা কৰি জৰিমনা ভৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে

author img

By

Published : Jan 21, 2023, 5:05 PM IST

ট্ৰেফিক নিয়ম উলংঘা কৰি জৰিমনা ভৰিলে ঋষি সুনাকে

এটা ইনষ্টাগ্ৰাম ভিডিঅ’ৰ বাবেই জৰিমনা ভৰিব লগা হ’ব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে ৷ চলন্ত বাহনত চিটবেল্ট পৰিধান নকৰাকৈ ভিডিঅ’ প্ৰস্তুত কৰিছিল সুনাকে ৷ যাৰ বাবে শুকুৰবাৰে আৰক্ষীয়ে সুনাকলৈ প্ৰেৰণ কৰিলে জৰিমনাৰ জাননী ৷

নিউজ ডেস্ক, 21 জানুৱাৰী: চলন্ত গাড়ীত চিটবেল পৰিধান নকৰি জৰিমনা ভৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে ৷ তেওঁ বাহনৰ পিচৰ আসনত বহি চিটবেল্ট বিহীনভাৱে এটা ভিডিঅ’ প্ৰস্তুত কৰি থকাৰ সময়তে লণ্ডন আৰক্ষীয়ে প্ৰত্যক্ষ কৰি বিহিলে জৰিমনা(Rishi Sunak fined by police) ৷

মন কৰিবলগয়ীয়া যে, বৃহস্পতিবাৰে Instagramত এটা ভিডিঅ’ আপলোড কৰে সুনাকে ৷ যিটো ভিডিঅ’ সামাজিক মাধ্যমত বহুলভাৱে বিয়পি পৰে ৷ কিন্তু সেই ভিডিঅ’টো প্ৰস্তুত কৰাৰ সময়ত চলন্ত গাড়ীত চিটবেল্ট পৰিধান কৰা নাছিল সুনাকে(Rishi Sunak violate traffic rule) ৷ এই ভিডিঅ’ আৰক্ষীয়ে প্ৰত্যক্ষ কৰাৰ পিচতে জৰিমনা বিহিলে Northern English county of Lancashireৰ আৰক্ষীয়ে ৷ অৱশ্যে আৰক্ষীয়ে প্ৰধানমন্ত্ৰী ঋষি সুনাকে চিটবেল্ট যে পৰিধান কৰা নাছিল সেই কথা নিশ্চিত কৰিহে শুকুৰবাৰে জৰিমনাৰ জাননী প্ৰেৰণ কৰিছিল(Sunak fined for not wearing seat belt) ৷

Rishi Sunak fined by Police
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক

উল্লেখযোগ্য যে, বৰ্তমানলৈকে দুবাৰ ঋষি সুনাকক জৰিমনা বিহিছে লণ্ডন আৰক্ষীয়ে ৷ প্ৰথমবাৰ ক’ভিড-19ৰ বিধি উলংঘা কৰি আৰক্ষীক জৰিমনা ভৰিবলগীয়া হৈছিল ঋষি সুনাকে(Sunak fined during covid 19) আৰু প্ৰধানমন্ত্ৰী হোৱাৰ পিচত এই ঘটনা দ্বিতীয় ৷ কিন্তু ভৰিমনা ভৰিব লগা হোৱা ঘটনা ঋষি সুনাকে প্ৰতিনিধিত্ব কৰা দল কনজাৰভেটিভ পাৰ্টি আৰু তেওঁৰ নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে এই প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে ৷

কিয়নো বিভিন্ন সংস্থাৰ সমীক্ষা অনুসৰি জনমতৰ ক্ষেত্ৰত 2025 চনত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ বাবে প্ৰধান বিৰোধী দল লেৱাৰ পাৰ্টীতকৈ(Labour Party) বহু পিচ পৰি আছে সুনাকৰ কনজাৰভেটিভ পাৰ্টী(Conservative Party) ৷ এনে ক্ষেত্ৰত বিৰোধীয়ে পূৰ্ণ সুযোগ গ্ৰহণ কৰিব বুলি আশংকা প্ৰকাশ কৰিছে ব্ৰিটেইনৰ ৰাজনৈতিক বিশেষজ্ঞসকলে ৷

সেয়া যি কি নহওক, ঋষি সুনাকলৈ শুকুৰবাৰে আৰক্ষীয়ে জৰিমনাৰ জাননী প্ৰেৰণ(Fined notice to Rishi Sunak) কৰাৰ পিচতেই লণ্ডনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক প্ৰেছ বাৰ্তা যোগে কোৱা হৈছে, ‘‘প্ৰধানমন্ত্ৰীয়ে এই ভুলৰ বাবে ক্ষমা বিচাৰিছে আৰু নিৰ্ধাৰিত জৰিমনা আৰক্ষীক জমা দিব ৷’’ আনহাতে, Northern English county of Lancashireৰ আৰক্ষীয়ে বিবৃতি প্ৰদান কৰি কৈছে, ‘‘লণ্ডনৰ এগৰাকী 42 বছৰীয়া ব্যক্তিক জৰিমনাৰ জাননী প্ৰদান কৰা হৈছে ৷’’

উল্লেখ্য যে, ব্ৰটেইনত এগৰাকী ব্যক্তিক চিটবেল্ট পৰিধান নকৰাৰ বাবে 500 পাউণ্ড(620 ডলাৰ) পৰ্যন্ত জৰিমনা বিহা হয় ৷ অৱশ্যে জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত কিছু সকাহ দিয়া হয় ৷ কিন্তু এটা Instagram ভিডিঅ’ৰ বাবেই জৰিমনা ভৰিব লগা হোৱা ঘটনা এতিয়া আন্তজাৰ্তিক পৰ্যায়ত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে ৷ স্মৰ্তব্য যে, ব্ৰিটেইনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনকো ক’ভিড বিধি পালন নকৰাৰ বাবে জৰিমনা বিহিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক: Republic Day 2023 : সমাগত গণতন্ত্ৰ দিৱস, ১০ হাজাৰ ত্ৰিৰংগা প্ৰস্তুত বিহাৰৰ মুছলমান পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.