ETV Bharat / bharat

মাংস খাবলৈ নাপাই শহুৰেকৰ অণ্ডকোষ ছিঙিলে বোৱাৰীয়ে

author img

By

Published : Sep 28, 2022, 9:29 PM IST

Woman tears off father-in-law's testicles
Woman tears off father-in-law's testicles

সাৱধান ৷ এসাজ মাংসই ঘটাব পাৰে অঘটন ৷ মাকৰ ঘৰত বনোৱা মাংসৰ জুতি ল’বলৈ নাপাই এইবাৰ বোৱাৰীয়ে ছিঙিলে শহুৰেকৰ অণ্ডকোষ (Woman tears off father in laws testicles) ৷ পিছে ক’ত সংঘটিত হৈছে এই ঘটনাটো ? সবিশেষ এই প্ৰতিবেদনত...

নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ : আমাৰ চৌপাশে নিতৌ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ থাকে ৷ তাৰে কিছু ঘটনাই আমাক আমোদ দিয়ে, আন কিছু ঘটনাই শোক বিহ্বল কৰে আৰু কেতবোৰ ঘটনা আছে যিয়ে আমাক আতংকিত কৰে ৷ ইয়াৰ লগতে কিছুমান ঘটনাই আমাৰ মনত চাঞ্চল্যৰো সৃষ্টি কৰে (Sensational incident) ৷

মাকৰ ঘৰলৈ যাবলৈ নাপাই এগৰাকী যি কাণ্ড সংঘটিত কৰিলে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব ৷ বৰ্ণনা অনুসৰি, উক্ত দিনা আমি কৈ থকা মহিলাগৰাকীৰ মাকৰ ঘৰত বনাইছিল মাংস ৷ মাকৰ ঘৰত মাংস বনোৱাৰ কথা শুনি লোভৰ পানী পৰিছিল মহিলাগৰাকীৰ ৷ তাৰ পাচতেই মহিলাগৰাকীয়ে মাকৰ ঘৰলৈ যাবলৈ অনুমতি বিচাৰি স্বামীক ফোন কৰিছিল ৷

কিন্তু মহিলাগৰাকীৰ স্বামীয়ে মাকৰ ঘৰলৈ যাবলৈ বাধা প্ৰদান কৰে ৷

তাৰ বিপৰীতে মহিলাগৰাকীৰ স্বামীয়ে ঘৰতে মাংস বনাই খোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ মহিলাগৰাকীয়ে স্বামীয়ে দিয়া প্ৰতিশ্ৰুতিত পতিয়ন নগৈ ঘৰৰ সকলোৰে লগত বাক-বিতণ্ডাত লিপ্ত হয় ৷ আনকি খঙৰ ভমকত একো নাই হৈ মহিলাগৰাকীয়ে নকৰিব লগীয়া এক কাণ্ড সংঘটিত কৰে (Woman Takes Revenge) ৷

মাকৰ ঘৰত মাংস খাবলৈ নাপাই মহিলাগৰাকীয়ে ছিঙি পেলালে শহুৰেকৰ অণ্ডকোষ (Woman tears off father in laws testicles) ৷ তাৰ পাচতে সৃষ্টি হয় আন এক হুলস্থূলীয়া পৰিৱেশৰ ৷ আনকি স্থানীয় ৰাইজে অভিযুক্ত মহিলাগৰাকীক আটক কৰিবলৈ চেষ্টা কৰে ৷ কিন্তু চেগ বুজি অভিযুক্ত মহিলাগৰাকীয়ে সেই স্থানৰ পৰা পলায়ন কৰি মাকৰ ঘৰলৈ গুচি যায় ৷

লগতে পঢ়ক : Extra Maritial affair: অবৈধ প্ৰেমৰ বাবেই মহিলাৰ গুপ্তাংগত সানিলে ভোট জলকীয়া

ইফালে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ ঘটনাস্থলীলৈ আহি আৰক্ষীও হয় হতবাক ৷ অভিযুক্ত মহিলাগৰাকীৰ শহুৰেকৰ ঘৰৰ পৰা ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত মহিলাগৰাকীক ৷ পৰৱৰ্তী সময়ত অভিযুক্ত মহিলাগৰাকীক মঙলবাৰে তামলুক আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতে অভিযুক্ত মহিলাগৰাকী 14 দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷

আমি কৈ থকা এই ঘটনাটো হৈছে পশ্চিমবংগৰ পূৱ মেদিনীপুৰ জিলাৰ মাইনা আৰক্ষী থানাৰ অন্তৰ্গত বাকচা গাঁৱত ৷ ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷ বৰ্তমান তামলুক জিলা চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ভুক্তভোগী শহুৰেকগৰাকী (Sensational incident in West Bengal) ৷

আনহাতে, অভিযুক্ত মহিলাগৰাকীৰ শাহুৱেকে বোৱাৰীগৰাকীক উচিত শাস্তি প্ৰদানৰ দাবী জনায় ৷ ইফালে মাইনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল পাঠকে কয়, ‘‘অভিযোগৰ ভিত্তিতেই অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে । ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ তদন্ত চলি আছে ৷ অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 307 ধাৰাৰ অধীনত ৰুজু কৰা হৈছে এক গোচৰো’’ ।

লগতে পঢ়ক : বিস্কুটৰ প্ৰলোভন দি কুকুৰৰ লগত যৌন সম্পৰ্ক 65 বছৰীয়া বৃদ্ধৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.