ETV Bharat / state

Extra Maritial affair: অবৈধ প্ৰেমৰ বাবেই মহিলাৰ গুপ্তাংগত সানিলে ভোট জলকীয়া

author img

By

Published : Jul 21, 2022, 6:47 PM IST

অবৈধ প্ৰেমেই নাশ কৰিলে দুটাকৈ পৰিয়াল ৷ আন এগৰাকী মহিলাৰ সৈতে নিজৰ স্বামীৰ অবৈধ সম্পৰ্ক দেখিলে কোন মহিলাৰ বুকু নজ্বলিব ? কলগাছিয়াৰ এই মহিলাগৰাকীৰো একেই হ’ল ৷ স্বামীৰ অবৈধ প্ৰেয়সীৰ গুপ্তাংগত জলকীয়া সানি শাস্তি দিলে মহিলাগৰাকীয়ে ৷ অসংযত অৱস্থাত দুয়োকে উদ্ধাৰ কৰাৰ পাচতেই সংঘটিত কৰে এই কাৰ্য ৷

Extra Maritial affair
হাতে লোটে ধৰি জলকীয়া সানিলে প্ৰেমিকাক

জনীয়া, 21 জুলাই : প্ৰেম এক স্বৰ্গীয় অনুভূতি ৷ প্ৰেমে এজন লোকক জীয়াই থাকিবলৈ অনুপ্ৰেৰণা দিয়ে ৷ কিন্তু প্ৰেমৰো থাকে অন্য ৰূপ ৷ প্ৰেমে কেতিয়াবা ধ্বংস কৰিবও পাৰে এটা পৰিয়াল ৷ ৰাজ্যত এতিয়া যেন উভৈনদী হৈ পৰিছে পৰকীয়া প্ৰেম আৰু তেনে প্ৰেমত উটি-ভাঁহি থকা প্ৰেমিক-প্ৰেমিকা ৷ এইবাৰ বৰপেটা জিলাৰ কলগাছিয়াৰ বিলৰটাৰী গাঁৱত পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ’ল ভয়ংকৰ ঘটনা (Extra maritial affair at Klagachia)৷

ঘটনা অনুসৰি মহম্মদ আলী নামৰ এগৰাকী বিবাহিত পুৰুষৰ সৈতে যোৱা চাৰিবছৰ ধৰি অবৈধ প্ৰেমৰ সম্পৰ্ক ৰাখিছিল এগৰাকী বিবাহিত মহিলাই ৷ দুয়োজনৰে নিজ নিজ সুখৰ সংসাৰ থকাৰ পিছতো মহম্মদৰ প্ৰেমত পৰিছিল ঘৰৰ ওচৰৰে বন্ধুৰ পত্নী ৷ দিন বাঢ়ি যোৱাৰ লগে লগে প্ৰেমে ল'লেগৈ চৰম ৰূপ ৷ প্ৰেমিক মহম্মদে ঘৰত কোনো নথকাৰ সুযোগ লৈ লগ কৰিবলৈ গৈছিল প্ৰেমিকাক ৷ সেই সুযোগতে দুয়ো লিপ্ত হ'ল অনৈতিক কাৰ্যকলাপত (Girlfriend caught red handed) ৷

অবৈধ প্ৰেমৰ বাবেই মহিলাৰ গুপ্তাংগত সানিলে ভোটজলকীয়া

কিন্তু অসমীয়াত এষাৰ কথা আছে আইৰ ঘৰলৈ যাম, দুই হাতে খাম, বিধাতাই বোলে ময়ো পাছে পাছে যাম ৷ তেতিয়ালৈ ঘৰত মহম্মদৰ পত্নীৰ লগতে পৰিয়ালৰ লোক উপস্থিত হৈ মহম্মদসহ প্ৰেমিকাগৰাকীক হাতে লোটে কৰায়ত্ত কৰে ৷ ইয়াৰে পিছত প্ৰেমিকা আৰু মহম্মদৰ পত্নীয়ে কাজিয়াত লিপ্ত হয় মাৰ পিট কৰে ৷ অৱশেষত খঙত অগ্নিশৰ্মা হৈ পত্নীগৰাকীসহ পৰিয়ালৰ লোকে প্ৰেমিকাগৰাকীক গুপ্তাংগত ভোট জলকীয়া সানি দিয়ে ৷ ফলত ৰাস্তাত অজ্ঞান হৈ পৰি থাকে মহিলাগৰাকী (Locals take chillies to girlfriend)৷

এই ঘটনাৰ উমান পাই ওচৰ চুবুৰীয়া সেই ঠাইত উপস্থিত হৈ প্ৰেমিকাগৰাকীক ৰাস্তাৰ পৰা উদ্ধাৰ কৰে ৷ স্থানীয় লোকে আৰক্ষীক এই বিষায়ে অৱগত কৰাত ঘটনাস্থলীত কলগাছিয়া থানাৰ আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক আৰক্ষী থানালৈ লৈ যায় ৷ ইফালে প্ৰেমিক মহম্মদকো আৰক্ষীয়ে আটক কৰে ৷

প্ৰেমিক মহম্মদে দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰি কয়, ‘‘মোৰ লগত তেওঁৰ চাৰিবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছে ৷ আজি মোৰ ঘৰত মোক লগ কৰিবলৈ আহিছিল তেওঁ ৷ মোৰ ঘৰৰ পৰিয়ালৰ লগত কাজিয়া হৈছিল তেওঁৰ ৷ মই বিয়া পতা 8 বছৰ হ'ল ৷ মোৰ এটা সন্তান আছে ৷ তেওঁৰো ল'ৰা ছোৱালী 3 টা আছে’’ ৷

এই ঘটনাই অঞ্চলব্যাপি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই জঘন্য ঘটনাক গৰিহনা দিয়ে স্থানীয় লোকে ৷ আজিকালিৰ সমাজত এইধৰণে বিবাহিত মহিলাই পৰকীয়া প্ৰেমত লিপ্ত হোৱা কাৰ্যৰ বিৰুদ্ধে আইনে কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে বুলি দাবী উত্থাপন কৰে স্থানীয় লোকে ৷ অন্যথা এনেধৰণৰ ঘটনাৰ পৰা যুৱ প্ৰজন্ম অনুপ্ৰাণিত হোৱাৰ সম্ভাৱনা থাকে বুলি আশংকা কৰে গাঁওবাসীয়ে ৷

লগতে পঢ়ক : পৰকীয়া প্ৰেমে আউল লগালে অধিবক্তাৰ সংসাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.