ETV Bharat / bharat

নিৰ্বাচনোত্তৰ হিংসা: নন্দীগ্ৰাম পৰিদৰ্শন কৰিলে জগদীপ ধনকাৰে

author img

By

Published : May 15, 2021, 2:15 PM IST

Updated : May 15, 2021, 10:18 PM IST

শনিবাৰে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰে নিৰ্বাচনোত্তৰ হিংসাৰ দ্বাৰা প্ৰভাৱিত নন্দীগ্ৰামৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷ বিষয়টোক গুৰুত্ব সহকাৰে লোৱাৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আহ্বান ৰাজ্যপাল ধনকাৰৰ ৷ বিভেদকামী শক্তিক নিয়ন্ত্ৰণ কৰা উচিত বুলি মন্তব্য ৰাজ্যপাল গৰাকীৰ ৷

WB Guv inspects post-poll violence hit areas in Nandigram
পশ্চিমবংগৰ ৰাজ্যপালৰ নন্দীগ্ৰাম পৰিদৰ্শন

নেচনেল ডেস্ক, 15 মে': পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসাক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে শনিবাৰে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰে নিৰ্বাচনী হিংসাৰ দ্বাৰা প্ৰভাৱিত নন্দীগ্ৰামৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷

শনিবাৰে পুৱাৰ ভাগত ধনকাৰে হৰিপুৰ হেলিপেড ময়দানত অৱতৰণ কৰাৰ পাচতে বিজেপিৰ বিধায়ক সুভেন্দু অধিকাৰীয়ে তেওঁক আদৰণি জনায় ৷ শুকুৰবাৰে ৰাজ্যপাল গৰাকীয়ে এক টুইটযোগে তেওঁৰ ভ্ৰমণৰ কথা সদৰি কৰি কয় যে, নিৰ্বাচনোত্তৰ হিংসাৰ অভিযোগৰ তদন্ত কৰাটোৱে তেওঁৰ নন্দীগ্ৰাম ভ্ৰমণৰ একমাত্ৰ লক্ষ্য ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনাই ৰাজ্যপাল গৰাকীয়ে কয় যে, নিৰ্বাচনোত্তৰ হিংসাৰ লগতে ক'ভিডসৃষ্ট পৰিৱেশৰ ফলত ৰাজ্যখন এক সংকটৰ মাজেৰে গতি কৰিছে ৷ সেয়েহে লাখ লাখ মানুহৰ কষ্টৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী গৰাকীয়ে সোনকালে ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি ধনকাৰে মন্তব্য কৰে ৷

বলপূৰ্বকভাৱে ঘৰ এৰি যাবলৈ বাধ্য কৰোৱাৰ লগতে ৰাজ্যখনৰ লোকসকল হত্যা, ধৰ্ষণ, লুণ্ঠন, ধন দাবী আদিৰ দৰে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যপাল গৰাকীয়ে মমতা বেনাৰ্জীক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৷

ৰাজ্যখনত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ ভুক্তভোগী সকলৰ বাবে পুনৰ সংস্থাপন, ক্ষতিপূৰণ আদিৰ ব্যৱস্থা গ্ৰহণ কৰি সমাজখন একত্ৰিত কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে গুৰুত্ব সহকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰি ৰাজ্যপাল গৰাকীয়ে লগতে বিভেদকামী শক্তিক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন বুলিও মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: মহামাৰীৰ সময়ত নিৰ্বাচনী ৰেলী: নিৰ্বাচন আয়োগে নিজৰ ব্যর্থতা নুই কৰিব নোৱাৰে

Last Updated :May 15, 2021, 10:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.