ETV Bharat / bharat

Womens IPL media rights: মহিলাৰ আইপিএলৰ মিডিয়া স্বত্ব লাভ Viacom18 ৰ

author img

By

Published : Jan 16, 2023, 5:30 PM IST

viacom18 wins womens ipl media rights from bcci say jay shah
মহিলাৰ আইপিএলৰ মিডিয়া স্বত্ব লাভ Viacom18 ৰ

আগন্তুক ৫ বছৰৰ বাবে ৯৫১ কোটি টকাত মহিলাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মিডিয়া স্বত্ব লাভ কৰে Viacom18 এ ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সচিব জয় শ্বাহে (BCCI secretary Jay Shah on Twitter) ঘোষণা কৰে এই কথা ৷

নেশ্যনেল ডেস্ক, ১৬ জানুৱাৰী: ২০২৩-২৭ বৰ্ষৰ বাবে ৯৫১ কোটি টকাত মহিলাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ(Women Indian Premier League)ৰ মিডিয়া স্বত্ব লাভ কৰে Viacom18 এ ৷ মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (ডব্লিউআইপিএল)ৰ মিডিয়া স্বত্ব নিলাম হোৱাৰ লগে লগে সোমবাৰে বহু দাবীদাৰৰ মাজত Viacom18 এ বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰি এই অধিকাৰ লাভ কৰে (viacom18 wins womens ipl media rights) ৷

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সচিব জয় শ্বাহে (BCCI secretary Jay Shah on Twitter) তেওঁৰ টুইটাৰ একাউণ্টত এই ঘোষণা কৰি কয়, "মহিলা@IPL মিডিয়া স্বত্ব লাভ কৰাৰ বাবে @viacom18ক অভিনন্দন । @BCCI আৰু @BCCIWomen ওপৰত আপোনালোকৰ বিশ্বাসৰ বাবে ধন্যবাদ । VIACOM এ ৯৫১ কোটি টকাৰ প্ৰতিশ্ৰুতি দিছে যাৰ অৰ্থ হৈছে পৰৱৰ্তী ৫ বছৰৰ বাবে (২০২৩-২৭) প্ৰতিখন মেচ মূল্য ৭.০৯ কোটি টকা। মহিলা ক্ৰিকেটৰ বাবে এইটো বৰ ডাঙৰ খবৰ।"

  • Congratulations @viacom18 for winning the Women’s @IPL media rights. Thank you for your faith in @BCCI and @BCCIWomen. Viacom has committed INR 951 crores which means per match value of INR 7.09 crores for next 5 years (2023-27). This is massive for Women’s Cricket 🙏🇮🇳

    — Jay Shah (@JayShah) January 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Hockey World Cup 2023: হকী বিশ্বকাপ: স্পেইনক ২-০ গ’লত পৰাস্ত টীম ইণ্ডিয়াৰ

এই বছৰৰ মাৰ্চত মহিলাৰ আই পি এল অনুষ্ঠিত হোৱাৰ (Women Indian Premier League) সম্ভাৱনা আছে বুলিও টুইটটোত উল্লেখ কৰে বিচিচিআইৰ সচিব জয় শ্বাহে ।

মহিলাৰ আই পি এল ২০২৩ ছিজনৰ বাবে খেলুৱৈসকলৰো নিলাম অনুষ্ঠিত হ'ব । অৱশ্যে নিলামৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই । আশা কৰা হৈছে যে মহিলা প্ৰিমিয়াৰ লীগ এই বছৰৰ ৩ ৰ পৰা ২৬ মাৰ্চলৈ অনুষ্ঠিত হ'ব পাৰে । এই ছিজনত মুঠ ২২ খন খেল অনুষ্ঠিত হ'ব পাৰে । বিচিচিআইয়ে ২৫ জানুৱাৰীত পাঁচটা ডব্লিউআইপিএল ফ্ৰেঞ্চাইজি উন্মোচন কৰিব ।

  • After pay equity, today's bidding for media rights for Women's IPL marks another historic mandate. It's a big and decisive step for empowerment of women's cricket in India, which will ensure participation of women from all ages. A new dawn indeed! #WIPL @ICC @BCCIWomen

    — Jay Shah (@JayShah) January 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মহিলাৰ টি-২০ প্ৰত্যাহ্বান প্ৰথমতে এখন প্ৰদৰ্শনী প্ৰতিযোগিতা হিচাপে অনুষ্ঠিত হৈছিল যদিও পৰৱৰ্তী সময়ত বিচিচিআইয়ে যোৱা বছৰ অৱশেষত ডব্লিউআইপিএল হিচাপে খেলাবলৈ সিদ্ধান্ত লৈছিল ৷ বিচিচিআইয়ে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখনৰ সময়সূচী প্ৰকাশ কৰা নাই যদিও প্ৰথম ছিজনটো ৫ মাৰ্চৰ পৰা ২৩ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে ৷ প্ৰথম ছিজনত ২২ খন মেচ অনুষ্ঠিত হ’ব ।

স্মৰ্তব্য যে যিসকল ক্ৰিকেটাৰে ইতিমধ্যে ভাৰতক প্ৰতিনিধিত্ব কৰিছে তথা বৰ্তমান কেন্দ্ৰীয় চুক্তিত আছে তেওঁলোকৰ তেওঁলোকৰ আধাৰ মূল্য হিচাপে ৩০ লাখ টকা, ৪০ লাখ টকা বা ৫০ লাখ টকা বাছনি কৰিব পাৰে ৷

লগতে পঢ়ক: India Sri Lanka ODI : সৰ্বাধিক ৰাণত জয়ৰ ৰেকৰ্ড টীম ইণ্ডিয়াৰ, অন্তিম এদিনীয়াত ৩১৭ ৰাণত পৰাস্ত শ্ৰীলংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.