ETV Bharat / sports

Hockey World Cup 2023: হকী বিশ্বকাপ: স্পেইনক ২-০ গ’লত পৰাস্ত টীম ইণ্ডিয়াৰ

author img

By

Published : Jan 13, 2023, 9:52 PM IST

হকী বিশ্বকাপৰ প্ৰথমখন খেলতেই স্পেইনক ২-০ গ’লত পৰাস্ত কৰে টীম ইণ্ডিয়াই ৷ স্পেইনৰ বিৰুদ্ধে খেলখনত প্ৰথমটো গ’ল কৰি আন এক কৃতিত্ব অৰ্জন কৰে ভাৰতে ৷ বিশ্বকাপত ২০০ গ'ল কৰা তৃতীয়খন দেশ হিচাপে পৰিগণিত হয় ভাৰত(Hockey World Cup 2023) ।

Hockey World Cup 2023
স্পেইনক ২-০ গ’লত পৰাস্ত টীম ইণ্ডিয়াৰ

নিউজ ডেস্ক, ১৩ জানুৱাৰী: ওডিশাৰ ৰুৰকেল্লা বীৰচা মুণ্ডা হকী ষ্টেডিয়ামত অনুষ্ঠিত হকী বিশ্বকাপত শুকুৰবাৰে টীম ইণ্ডিয়াই স্পেইনক ২-০ গ’লত পৰাস্ত কৰে(India beat Spain 2-0) ৷ টীম ইণ্ডিয়াই স্পেইনৰ বিৰুদ্ধে শক্তিশালী আৰম্ভণিৰে বিশ্বকাপ অভিযানত নিজৰ অধিপত্য স্থাপন কৰিবলৈ সক্ষম হয় ৷ ভাৰতীয় খেলুৱৈসকলে খেলপথাৰত সুন্দৰ প্ৰদৰ্শন কৰি তেওঁলোকৰ প্ৰথমখন খেলতেই প্ৰতিপক্ষ স্পেইনক এটাও গ'ল কৰাৰ সুযোগ নিদিলে(INDIA vs SPAIN) ।

ইফালে আজিৰ খেলখনত ভাৰতে আন এক কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ভাৰতীয় দলটোৱে আজি স্পেইনৰ বিৰুদ্ধে প্ৰথমটো গ'ল কৰাৰ লগে লগে এক ডাঙৰ সাফল্য অৰ্জন কৰে । এইটো গ’ল বিশ্বকাপত ভাৰতৰ ২০০ সংখ্যক গ'ল আছিল(Team india 200 goal in Hockey World Cup) । ইয়াৰ সৈতে ভাৰত বিশ্বকাপত ২০০ টা গ'ল কৰা তৃতীয়খন দেশ হিচাপে পৰিগণিত হয় ।

বিশ্বকাপত সৰ্বাধিক গ'ল কৰাৰ অভিলেখ আছে অষ্ট্ৰেলিয়াৰ । অষ্ট্ৰেলিয়া ৩০৫ টা গ'লৰ সৈতে বিশ্বকাপৰ ইতিহাসৰ সৰ্বাধিক গ’ল কৰা তালিকাৰ শীৰ্ষত আছে ৷ আনহাতে ২৬৭ টা গ'লৰ সৈতে দ্বিতীয় স্থানত আছে নেডাৰলেণ্ড । ভাৰতে আজি খেলখনত স্পেইনৰ বিৰুদ্ধে প্ৰথমটো গ'ল কৰে ৷ বিশ্বকাপৰ ইতিহাসত ২০০ টা গ'ল কৰা বিশ্বৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হয় ভাৰত ৷

লগতে পঢ়ক: India vs Sri Lanka 2nd ODI: দ্বিতীয় এদিনীয়াত শ্ৰীলংকাক হৰুৱাই শৃংখলা দখল ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.