ETV Bharat / bharat

India Sri Lanka ODI : সৰ্বাধিক ৰাণত জয়ৰ ৰেকৰ্ড টীম ইণ্ডিয়াৰ, অন্তিম এদিনীয়াত ৩১৭ ৰাণত পৰাস্ত শ্ৰীলংকা

author img

By

Published : Jan 15, 2023, 8:26 PM IST

Updated : Jan 16, 2023, 6:27 AM IST

বেটিং, বলিং বা ফিল্ডিং কোনো বিভাগতেই তিৰুৱনন্তপুৰমত ভাৰতৰ সৈতে ফেৰ মাৰিব নোৱাৰিলে শ্রীলংকাই । বলাৰৰ দূৰ্দান্ত প্ৰদৰ্শন আৰু বিৰাট কোহলি, শুভমন গিলৰ বেটিঙৰ দপদপনিত মাত্ৰ ৭৩ ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য হয় শ্ৰীলংকাই । এয়া হৈছে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰাণত জয়ৰ অভিলেখ । ৩১৭ ৰাণত শ্রীলংকাক পৰাস্ত কৰি ভাৰতে এই অভিলেখ ৰচে (India record win against Sri Lanka in 3rd ODI)।

India
India

স্পৰ্টছ ডেস্ক, ১৫ জানুৱাৰী : সন্মান ৰক্ষাৰ যুঁজতো লজ্জাজনক আত্মসমৰ্পণ সিংহল বাহিনীৰ । ভাৰতৰ বিৰুদ্ধে চলিত এদিনীয়া শৃংখলাৰ অন্তিমখন মেচতো ভাৰতৰ হাতত শোচনীয় পৰাজয়বৰণ কৰে শ্ৰীলংকাই । দেওবাৰে তিৰুৱনন্তপুৰমত অনুষ্ঠিত চলিত এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত ভাৰতে শ্ৰীলংকাক ৩১৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে (India record win against Sri Lanka in 3rd ODI) । লগতে সৰ্বাধিক ৰাণত জয়ৰ ৰেকৰ্ড লিপিবদ্ধ হয় টীম ইণ্ডিয়াৰ নামত ।

ইয়াৰ পূৰ্বে এই ৰেকৰ্ড আছিল নিউজিলেণ্ডৰ নামত (India beat Sri Lanka by 317 runs) । ২৯০ ৰাণৰ বিশাল ব্যৱধানত নিউজিলেণ্ডে আয়াৰলেণ্ডক পৰাস্ত কৰি এই ৰেকৰ্ড গঢ়িছিল । মহম্মদ চিৰাজে চাৰিটা উইকেট, কুলদীপ যাদৱে দুটা আৰু মহম্মদ ছামিয়ে এটা উইকেট দখল কৰে । ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা ৩-০ ৰ ব্যৱধানত হস্তগত কৰে (India win ODI series against Sri Lanka) ।

অৱশ্যে বিৰাট আৰু শুভমনৰ বেটিং প্ৰত্যক্ষ কৰি অনুমান হৈছিল যে, তিৰুৱনন্তপুৰমৰ পিটচত বলাৰৰ বাবে একো নাই । কিন্তু সেয়া ভুল বুলি প্রমাণিত কৰে মহম্মদ চিৰাজ আৰু মহম্মদ চামিয়ে । নতুন বলেৰে তেওঁলোকৰ আক্রমণত দিশহাৰা হৈ পৰে শ্রীলংকাৰ বেটছমেনসকল । যাৰ বাবে ৯ উইকেটত মাত্ৰ ৭৩ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় শ্ৰীলংকাই (India set highest run win record) । আঘাতৰ বাবে অন্তিমগৰাকী বেটছমেন বেটিং কৰিবলৈ আহিব নোৱাৰিলে শ্ৰীলংকাৰ ।

দেওবাৰে তিৰুৱনন্তপুৰমৰ পিটচ পৰিদৰ্শন কৰি ৰোহিত শর্মাই বুজি পাইছিল যে বৃহৎ ৰাণ আহিব । সেয়ে টছত জয়ী হৈ বিনাদ্বিধাই বেটিং লয় ৰোহিতে । টছত জয়ী হৈ ৰোহিতে কয়, “আমি প্রথমতে বেটিং কৰিম । অতি ভাল পিটচ । তাৰ সুবিধা ল'ব লাগিব ।” আৰু সেই সুবিধায়েই ল'লে শুভমন আৰু বিৰাটে । ৯৭ বলত শতক কৰে শুভমন গিলে । বিৰাটে ১৬৬ ৰাণত অপৰাজিত থাকে । সমগ্ৰ ইনিংছটোত ১৪ টা অভাৰ বাউণ্ডেৰী কোবায় ভাৰতে । ইয়াৰে ভিতৰত ৮ টা ছয় মাৰে বিৰাট কোহলিয়ে । ১১০ বলত ১৬৬ ৰাণ কৰে তেওঁ । ভাৰতে ৫ উইকেটৰ বিনিময়ত নিৰ্ধাৰিত ৫০ অভাৰত ৩৯০ ৰাণ সংগ্ৰহ কৰে । বিৰাট কোহলিয়ে মেন অৱ দ্য মেচ আৰু মেন অৱ দ্য ছিৰিজ সন্মান লাভ কৰে ।

লগতে পঢ়ক :India Sri Lanka ODI : গ্ৰীণফিল্ডত বিৰাট গৰ্জন ! অভিলেখৰ জোৱাৰ কোহলিৰ

Last Updated :Jan 16, 2023, 6:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.