ETV Bharat / bharat

Death of elephants in India: ভাৰতত সংকটত গজৰাজ !

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 12:27 PM IST

Death of elephants in India
ভাৰতত সংকটত গজৰাজ

দেশত ব্যাপকভাৱে গণেশ চতুৰ্থী উদযাপন কৰা হৈছে । গণেশক গজানন বা গজৰাজ বুলিও কোৱা হয় । কিন্তু সেই গজৰাজ এতিয়া সংকটত । আৰটিআইৰ এক তথ্যত ভয়ংকৰ কথা পোহৰলৈ আহিছে । যিয়ে আপোনাকো আচৰিত কৰি তুলিব ।

ভাৰতত সংকটত গজৰাজ

নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ : দেশত হস্তী মানুহৰ সংঘাত অব্যাহত আছে । ইয়াৰ মাজতে প্ৰতিবছৰে বিভিন্ন কাৰণত মৃত্যু হৈছে শ শ বন্যহস্তীৰ । যোৱা ১৪ বছৰত দেশৰ বিভিন্ন ৰাজ্যত প্ৰায় ১,৩৫৭ টা হাতীৰ মৃত্যু হৈছে । আৰটিআইৰ এক তথ্যত এই কথা পোহৰলৈ আহিছে । আচৰিত কথাটো হ'ল যে তাৰ ভিতৰত ৮৯৮ টা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছে । ৰে'লৰ খুন্দাত মৃত্যু হৈছে ২২৮ টা হাতীৰ । আনহাতে ১৯১ টা হাতী চোৰাং চিকাৰীয়ে হত্যা কৰিছে । এই সময়ছোৱাত প্ৰায় ৪০ টা হাতীক বিষাক্ত দ্ৰব্য সেৱন কৰোৱাই হত্যা কৰা হৈছে ।

উত্তৰাখণ্ডৰ হালদৱানীৰ বাসিন্দা আৰটিআই কৰ্মী হেমন্ত গোনিয়াই কয় যে জুন মাহত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কেন্দ্ৰীয় লোক তথ্য বিষয়াৰ পৰা কিছু তথ্য বিচাৰিছিল । তেওঁৰ প্ৰশ্নৰ উত্তৰটো প্ৰজেক্ট এলিফেণ্টৰ বিজ্ঞানী ড৹ মুথামিজ চেলভানে দিছে । তেওঁ কৰা প্ৰশ্নৰ উত্তৰত কোৱা হৈছে যে বিদ্যুৎস্পৃষ্ট হৈ দেশৰ সৰ্বাধিক সংখ্যক হাতীৰ মৃত্যু হৈছে ।

Death of elephants in India
ভাৰতত সংকটত গজৰাজ

তেওঁ উল্লেখ কৰা মতে যোৱা ১৩ বছৰত বিদ্যুৎস্পৃষ্ট হৈ ৮৯৮ টা হাতীৰ মৃত্যু হৈছে । হাতীৰ মৃত্যুৰ দ্বিতীয়টো মুখ্য কাৰণ ৰে'ল । ৰে'লৰ খুন্দাত প্ৰায় ২২৮ টা হাতীৰ মৃত্যু হৈছে । ৰে'লৰ খুন্দাত উত্তৰাখণ্ডত ২৭ টা হাতীৰ মৃত্যু হৈছে । আৰটিআইৰ তথ্য অনুসৰি, অৰুণাচল, অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, পশ্চিমবংগ, মণিপুৰ আৰু মিজোৰামকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আনুমানিক হাতীৰ সংখ্যা হৈছে প্ৰায় ১০,১৩৯ টা ।

আনহাতে পূব মধ্য অঞ্চল ক্ৰমে ওড়িশা, ঝাৰখণ্ড, ছত্তীশগড়, বিহাৰ, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগ (দক্ষিণ)ত ৩,১২৮ টা হাতী আছে । উত্তৰ পশ্চিম অঞ্চল ক্ৰমে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু হিমাচলত ২,০৮৫ টা হাতী আছে । কেৰালা, কৰ্ণাটক, তামিলনাডু, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ অঞ্চলত ১৪,৬১২ টা হাতী আছে । তথ্য অনুসৰি দেশত মুঠ হাতীৰ সংখ্যা হৈছে ২৯,৯৬৪ টা ।

আৰটিআই কৰ্মী হেমন্ত গোনিয়াই কয় যে দেশত যিধৰণে হাতীবোৰ দুৰ্ঘটনাতপতিত হৈ মৃত্যুমুখত পৰিছে । সেই ক্ষেত্ৰত বন বিভাগৰ কাম-কাজক লৈ প্ৰশ্ন উত্থাপিত হৈছে । বিয়াগোম বিভাগটোৱে এই ক্ষেত্ৰত এক বৃহৎ বাজেট লাভ কৰে । তাৰ পাছতো হাতীৰ অকাল মৃত্যু উদ্বেগজনকভাৱে বাঢ়িছে বুলি তেওঁ উল্লেখ কৰে । এনে পৰিস্থিতিত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে হাতীৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে বিশেষ প্ৰচেষ্টা কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :Hilsa in Durga Puja market: দুৰ্গা পূজাৰ বতৰত ভাৰতলৈ ৰপ্তানি হ’ব প্ৰায় ৪ হাজাৰ মেট্ৰিক টন বাংলাদেশৰ ইলিছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.