ETV Bharat / bharat

Hilsa in Durga Puja market: দুৰ্গা পূজাৰ বতৰত ভাৰতলৈ ৰপ্তানি হ’ব প্ৰায় ৪ হাজাৰ মেট্ৰিক টন বাংলাদেশৰ ইলিছ

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 10:00 AM IST

বাংলাদেশৰ পদ্মা আৰু মেঘনা নদীৰ সংগমস্থল চান্দপুৰৰ পৰা অহা ইলিছ মাছক মৎস্যপ্ৰেমীয়ে অতি সোৱাদযুক্ত বুলি উল্লেখ কৰে ৷ এই সোৱাদযুক্ত মাছৰ মূল্যও অৱশ্যে অধিক ৷ এইবাৰ দুৰ্গা পূজাৰ পূৰ্বে প্ৰায় ৪ হাজাৰ মেট্ৰিক টন ইলিছ মাছ ভাৰতলৈ ৰপ্তানি কৰাৰ অনুমতি প্ৰদান কৰিছে বাংলাদেশ চৰকাৰে । বাংলাদেশৰ বাণিজ্য মন্ত্ৰালয়ে ৭৯ টা ব্যৱসায়িক সংস্থাক ৩,৯৫০ মেট্ৰিক টন ইলিছ ভাৰতলৈ ৰপ্তানি কৰিবলৈ অনুমতি দিছে ।

Bangladeshi Hilsa
বাংলাদেশৰ ইলিছ ভাৰতলৈ ৰপ্তানি

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : ইলিছ মাছ আপোনাৰ প্ৰিয় নে ? ইলিছৰ ভাপা, ইলিছ ভজা, ইলিছৰ জোল বুলিলে আপোনাৰো নিশ্চয় জিভাৰ পানী পৰে ৷ পিচে ইলিছৰ দামে আপোনাকো নিশ্চয় সোৱাদ লোৱাৰ আগত ভাবিবলৈ বাধ্য কৰে ৷ ইলিছ বুলি ক’লে ভাৰতৰ পশ্চিম বংগ ৰাজ্যত বিশেষ সমাদৰ দেখা যায় ৷ এই ক্ষেত্ৰত অসম আৰু ত্ৰিপুৰাও অৱশ্যে বাদ পৰি নাযায় ৷

দুৰ্গা পূজাৰ সময়ত মাছ-মাংসৰ চাহিদা স্বাভাৱিকতেই বৃদ্ধি পায় ৷ পূজাৰ কেইদিনত ভাতৰ কাঁহীৰ কাষত যদি ভাপা ইলিছৰ এটুকুৰা পৰিৱেশন কৰা হয়, তেতিয়া নিশ্চয় আপোনাৰো পেটৰ ভোক বাঢ়িব ৷ পূজাত ভাৰতৰ মানুহক ইলিছৰ সোৱাদ দিবলৈ ইতিমধ্যে সাজু হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ৷

বুধবাৰে বাংলাদেশ চৰকাৰে পশ্চিম বংগৰ সৰ্ববৃহৎ উৎসৱ দুৰ্গা পূজাৰ পূৰ্বে প্ৰায় ৪ হাজাৰ মেট্ৰিক টন বাঙালী লোকৰ জনপ্ৰিয় মাছ ইলিছ ভাৰতলৈ ৰপ্তানি কৰাৰ অনুমতি প্ৰদান কৰিছে । বাংলাদেশৰ বাণিজ্য মন্ত্ৰালয়ে ৭৯ টা ব্যৱসায়িক সংস্থাক ৩,৯৫০ মেট্ৰিক টন ইলিছ ভাৰতলৈ ৰপ্তানি কৰিবলৈ অনুমতি দিছে ।

ৰপ্তানিকাৰকসকলে ৫০ মেট্ৰিক টনকৈ ইলিছ মাছ ৰপ্তানি কৰিব পাৰিব । শ্বেখ হাছিনা চৰকাৰৰ আনুষ্ঠানিক বিবৃতি অনুসৰি এই আদেশ ৩০ অক্টোবৰলৈকে বৈধ হৈ থাকিব । বাংলাদেশৰ ৰাষ্ট্ৰীয় মাছ ইলিছ দেশৰ অন্যতম ৰপ্তানি সামগ্ৰী, যি ভৌগোলিক সূচক (জি আই) লাভ কৰিছে ।

২০২০ চনত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক কলকাতা ভ্ৰমণৰ সময়ত ভাৰতলৈ ইলিছ ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথা চিন্তা কৰিবলৈ আহ্বান জনাইছিল । অৱশ্যে হাছিনাই কয় যে তেওঁৰ দেশে মাছপ্ৰেমী বাঙালীসকলৰ আটাইতকৈ প্ৰিয় খাদ্যৰ তালিকাৰ শীৰ্ষত থকা হিলছাৰ ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল’বলৈ হ’লে ভাৰতে প্ৰথমে উত্তৰ বংগৰ তিস্তা নদীৰ পৰা চুবুৰীয়া দেশখনলৈ পানীৰ যথোচিত অংশ ভাগ-বাটোৱাৰা কৰিব লাগিব ।

এই প্ৰক্ৰিয়াক ‘‘হিলছা কূটনীতি’’ বুলি কোৱা হৈছিল । সাগৰীয় সামগ্ৰীৰ পাইকাৰী ব্যৱসায়ী মিণ্টু পালে কয়, "পদ্মা ইলিছৰ দাম যিয়েই নহওক কিয় বজাৰত ইয়াৰ চাহিদা বেছি হয় । পূজাৰ আগত বাংলাদেশৰ এই ৰপ্তানিয়ে বজাৰখনক উত্থানশীল কৰি তুলিব যদিও তেওঁলোকে যিদৰে দাম নিৰ্ধাৰণ কৰিব সেই অনুসৰি বৃহৎ পৰিমাণৰ মাছ যোগান ধৰা হ'ব । এই ঋতুত যিকোনো ক্ষেত্ৰতে চাহিদা বৃদ্ধি পায়’’ ।

বাংলাদেশৰ পৰা অহা বহুমূলীয়া ইলিছৰ অধিকাংশই পশ্চিম বংগৰ বজাৰসমূহত বিক্ৰী হ’ব যদিও ব্যৱসায়ীসকলে কয় যে দিল্লী, বেংগালুৰু আৰু মুম্বাইতো ইলিছপ্ৰেমীসকলৰ বাবে যথেষ্ট পৰিমাণে বিক্ৰী কৰা হ’ব ।

লগতে পঢ়ক : women's reservation Bill: মহিলা সবলীকৰণ বিজেপিৰ কৰ্ম সংস্কৃতি : অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.