ETV Bharat / bharat

UP Assembly Election 2022 : উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনৰ ফলাফল

author img

By

Published : Mar 10, 2022, 3:40 PM IST

Updated : Mar 10, 2022, 4:41 PM IST

আজি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷ তাৰ ভিতৰত অন্যতম উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন (UP Election 2022) ৷ উত্তৰ প্ৰদেশত 403 খন আসনত সাতটাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ৷ জানো আহক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সবিশেষ ৷

up-assembly-elections-result-2022-live-updates
UP Assembly Election 2022 : উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, 10 মাৰ্চ : আজি বহু প্ৰত্যাশিত দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷ সেই অনুসৰি এই ফলাফল ঘোষণা হ’বলগীয়া ৰাজ্যকেইখন হৈছে ক্ৰমে- উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ, পঞ্জাৱ আৰু গোৱা ৷

উত্তৰ প্ৰদেশত 403 খন আসনত সাতটাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ (UP Election 2022) ৷ সৰ্বমুঠ 4442 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 58 খন আসনৰ বাবে 62.40 শতাংশ লোকে ভোটদান কৰিছিল ৷ দ্বিতীয় পৰ্যায়ত 55 খন আসনৰ বাবে 64.42 শতাংশ লোকে ভোটদান কৰে ৷

ইয়াৰ পিছত ক্ৰমে 59 খন আসনৰ বাবে তৃতীয় পৰ্যায়ত 61.61 শতাংশ, 59 খন আসনৰ বাবে চতুৰ্থ পৰ্যায়ত 60.70 শতাংশ আৰু 61 খন আসনৰ বাবে পঞ্চম পৰ্যায়ত 57.32 শতাংশ ভোটাধিকাৰ সাব্যস্ত কৰা হৈছিল ৷ পৰৱৰ্তী 57 খন আসনৰ বাবে ষষ্ঠ পৰ্যায়ত 55.70 শতাংশ ভোটদান সাব্যস্ত হোৱাৰ বিপৰীতে সপ্তম পৰ্যায়ত 54 খন আসনৰ বাবে 57.53 শতাংশ ভোট প্ৰদান কৰে ভোটাৰসকলে ৷

তথ্য অনুসৰি,

3:32 বজালৈকে

  • উত্তৰ প্ৰদেশত মুঠ 403 খন আসনৰ বিপৰীতে বিজেপি দলে 264 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷

3:35 বজালৈকে

  • দ্বিতীয় স্থানত থকা বিৰোধী দল সমাজবাদী পাৰ্টীয়ে 131 খন আসন , কগ্ৰেছে 2 খন আৰু বিএছপিয়ে 1 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

3:56 বজালৈকে

বিধানসভা নিৰ্বাচন ২০২২ৰ ভোট গণনাৰ মাজতে, সমাজবাদী পাৰ্টীৰ এজন সমৰ্থক আত্মদাহৰ চেষ্টা । অৱশ্যে, ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে লোকজনক চিকিৎসালয়ত ভৰ্তি কৰে ।

4:36 বজালৈকে

  • শেহতীয়া তথ্য মতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ গোৰখপুৰৰ পৰা এক লাখ দুই হাজাৰৰ অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে ৷
Last Updated :Mar 10, 2022, 4:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.