ETV Bharat / bharat

Manipur Violence: মণিপুৰত পুনৰ 5 টাকৈ বাসগৃহ জ্বলালে দুৰ্বৃত্তই; কাঢ়ি নিলে আৰক্ষীৰ অস্ত্ৰ

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 7:53 PM IST

Updated : Aug 27, 2023, 8:30 PM IST

মণিপুৰৰ ইম্ফলৰ পূব জিলাত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিউ লাম্বুলেনত অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে পাঁচটাকৈ বাসগৃহ জ্বলাই দিয়ে ৷

Unidentified Miscreants Torch Houses in Manipur's New Lambulane
মণিপুৰত পুনৰ 5 টাকৈ বাসগৃহ জ্বলালে দুৰ্বৃত্তই

নেশ্যনেল ডেস্ক, 27 আগষ্ট : এতিয়াও মণিপুৰত শাম কটা নাই পৰিস্থিতি ৷ দেওবাৰে মণিপুৰৰ ইম্ফলৰ পূব জিলাত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ৷ নিউ লাম্বুলেনত অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে পাঁচটাকৈ বাসগৃহ জ্বলাই দিয়ে ৷ এই ঘটনাৰ পিচতে স্থানীয় লোকসকলে সংঘটিত কৰা বুলি সন্দেহৰ সৃষ্টি হৈছে ৷

স্থানীয় লোকসকলে, অভিযোগ কৰা অনুসৰি অঞ্চলটোত প্ৰৱেশ পথ সীমিত থকাৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পিচতো এনে ঘটনা সংঘটি কৰা দুৰ্বৃত্তৰ দলটো স্থানীয় নিউ লাম্বুলেনৰ বাসিন্দা হোৱাৰ সম্ভাৱনা অধিক ৷

অগ্নিসংযোগ হোৱা অঞ্চলটোৰ প্ৰৱেশ দ্বাৰ, নিৱেশ দ্বাৰত নিয়ন্ত্ৰিত বেৰ দিয়াৰ লগতে সমগ্ৰ দিনটো কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) জোৱান নিয়োগ কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল ৷

ইয়াৰ উপৰিও, বিশেষ সেৱা বেটেলিয়নৰ (এছ.এছ.বি.) কৰ্মচাৰীসকল মুখ্য পথত নিয়োজিত হৈ আছে, যাৰ ফলত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া হয় ৷ ইমানকৰ পিচতো স্থানীয় লোকসকলে জনোৱা অনুসৰি কেৱল অঞ্চলটোত বাস কৰা কুকি সম্প্ৰদায়ৰ সদস্যসকলেহে সম্ভৱতঃ এনে কাৰ্য সংঘটিত কৰিব পাৰে ৷ তেওঁলোকে ইচ্ছাকৃতভাৱে চুবুৰীয়া মেইটেই সম্প্ৰদায়ৰ লোকসকলৰ বাসগৃহত অগ্নি সংযোগ কৰি ধ্বংসলীলা চলাইছে ৷

এই অগ্নিকাণ্ডৰ ঘটনাৰ ঘটনাৰ পিচতে স্থানীয় লোকসকলে ৰাজপথলৈ ওলাই আহি গৰিহনা দিয়ে ৷ অৱশ্যে, পৰিস্থিতি উত্তেজনাময় হোৱাত আৰক্ষীয়ে হস্তক্ষেপ কৰি, সমবেত লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ টীয়েৰ গেছৰ লগতে শূন্যলৈ কেইবাজাঁই গুলীচালনা কৰে ৷ ইয়াৰ ফলত আৰক্ষী আৰু ক্ৰোধিত প্ৰতিবাদকাৰীসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ এই ঘটনাই ইম্ফল চহৰৰ শান্তিপূৰ্ণ পৰিৱেশ পুনৰ অস্থিৰ কৰে ৷

ইফালে অহা 29 আগষ্টত মণিপুৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত হ'ব ৷ তাৰ পূৰ্বেই এই ঘটনাৰ সন্দৰ্ভত অধিৱেশনৰ সময়ত চৰকাৰে কিদৰে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে দেখা যাব ৷

ইফালে দেওবাৰে পুৱা প্ৰায় ২ বজাত প্ৰাক্তন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক কে ৰাজোৰ বাসগৃহত পহৰা দিয়া নিৰাপত্তাকৰ্মীৰ পৰা অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে তিনিটাকৈ মাৰণাস্ত্ৰ কাঢ়ি লৈ গৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

ইম্ফল পশ্চিম জিলাৰ ইম্ফল আৰক্ষী থানাৰ অন্তৰ্গত চাগোলবান্দ বিজয় গোবিন্দাত সংঘটিত হয় এই ঘটনা ৷ কাঢ়ি নিয়া অস্ত্ৰসমূহৰ ভিতৰত দুটা একে চিৰিজ ৰাইফল আৰু এটা কাৰ্বাইন আছিল ৷ সম্প্ৰতি আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ আৰু জড়িত লোকসকলক আটক কৰিবলৈ অভিযান আৰম্ভ কৰিছে।

লগতে পঢ়ক: India-China talks: চীনৰ অনুৰোধত হোৱা নাছিল ঝি জিনপিং আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক; স্পষ্ট কৰিলে নতুন দিল্লীয়ে

Last Updated :Aug 27, 2023, 8:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.