ETV Bharat / bharat

India-China talks: চীনৰ অনুৰোধত হোৱা নাছিল ঝি জিনপিং আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক; স্পষ্ট কৰিলে নতুন দিল্লীয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 4:08 PM IST

ভাৰত আৰু চীনৰ মাজত এতিয়ালৈকে কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই ৷ চীনৰ দাবীক নস্যাৎ কৰি এই কথা সদৰী কৰিছে নতুন দিল্লীৰ সূত্ৰই ৷ অৱশ্যে 15 তম ব্ৰিকছ সন্মিলনৰ সময়ত ঝি জিনপিং আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত অনানুষ্ঠানিক আলোচনা হৈছিল ৷

India-China talks
India-China talks

নেশ্যনেল ডেস্ক, 25 আগষ্ট: শেহতীয়াকৈ 15 তম ব্ৰিকছ সন্মিলনৰ (15th BRICS Summit) সময়ত চীন আৰু ভাৰতৰ মাজত আলোচনা অনুষ্ঠিত হোৱা বুলি চীনে কৰা দাবীক নস্যাৎ কৰিছে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ সূত্ৰই ৷ চীনৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি দাবী কৰিছিল, ‘‘ৰাষ্ট্ৰপতি ঝি জিনপিঙে চলিত বৰ্ষৰ 23 আগষ্টত ব্ৰিকছ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হৈছিল ৷’’

অৱশ্যে, নতুন দিল্লীৰ সূত্ৰই ইয়াৰ বিৰোধিতা কৰি দাবী কৰিছে যে ‘‘দ্বিপাক্ষিক বৈঠকৰ বাবে চীনৰ ফালৰ পৰা অনুৰোধ আছে আৰু সেয়া এতিয়াও স্থগিত হৈ আছে ৷’’ এই সূত্ৰসমূহে এই কথা নশ্চিত কৰিছে যে ‘‘ব্ৰিকছ সন্মিলনৰ সময়ত দুয়োগৰাকী নেতাই (মোদী- ঝি জিনপিং) লিডাৰ্ছ লাউঞ্জত এক অনানুষ্ঠানিক বাৰ্তালাপ কৰিছিল ৷’’

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে যে দুয়োগৰাকী নেতাই চীন-ভাৰত সম্পৰ্কৰ বৰ্তমানৰ অৱস্থা আৰু অন্যান্য অংশীদাৰী স্বাৰ্থ সম্পৰ্কে এক স্পষ্ট আৰু ব্যাপক মত বিনিময়ত কৰিছিল ৷ চীনৰ ৰাষ্ট্ৰপতি ঝিয়ে গুৰুত্ব আৰোপ কৰে যে এই সম্পৰ্কই দুয়োখন ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ সামূহিক স্বাৰ্থ পূৰণ কৰে আৰু ই বিশ্ব আৰু আঞ্চলিক শান্তি, স্থিৰতা আৰু উন্নয়নত অৰিহণা যোগায় ৷

লক্ষণীয়ভাৱে, 2020 চনৰ মে’ মাহত গালৱান উপত্যকাত হোৱা সংঘৰ্ষৰ পিছত দুয়োগৰাকী নেতাই মাজত প্ৰথমখন অনানুষ্ঠানিক বৈঠক অনুষ্ঠিত হয় ৷ সীমান্তৰ অচলাৱস্থা সমাধানৰ বাবে প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীৰ পৰ্যায়ত অজস্ৰ উচ্চ পৰ্যায়ৰ আলোচনা হোৱা স্বত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এতিয়ালৈকে পোনপটীয়াকৈ আনুষ্ঠানিক আলোচনাত মিলিত হোৱা নাই ৷

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-চীন সীমান্তৰ পশ্চিম খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) অমীমাংসিত বিষয় সন্দৰ্ভত ভাৰতৰ উদ্বেগৰ কথা উল্লেখ কৰে । তেওঁ গুৰুত্ব আৰোপ কৰে যে সীমান্ত অঞ্চলত শান্তি বজাই ৰখা আৰু দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে LACক সন্মান কৰাটো গুৰুত্বপূৰ্ণ ৷

উল্লেখ্য যে কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ 19 তম পৰ্যায়ৰ আলোচনা শেহতীয়াকৈ ভাৰত আৰু চীনৰ মাজত চুচুল-মোলডোত (Chushul-Moldo) অনুষ্ঠিত হৈছিল । দুয়োখন দেশৰ মাজৰ সম্পৰ্ক তিক্ত কৰি তোলা সীমান্ত অচলাৱস্থা সমাধানৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হৈছে এই আলোচনা ।

লগতে পঢ়ক: PM Modi on Indo China relations : পাৰস্পৰিক সম্পৰ্ক উন্নত কৰাত গুৰুত্ব ভাৰত চীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.