ETV Bharat / bharat

PM Modi on Indo China relations : পাৰস্পৰিক সম্পৰ্ক উন্নত কৰাত গুৰুত্ব ভাৰত চীনৰ

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 11:31 AM IST

দক্ষিণ আফ্ৰিকাত সদ্য সমাপ্ত ব্ৰিকছ সন্মিলনৰ সময়ত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰে আৰু দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে ভাৰত-চীন সম্পৰ্ক উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

PM Modi on Indo China relations
দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাত জোৰ দিয়ে ভাৰত আৰু চীনৰ ৰাষ্ট্ৰপতিয়ে

নেশ্যনেল ডেস্ক, ২৫ আগষ্ট : চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত চীন-ভাৰত সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, চীন-ভাৰত সম্পৰ্ক উন্নত কৰিলে দুয়োখন দেশ আৰু জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থ পূৰণ হ'ব । চীনৰ ৰাষ্ট্ৰপতিয়ে বুধবাৰে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ পাছতে এই মন্তব্য কৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে ।

চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে বৰ্তমানৰ চীন-ভাৰত সম্পৰ্ক আৰু অংশীদাৰী স্বাৰ্থৰ অন্যান্য প্ৰশ্নৰ ওপৰত দুয়োগৰাকী নেতাৰ মাজত স্পষ্ট আৰু গভীৰ মত বিনিময় হয় । ৰাষ্ট্ৰপতি ঝি জিংপিঙে বৈঠকত জোৰ দি কয় যে চীন-ভাৰত সম্পৰ্ক উন্নত কৰিলে দুয়োখন দেশ আৰু জনসাধাৰণৰ উমৈহতীয়া স্বাৰ্থ পূৰণ হ'ব লগতে বিশ্ব আৰু অঞ্চলটোৰ শান্তি, স্থিৰতা আৰু বিকাশৰ বাবেও অনুকূল হ'ব ।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে, দুয়োপক্ষই তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কৰ সামগ্ৰিক স্বাৰ্থৰ কথা মনত ৰাখিব লাগে আৰু সীমান্ত সমস্যা সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব লাগে যাতে সীমান্ত অঞ্চলত যুটীয়াভাৱে শান্তি সুৰক্ষিত কৰিব পৰা যায় । প্ৰধানমন্ত্ৰী মোডীয়ে জিনপিঙৰ সৈতে বাৰ্তালাপৰ সময়ত লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) অমীমাংসিত বিষয়সমূহত ভাৰতৰ উদ্বেগৰ কথা উল্লেখ কৰে আৰু দুয়োগৰাকী নেতাই তেওঁলোকৰ প্ৰাসংগিক বিষয়াসকলক দ্ৰুত বিচ্ছিন্নতা আৰু বৃদ্ধি হ্ৰাসৰ প্ৰচেষ্টা তীব্ৰ তৎপৰ কৰিবলৈ নিৰ্দেশ দিবলৈ সন্মত হয় ।

পঞ্চদশ ব্ৰিকছ সন্মিলনত ভাৰতৰ অংশগ্ৰহণ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে সন্মিলনৰ সময়ত ব্ৰিকছৰ আন নেতাসকলৰ সৈতে বাৰ্তালাপ কৰে । তেওঁ কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বাৰ্তালাপত উল্লেখ কৰে যে ভাৰত-চীন সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে সীমান্ত অঞ্চলত শান্তি বজাই ৰখা আৰু এলএচিক পৰ্যবেক্ষণ আৰু সন্মান কৰাটো অপৰিহাৰ্য ।

লগতে পঢ়ক :15 th BRICS summit : ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ মোদীৰ, আমেৰিকাৰ অৰ্থ ব্যৱস্থাক সমালোচনা চীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.