ETV Bharat / bharat

ৰাজ্যপালৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত উদ্ধৱ থাকৰে, ১১ জুলাইত শুনানি

author img

By

Published : Jul 8, 2022, 6:39 PM IST

a
a

ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে একনাথ শিণ্ডেক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে থাকৰেয়ে (Thakre moved Supreme Court against Governor descision) । দেশৰ শীৰ্ষ ন্যায়ালয়ে ইয়াৰ বাবে ১১ জুলাইত আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰিছে (Supreme Court agreed to hear on July 11) ।

নিউজ ডেস্ক, ৮ জুলাই : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ উদ্ধৱ থাকৰে (Uddhav Thakre to Supreme Court) । মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়লৈ যায় । ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে একনাথ শিণ্ডেক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে থাকৰেয়ে (Thakre moved Supreme Court against Governor descision) । দেশৰ শীৰ্ষ ন্যায়ালয়ে ইয়াৰ বাবে ১১ জুলাইত আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰিছে (Supreme Court agreed to hear on July 11) । একেদৰে আদালতে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ বিষয়ে আন আবেদনৰ শুনানি প্ৰদানৰো কথা আছে ।

উল্লেখ্য, মহাৰাষ্ট্ৰৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ নেতৃত্বত শিৱসেনাৰ আভ্যন্তৰীণ বিদ্ৰোহৰ ফলত (rebellion within Shiv Sena led by Eknath Shinde) উদ্ধৱ থাকৰেৰ নেতৃত্বৰ মহা বিকাশ আঘাড়ি (collapse of Maha Vikas Aghadi) চৰকাৰৰ পতন ঘটিছিল । বহু নেতাই শিণ্ডে গোটৰ ফালে ঢাল খোৱাত উদ্ধৱ থাকৰেয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল । এতিয়া এটা সৰু বিদ্ৰোহী গোট হিচাপে যি আৰম্ভ হৈ শিণ্ডে গোট অৱশেষত ডাঙৰ দল হৈ পৰে । পৰৱৰ্তী সময়ত ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে শিণ্ডেক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায় ।

আনহাতে, উদ্ধৱ গোটে ৪ জুলাইত মুখ্যমন্ত্ৰী একনাথ শিণ্ডে গোটৰ হুইপক শিৱসেনাৰ হুইপ হিচাপে স্বীকৃতি দিয়া নৱনিযুক্ত মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ পদক্ষেপক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন কৰে । এতিয়া শীৰ্ষ আদালতে ১১ জুলাইত বিষয়টোৰ শুনানি গ্ৰহণ কৰিব । উল্লেখ্য, গোচৰটো বিচাৰাধীন হৈ থকাৰ সময়তে ৰাজ্যপাল কোশিয়াৰীয়ে বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত কৰিবলৈ আৰু সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ দুদিনীয়া বিশেষ অধিবেশনৰ আহ্বান জনাইছিল ।

শিণ্ডে গোটটোৱে এটা হুইপ জাৰি কৰে যিটোক শিৱসেনাৰ হুইপ হিচাপে স্বীকৃতি দিয়া হয় । উদ্ধৱৰ গোটে এই সিদ্ধান্তৰ ওপৰত আপত্তি জনাই দাবী কৰে যে শিণ্ডে 'দল নহয়' আৰু দুয়োপক্ষৰ পৰা জাৰি কৰা দুটা হুইপৰ ভিতৰত কেৱল এটাহে গণনা কৰা হ'ব, যিটো গণতন্ত্ৰৰ প্ৰতি এক স্পষ্ট অৱজ্ঞা আছিল (blatant disregard for democracy) ।

থাকৰেৰ নেতৃত্বত দলটোৱে ৩ জুলাই আৰু ৪ জুলাইত অনুষ্ঠিত বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বৈধতাক প্ৰত্যাহ্বান জনায় (Thackeray challenged validity of assembly proceedings) । য'ত এজন নতুন অধ্যক্ষ নিৰ্বাচিত কৰা হয় আৰু সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ শক্তি পৰীক্ষা কৰা হয় । উল্লেখ্য, মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয়ত থাকৰেৰ অনুগামীসকলৰ দ্বাৰা কেইবাখনো আবেদন দাখিল কৰা হৈছে । এই সকলোবোৰ আবেদনৰ শুনানি ১১ জুলাইৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ।

আনহাতে, উচ্চতম ন্যায়ালয়ে ১১ জুলাইত হুইপ অমান্য কৰা ১৬ জন বিধায়কৰ অযোগ্যতা সন্দৰ্ভত এখন আবেদনৰো শুনানি ল'ব । ইফালে একনাথ শিণ্ডেয়ে 'প্ৰকৃত শিৱসেনা' বুলি দাবী কৰে, কিয়নো তেওঁৰ লগত দুই-তৃতীয়াংশতকৈও অধিক বিধায়কৰ সমৰ্থন আছে ।

উল্লেখ্য, 3 জুলাইত মহাৰাষ্ট্ৰ বিধানসভাই বিজেপি বিধায়ক ৰাহুল নাভাৰকাৰক বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে (Maharashtra Assembly elected BJP MLA Rahul Navarkar speaker) । অধ্যক্ষ হিচাপে তেওঁ লোৱা প্ৰথম সিদ্ধান্তবোৰৰ এটা উদ্ধৱৰ শিৱসেনাৰ গোটৰ বাবে এটা ডাঙৰ আঘাত হিচাপে পৰিগণিত হৈছিল । কিয়নো বিধায়িনী দলৰ নেতা অজয় চৌধুৰীক আঁতৰাই উক্ত পদত বহুওৱা হয় একনাথ শিণ্ডেক । এই সকলোবোৰ আবদনৰ ১১ জুলাইত ভাৰতৰ শীৰ্ষ আদালতত শুনানিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । এতিয়া সকলোৰে দৃষ্টি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ফালে কেন্দ্ৰীভূত হৈ আছে ।

লগতে পঢ়ক :শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেক মহাৰাষ্ট্ৰৰ ‘মাফিয়া মুখ্যমন্ত্ৰী’ আখ্যা কিৰিট সোমাইয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.