ETV Bharat / bharat

FIFA World Cup 2022: ফিফা বিশ্বকাপৰ ক্ষুদ্ৰতম প্ৰতিকৃতি নিৰ্মাণ ভাৰতৰ ইকবাল চাক্কাৰ

author img

By

Published : Dec 1, 2022, 4:22 PM IST

FIFA
FIFA

চাক্কাই কয় যে তেওঁ আশা কৰিছে যে কাটাৰত যিটো দলেই বিশ্বকাপ জয় কৰে সেই দলটোকেই তেওঁৰ দ্বাৰা নিৰ্মিত বিশ্বৰ আটাইতকৈ সৰু ট্ৰফীটো প্ৰদান কৰা উচিত (Qatar World Cup 2022) । তেওঁ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰও লিখিছে চাক্কাই ।

নিউজ ডেস্ক, ১ ডিচেম্বৰ : সমগ্ৰ বিশ্ব বৰ্তমান ফুটবল জ্বৰত আক্ৰান্ত । নহ'বনো কিয়, বৰ্তমান যে বিশ্বকাপ ফুটবলৰ বতৰ । ফুটবল বিশ্বকাপত যোগদান কৰক বা নকৰক, প্ৰতিখন দেশৰ ফুটবল অনুৰাগীয়ে বৰ্তমান বিশ্বকাপৰ খেলত মত্ত (FIFA world cup 2022) । ভাৰতে এতিয়ালৈকে বিশ্বকাপত অংশগ্ৰহণৰ সুযোগ লাভ কৰা নাই যদিও, আমাৰ দেশতো আছে বহু ফুটবলপ্ৰেমী । তেওঁলোকে বিশ্বকাপৰ উল্লাসত মতলীয়া হৈ পৰিছে । তাৰ মাজতে আকৌ বিভিন্নজনে বিভিন্ন ধৰণে ফুটবল বিশ্বকাপৰ সময়ত দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাই আহিছে ।

ফিফা বিশ্বকাপৰ ক্ষুদ্ৰতম প্ৰতিকৃতি নিৰ্মাণ ভাৰতৰ ইকবাল চাক্কাৰ

ভাৰতে কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপত খেলিব নোৱাৰিব পাৰে, তাতে কি হ'ল (FIFA World Cup in Qatar) । ৰাজস্থানৰ উদয়পুৰৰ এজন শিল্পীয়ে বিশ্বৰ আটাইতকৈ সৰু ফিফা বিশ্বকাপ ট্ৰফীৰ প্ৰতিকৃতি সোণত খোদিত কৰিছে (world smallest replica of FIFA gold trophy) । তেওঁ আশা কৰিছে যে উক্ত ট্ৰফীটো মূল ট্ৰফীৰ সৈতে বিজয়ী দলক প্ৰদান কৰা হওক । উদয়পুৰৰ বাসিন্দা ইকবাল চাক্কাই এই এক মিলিমিটাৰ আকাৰৰ প্ৰতিকৃতিটো প্ৰস্তুত কৰিছে (Iqbal Sakka made smallest gold FIFA trophy) ।

সোণেৰে নিৰ্মিত ট্ৰফীটো ইমান সৰু যে ইয়াক চাবলৈ লেন্স ব্যৱহাৰ কৰিব লাগিব । ইটিভি ভাৰতৰ সৈতে এক বিশেষ বাৰ্তালাপত ইকবালে কয় যে কাটাৰে আয়োজন কৰা ফিফা বিশ্বকাপৰ ওপৰত সকলোৰে দৃষ্টি আছে । যদিও ভাৰতীয় দলটোৱে ইয়াত অংশগ্ৰহণ নকৰিব পাৰে, ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ দেশসমূহৰ দৃষ্টি ফিফা বিশ্বকাপৰ ওপৰত ।

চাক্কাই কয় যে তেওঁ কামনা কৰিছে যে কাটাৰত যিটো দলেই বিশ্বকাপ জয় কৰিব, উক্ত দলটোক তেওঁৰ দ্বাৰা নিৰ্মিত বিশ্বৰ আটাইতকৈ সৰু ট্ৰফীটো দিয়া উচিত । তেওঁ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰও লিখিছে বুলি চাক্কাই কয় (Prime Minister Narendra Modi) । চাক্কাই লগতে দাবী কৰে যে ট্ৰফীটো ইমান সৰু যে ই সহজে এটা ডাঙৰ আকাৰৰ বেজীৰ ছিদ্ৰৰ মাজেৰে পাৰ হ'ব পাৰে (world smallest golden FIFA WC trophy) ।

উল্লেখ্য, ট্ৰফীটো নিৰ্মাণ কৰিবলৈ চাক্কাক প্ৰায় তিনি দিন লাগিছিল । তেওঁ কয় যে ট্ৰফীটোৰ সৰু সৰু ডিজাইনবোৰ খোদিত কৰোৱাটো প্ৰত্যাহ্বানজনক আছিল । আশ্চৰ্যজনকভাৱে আনকি সোণৰ ওজন জোখা যন্ত্ৰটোৱেও ট্ৰফীটোৰ ওজন ক'ব নোৱাৰিলে । ইকবালে কয় যে তেওঁ সৰুৰে পৰা ক্ষুদ্ৰ সামগ্ৰীবোৰ তৈয়াৰ কৰিবলৈ ভাল পাইছিল ।

"বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সোণৰ কাৰুশিল্পৰ ৰেকৰ্ড আমেৰিকা, অষ্ট্ৰেলিয়া আৰু চীনৰ দৰে দেশৰ নামত আছিল । মই বিচাৰিছোঁ যে ভাৰতৰ নাম শীৰ্ষত থাকিব লাগে ।" তেওঁ কয় । তেওঁ অযোধ্যাত নিৰ্মাণ কৰা ভগৱান ৰামৰ মন্দিৰৰ বাবে তিনিটা সূক্ষ্ম শিল্পকলা সৃষ্টি কৰিছে, য'ত সোণৰ ইটা, ঘণ্টা আৰু দুটা স্তম্ভ অন্তৰ্ভুক্ত আছে । ইকবালে পৃথিৱীৰ আটাইতকৈ সৰু সোণ-ৰূপৰ কিতাপো নিৰ্মাণ কৰিছে (world smallest gold silver book) ।

আৰবী ভাষাত আল্লা, সংস্কৃতত ওম, খ্ৰীষ্টান ধৰ্মৰ ক্ৰছ আৰু শিখ ধৰ্মৰ খাণ্ডা এখন কিতাপত খোদিত কৰা হৈছে । কিতাপখন ৬৪ পৃষ্ঠাৰ । ইয়াৰ উপৰি তেওঁ এই বছৰৰ স্বাধীনতা দিৱসত মাত্ৰ 0.5 মিঃমিঃ ত্ৰিৰংগ পতাকাও প্ৰস্তুত কৰিছে । ইকবালে আটাইতকৈ সৰু সোণৰ চেইন (smallest gold chain) তৈয়াৰ কৰি গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত (Guinness Book of World Records) তেওঁৰ নাম পঞ্জীয়ন কৰিছে ।

ইয়াৰ উপৰি তেওঁ পৃথিৱীৰ আটাইতকৈ সৰু চাহৰ কেটলী আৰু আটাইতকৈ সৰু সোণালী ষ্টাম্পো তৈয়াৰ কৰিছে । ইকবালে এতিয়ালৈকে 100 টা বিশ্ব অভিলেখ সৃষ্টি কৰিছে, যিবোৰ গিনিজ বুক অব ৰেকৰ্ডছ, লিমকা বুক অব ৰেকৰ্ডছ, ইউনিক ৱৰ্ল্ড ৰেকৰ্ডছ, ইণ্ডিয়া বুক অব ৰেকৰ্ডছ (India Book of Records), ৱৰ্ল্ড এমেজিং ৱৰ্ল্ড ৰেকৰ্ডছ, এছিয়া বুক অব ৰেকৰ্ডছত লিপিবদ্ধ কৰা হৈছে ।

লগতে পঢ়ক :FIFA World Cup 2022 : চার্জ দিব লাগে বিশ্বকাপৰ বলত ! ৰহস্য কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.