ETV Bharat / bharat

Andhra Train Accident : ক্ৰচিঙৰ সময়ত দুখন ৰে’লৰ সংঘৰ্ষ, 6 জন যাত্ৰীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 10:37 PM IST

অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ৷ পালাছাৰ পৰা বিজিয়ানগৰ অভিমুখে আহি থকা দুখন পালাছা যাত্ৰীবাহী ৰে’লৰ মাজত সংঘৰ্ষ ৷

Andhra Train Accident
দুখন ৰে’লৰ সংঘৰ্ষ

নিউজ ডেস্ক, 29 অক্টোবৰ : অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ৷ বিজিয়ানগৰ জিলাৰ কোঠাৱলাছা মণ্ডলৰ কান্তকাপল্লীত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ৷ বিশাখাৰ পৰা ৰায়গড়ালৈ যাত্ৰীবাহী ৰে’ল ৷ পালাছাৰ পৰা বিজিয়ানগৰ অভিমুখে আহি থকা দুখন পালাছা যাত্ৰীবাহী ৰে’লৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাতো ৷

ট্ৰেক ক্ৰচিঙৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ৰে’লৱেৰ বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি এই দুৰ্ঘটনাত 6 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো গুৰুতৰভাৱে আহত হৈছে ৷ বিষয়াসকলে জনোৱা মতে, ৰায়গড়া যাত্ৰীবাহী ৰে’লৰ 3 টা বগী দুৰ্ঘটনাৰ ফলত ৰে’লপথৰ পৰা বাহিৰ হৈ যায় ৷ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ৷

বিদ্যুতৰ তাঁৰ বিচ্ছিন্ন হৈ যোৱাৰ লগে লগে ঘটনাস্থলীত আন্ধকাৰ হৈ পৰিছিল ৷ আন্ধাৰত একো দেখা নোপোৱাৰ বাবে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাৰ খবৰ লাভ কৰি ৰে’লৱে উদ্ধাৰ কৰ্মী আৰু আৰক্ষী ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় ৷ দুৰ্ঘটনাটোৰ বাবে ৰে’লৰ দবাবোৰ এটাৰ ওপৰত আন এটা উঠি যায় ৷ এই ঘটনাত কি হৈছে বুজি পোৱাৰ আগতেই হঠাৎ আতংকিত হৈ পৰে যাত্ৰীসকল ৷

ঘটনাৰ পাছতেই আতংকিত হৈ যাত্ৰী সকলে চিঞৰ-বাখৰ আৰম্ভ কৰে ৷ তেওঁলোকে কয় যে দুৰ্ঘটনাৰ বিষয়ে জানিব পৰাত তেওঁলোক আতংকিত হৈ পৰে ৷ দুৰ্ঘটনাস্থলীলৈ চাই সহযাত্ৰীসকলে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি অনুমান কৰিছে ৷

লগতে পঢ়ক : knife in stomach : 5 বছৰে ভুগি আছিল পেটৰ বিষত, অৱশেষত পেটত উদ্ধাৰ হ’ল ছুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.