ETV Bharat / bharat

Molestion: সহকৰ্মীক ধৰ্ষণৰ অভিযোগত চেন্নাইত গ্ৰেপ্তাৰ দুই চিকিৎসক

author img

By

Published : Nov 21, 2021, 7:57 PM IST

Doctor
সহকৰ্মীক ধৰ্ষণৰ অভিযোগত চেন্নাইত গ্ৰেপ্তাৰ দুই চিকিৎসক

ক'ভিড মহামাৰীৰ সময়ত যোৱা আগষ্ট মাহত সংঘটিত হৈছে দুটাকৈ পৃথক নিৰ্যাতনৰ ঘটনা । চেন্নাই দুই চিকিৎসকে সহকৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে সমগ্ৰ তামিলমাডুত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ : তামিলনাডুত সমগ্ৰ চিকিৎসক সমাজত লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । চেন্নাইৰ দুগৰাকী চিকিৎসকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে । ৰাজীৱ গান্ধী গৱৰ্ণমেন্ট জেনেৰেল হাস্পতালৰ (RGGGH) দুয়োগৰাকী চিকিৎসকক ১৮ নৱেম্বৰত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । এগৰাকী চিকিৎসকৰ বিৰুদ্ধে সহকৰ্মীক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে আনহাতে আনগৰাকীৰ বিৰুদ্ধেও যৌন উৎপীড়নৰ অভিযোগ উঠিছে ।

মহামাৰী কৰ'ণাৰ (Corona) সময়ত কৰ্তব্যৰত চিকিৎসকসকলক কোৱাৰেণ্টাইনত ৰখাৰ সময়ত যোৱা আগষ্ট মাহত সংঘটিত হৈছে এই দুয়োটা পৃথক ঘটনা । এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া তীব্ৰ উত্তজেনাই বিৰাজ কৰিছে চেন্নাই চহৰত । অভিযুক্ত চিকিৎসক দুগৰাকীৰ এজন হৈছে এছ.ভেট্ৰিচেলভান আৰু আনজন এন.মোহনৰাজ ।

Tamilnadu
সহকৰ্মীক ধৰ্ষণৰ অভিযোগত চেন্নাইত গ্ৰেপ্তাৰ দুই চিকিৎসক

আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকক আগষ্টত মহিলা সহকৰ্মীৰ সৈতে ক'ভিড প্ৰট'কলৰ (Covid Protocol) অংশ হিচাপে টি.নগৰৰ চিকিৎসালয়ত ৰখা হৈছিল । সেই সময়ত, এছ.ভেট্ৰিচেলভানে এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰিছিল । একেদৰে, মোহনৰাজ নামৰ আনগৰাকী চিকিৎসকে আন এগৰাকী মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলাইছিল ।

ঘটনাৰ পাছতে দুয়োগৰাকী মহিলা চিকিৎসকে ৰাজীৱ গান্ধী গভৰ্ণমেন্ট জেনেৰেল হাস্পতালৰ মুৰব্বী থাৰাণী ৰাজনক ঘটনা সম্পৰ্কে অৱগত কৰিছিল । থাৰাণী ৰাজনে তাৎক্ষণিকভাৱে টি.নগৰৰ উপায়ুক্ত হৰিকিৰণ প্ৰসাদৰ ওচৰত এক লিখিত অভিযোগ দাখিল কৰিছিল । অভিযোগৰ ভিত্তিত, টেইনামপেট অল ৱমেন পুলিচে (Teynampet All Women Police) তদন্ত আৰম্ভ কৰিছিল আৰু দুয়োজন চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।

ইতিমধ্যে চিকিৎসা সঞ্চালকালয়ে দুয়োগৰাকী চিকিৎসকক বৰ্খাস্ত কৰিছে আৰু তেওঁলোকক বৃহস্পতিবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । সম্প্ৰতি বিশাখা সমিতিয়ে (Vishaka Committee) গোচৰটোৰ তদন্ত কৰি আছে । দুয়োজনে অভিযুক্ত চিকিৎসকে আন মহিলা সহকৰ্মীকো যৌন নিৰ্যাতন চলাইছিল নেকি তাৰ অনুসন্ধানৰ বাবে সমিতিখনে চিকিৎসক কেইজনৰ ম'বাইল ফোনবোৰ চাইবাৰ পৰীক্ষাগাৰলৈ (cyber laboratory) প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:Extortion : দাবী কৰা ধন নিবলৈ আহি গণৰোষত ৱেব প’ৰ্টেল(Web portal)ৰ সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.