ETV Bharat / state

Extortion : দাবী কৰা ধন নিবলৈ আহি গণৰোষত ৱেব প’ৰ্টেল(Web portal)ৰ সাংবাদিক

author img

By

Published : Nov 20, 2021, 8:35 PM IST

ধুবুৰীত সাংবাদিকৰ বিৰুদ্ধে ধন দাবী(alligation of extortion against web journalist)ৰ অভিযোগ ৷ যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে নগদ এক লাখ টকা দাবী সাংবাদিকগৰাকীৰ ৷ জিলাখনৰ এটা ৱেব প’ৰ্টেল(Web Portal)ত কৰ্মৰত সাংবাদিকগৰাকী ৷ তথাকথিত সাংবাদিকক লপা-থপা দি আৰক্ষীক গতালে স্থানীয় লোকে ৷

Extortion
দাবী কৰা ধন নিবলৈ আহি গণৰোষত ৱেব প’ৰ্টেলৰ সাংবাদিক

ধুবুৰী, 20 নৱেম্বৰ : বিগত কিছুদিনৰ পৰা ধুবুৰীৰ এটা ৱেব প’ৰ্টেলত কৰ্মৰত এগৰাকী সাংবাদিকে বিভিন্ন ভয়-ভাবুকিৰে এগৰাকী যুৱতীক দাবী কৰি আহিছিল ধন ৷

ঘটনাৰ বিৱৰণী অনুসৰি, সাংবাদিকগৰাকীৰ হাতত মজুত আছিল এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ ৷ ঘটনা সন্দৰ্ভত সাংবাদিকগৰাকীয়ে যুৱতীগৰাকীক এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ধমকিৰে নগদ ধন দাবী কৰে ৷ পৰিকল্পনা অনুসৰি দাবী কৰা ধন নিবলৈ অহাত স্থানীয় লোকে সকলো ঘটনা জানিব পাৰি সাংবাদিকগৰাকীক কৰায়ত্ত কৰি লপা-থপা দিয়ে ৷ গৌৰীপুৰৰ এটা ৱেৱ পৰ্টেলত কৰ্মৰত সাংবাদিকগৰাকী গৈছে আনিচুৰ আলী ৷

Extortion
সাংবাদিক আনিচুৰ আলী

বিগত 15 নৱেম্বৰত ধুবুৰীৰ নিউঘাট এলেকাৰ পৰা অপহৰণ কৰা হৈছিল এগৰাকী যুৱতীক ৷ এই অপহৰণ কাণ্ডৰ লগত জড়িত অপহৰণকাৰীৰ সৈতে সাংবাদিকগৰাকীৰ যোগসূত্ৰ থকা বুলি ভূক্তভোগীৰ পৰিয়ালে দাবী কৰে ৷ পৰৱৰ্তী সময়ত যুৱতীগৰাকীক উদ্ধাৰ কৰে ধুবুৰী আৰক্ষীয়ে ৷

কিন্তু ইয়াৰ পিছৰে পৰা যুৱতীগৰাকীৰ পৰিয়ালক নগদ এক লাখ টকা দাবী কৰে সাংবাদিকগৰাকীয়ে ৷ দাবী কৰা ধন নিদিলে যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰো ধমকি প্ৰদান কৰে পাবত গজা সাংবাদিকগৰাকীয়ে ৷

অৱশেষত পূৰ্ব পৰিকল্পনা অনুসৰিয়েই শনিবাৰে পৰিয়ালটোৰ পৰা দাবী কৰা ধন নিবলৈ আহি হৰিসভা মোৰত ৰাইজৰ ৰোষত পৰে সাংবাদিকগৰাকী ৷ সম্প্ৰতি যুৱতীগৰাকীৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আনিচুৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

লগতে চাওক: জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.