জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ

author img

By

Published : Nov 18, 2021, 4:53 PM IST

organizations-leader-demanded-money-from-business-persons

মৰাণত একপ্ৰকাৰ ডকাইতৰ ৰূপ লৈছে একাংশ জাতীয় সংগঠনৰ নেতাই ৷ মৰাণৰ আবকাৰী বিষয়াৰ কাৰ্যালয়ত ধনৰ লেন-দেন চলাৰ অভিযোগ ৷ আছু নেতাৰ পিছত টাইপা নেতাৰ বিৰুদ্ধে উঠিছে ধন সংগ্ৰহৰ অভিযোগ ৷ ভুক্তভোগীৰ এজাহাৰ দাখিল ৷

মৰাণ, 18 নৱেম্বৰ : একাংশ জাতীয় সংগঠনৰ দায়িত্বত থকা এচাম নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ধন সংগ্ৰহৰ ৷ সংগঠনৰ নাম শুনিলেই এতিয়া বহু ব্যৱসায়ী হৈ পৰে আতংকিত ৷ কিছুদিনৰ পূৰ্বে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে গোলাঘাটৰ পাচলি, পাণ কঢ়িয়াই অনা বাহনৰ গৰাকীক ধন দাবী কৰাৰ এক অডিঅ' ভাইৰেল হৈছিল ৷ ইয়াৰ পিছে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া শেষ নহওঁতেই পুনৰ এটা সংগঠনৰ একাংশ নেতাৰ বিৰুদ্ধে উত্থাপিত হৈছে ধন দাবীৰ অভিযোগ ৷

উত্থাপিত অভিযোগ অনুসৰি, মৰাণৰ টাই আহোম যুৱ পৰিষদৰ (ৰুদ্ৰ বুঢ়াগোঁহাইৰ ফৈদৰ) একাংশ নেতাৰ বিৰুদ্ধে উঠিছে এই ধন সংগ্ৰহৰ অভিযোগ ৷ এগৰাকী থলুৱা ব্যৱসায়ীৰ পৰা প্ৰায় ২ লক্ষাধিক টকাকৈ সংগ্ৰহ কৰিছে নেতাসকলে ৷

ধন সংগ্ৰহৰ অভিযোগ

লগতে চাওক: CM in Majuli : ফেৰী দুৰ্ঘটনাত পতিতসকলৰ উদ্ধাৰকাৰী লৈ কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ

তদুপৰি, দুৰ্নীতি আৰু দালালৰাজ নিঃশেষ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ঘোষণা কৰাৰ পিছতো কিন্তু চলিয়েই আছে দালালৰাজ ৷ খোদ চৰকাৰী বিষয়াৰ কাৰ্যালয়তে এই দালালৰাজ চলাৰ অভিযোগ উত্থাপিত হৈছে ৷ তেনে এক ঘটনা মৰাণৰ আবকাৰী বিষয়াৰ কাৰ্যালয়তো সংঘটিত হৈছে ৷ অভিযোগ অনুসৰি যোৱা সোমবাৰে খোৱাঙৰ পৰা টাই আহোম যুৱ পৰিষদৰ এটা দলে এখন টাটা AC গাড়ীত ৫০ কাৰ্টন লালীগুড় নি থকা অৱস্থাত ধৰা পেলাই বাহন সহ চালকক চমজায় দিয়ে আবকাৰী বিভাগক ৷

কিন্তু আবকাৰী বিষয়াগৰাকীয়ে ব্যৱসায়ীজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰি সংগঠনটোৰ সহযোগত বিভিন্ন ভয়-ভাবুকি দেখুৱাই ব্যৱসায়ী দীন শইকীয়াক দাবী কৰে নগদ প্ৰায় ২ লাখ ৮০ হাজাৰ টকা ৷ ইয়াৰে ২ লাখ টকা ইতিমধ্যে আবকাৰী বিষয়া আৰু দুজনমান টাইপা নেতাক প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷ আবকাৰী বিভাগৰ কাৰ্যালয়তে এনে ঘটনা সংঘটিত হোৱা বুলি ভূক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

উক্ত বিষয় সম্পৰ্কে বাতৰি সংগ্ৰহৰ বাবে কাৰ্যালয়টোত সাংবাদিকৰ এটা দল মঙলবাৰে উপস্থিত হৈছিল ৷ কিন্তু সংবাদ মাধ্যমক কাৰ্যালয়ৰ চৌহদত দেখা মাত্ৰকে পলায়ন কৰে ধন সংগ্ৰহ কৰা আবকাৰী বিষয়াগৰাকীয়ে ৷

ইতিমধ্যে সমগ্ৰ কাণ্ডৰ সন্দৰ্ভত ভুক্তভোগীয়ে খোৱাং আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷ গুৰুত্বপূৰ্ণ বিষয় এয়ে যে, মঙলবাৰে ভুক্তভোগী পৰিয়ালটোৱে খোৱাং থানাত ঘটনা সম্পৰ্কে এজাহাৰ দিবলৈ গৈছিল যদিও ভাৰপ্ৰাপ্ত বিষয়া লীলাকান্ত চুতীয়াই এজাহাৰ ল'বলৈ অমান্তি হৈ ব্যৱসায়ীজনক মৰাণহাট থানাত এজাহাৰ দাখিলৰ নিৰ্দেশ দিয়াৰ অভিযোগ উঠিছে ৷

কিন্তু অনুৰূপ ঘটনা সংঘটিত হয় মৰাণহাট থানাতো ৷ পৰৱৰ্তী সময়ত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নিৰ্দেশমৰ্মে বুধবাৰে খোৱাং আৰক্ষীয়ে ব্যৱসায়ীগৰাকীৰ এজাহাৰ গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷ দুখনকৈ থানাৰ আৰক্ষীৰ এনে ভূমিকাই ধন সংগ্ৰহৰ ঘটনাত আৰক্ষীৰ লগতে সংগঠনটোৰ বুজাবুজি থকাৰ দিশত সন্দেহৰ আঙুলি উঠা পৰিলক্ষিত হৈছে ৷

লগতে চাওক: বিকল CCTV কেমেৰাৰে গুৱাহাটী মহানগৰীক সুৰক্ষাৰ বৃথা চেষ্টা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.