ETV Bharat / bharat

Tripura Assembly Election: ২৭ অক্টোবৰত প্ৰধানমন্ত্ৰীৰ ত্ৰিপুৰা ভ্ৰমণ

author img

By

Published : Oct 18, 2022, 8:56 PM IST

Tripura Assembly Election
২৭ অক্টোবৰত ত্ৰিপুৰা ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

২৭ অক্টোবৰত ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Modi in Tripura on October 27) ত্ৰিপুৰা ভ্ৰমণৰ পিছতেই শাসকীয় দল বিজেপিৰ প্ৰচাৰ দ্ৰুত গতিত আৰম্ভ হ'ব ৷ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ত্ৰিপুৰা ভ্ৰমণ সম্পৰ্কে সদৰি কৰিছে ত্ৰিপুৰা আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ।

আগৰতলা, ১৮ অক্টোবৰ: ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ইতিমধ্যেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি । অহা ২৭ অক্টোবৰত ৰাজ্যখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Modi in Tripura on October 27) আগমনৰ পিছতে শাসকীয় বিজেপিৰ প্ৰচাৰ দ্ৰুত গতিত আৰম্ভ হ'ব ৷ ইফালে ত্ৰিপুৰা আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Senior officials of Tripura Police) ত্ৰিপুৰা ভ্ৰমণ সম্পৰ্কে সদৰি কৰিছে ।

এই সন্দৰ্ভত আৰক্ষী বিষয়া গৰাকীয়ে কয়, "যদিও সকলো নিশ্চিত নহয়, তথাপি এই মাহৰ শেষৰ ফালে প্ৰধানমন্ত্ৰীয়ে এদিনৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে । অৱশ্যে কাইলৈ দিল্লীৰ লগতে আমাৰ ৰাজ্যতো অনুষ্ঠিত হ'বলগীয়া এখন বৈঠকৰ পিছত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব ।"

ইপিনে, দলৰ এক সূত্ৰই কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ পাছতেই আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হ'ব । দলৰ নেতৃত্বই লগতে কয় যে, আহা ২৭ অক্টোবৰত প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাটাও কাৰ্যসূচী উদ্বোধন কৰিব । তদুপৰি তেওঁ স্বামী বিবেকানন্দ ময়দানত (Swami Vivekananda Maidan)এক সমাৱেশতো সম্বোধন কৰিব ।

অৱশ্যে ডাঃমানিক সাহাক (Tripura CM Dr Manik Saha) ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পিছতে দলৰ ভিতৰত চলি থকা আভ্যন্তৰীণ কলহক মোডীৰ ভ্ৰমণে নিয়ন্ত্ৰণ কৰিব বুলিও আশা কৰা হৈছে । দলীয় সূত্ৰটোৱে কয় যে প্ৰধানমন্ত্ৰী মোডী চৰকাৰী ভ্ৰমণৰ বাবে ৰাজ্যখনত উপস্থিত হ'ব যদিও তেওঁৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এখন ৰাজনৈতিক সমদল আয়োজন কৰাৰ পৰিকল্পনা আছে ।

ইফালে, আজি মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ ভট্টাচাৰ্যই (Tripura BJP president Rajib Bhattacharya) নতুন দিল্লীৰ বিজেপিৰ ৰাজ্যিক সভাপতি আদেশ গুপ্তাক (BJP state president in New Delhi)আদৰণি জনায় । তেওঁ আজি ইয়াত উপস্থিত হৈ সাংগঠনিক বৈঠক অনুষ্ঠিত কৰিবলৈ দলৰ সকলো নেতাৰ সৈতে সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:MoU Signing Ceremony: মুখ্যমন্ত্ৰীৰ উপস্থিতিত জনতা ভৱনত কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.