ETV Bharat / bharat

New Covid SOP in Tripura : ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ থাকিব ত্ৰিপুৰাৰ শ্ব’পিং মল, চিনেমা হল,পাৰ্ক

author img

By

Published : Jan 19, 2022, 3:04 PM IST

Covid new SOP in Tripura
ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ থাকিব ত্ৰিপুৰাৰ শ্বপিং মল

ত্ৰিপুৰাত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে । যাৰ বাবে চৰকাৰে নতুন এছঅ'পি জাৰি কৰিছে (Covid new SOP in Tripura) । ২০ জানুৱাৰীৰ ৮ বজাৰ পৰা নৈশ সান্ধ্য আইন আৰম্ভ হ'ব ৰাজ্যখনত । যাৰ বাবে মাল্টিপ্লেক্স, শ্ব’পিং মল, চিনেমা হল, পাৰ্ক, পিকনিক স্পট আদি সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।

আগৰতলা, ১৯ জানুৱাৰী : সমগ্ৰ দেশতে ক'ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লৈছে । ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজ্যত কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে । ত্ৰিপুৰাতো শেহতীয়াকৈ ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে । যাৰ বাবে ত্ৰিপুৰা চৰকাৰে নতুন এছঅ'পি জাৰি কৰিছে (Covid new SOP in Tripura)।

নতুন নিৰ্দেশনা অনুসৰি, ৰাজ্যখনত ২০ জানুৱাৰীৰ পৰা নৈশ সান্ধ্য আইনৰ সময়ত কিছু পৰিৱৰ্তন কৰা হৈছে ৷ সেই অনুসৰি, নিশা ৮ বজাৰ পৰাই বলৱৎ হ'ব সান্ধ্য আইন । পূৰ্বে নৈশ সান্ধ্য আইন ৯ বজাৰ পৰা আৰম্ভ হৈছিল । প্ৰেছ বিজ্ঞপ্তিযোগে চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে সাংস্কৃতিক মন্ত্ৰী সুশান্ত চৌধুৰীয়ে ৷

মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে, ৰাজ্যখনৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতি উদ্বেগজনক । ৰাজ্য চৰকাৰে এই ক'ভিড পৰিস্থিতিৰ বাবেই ১০ জানুৱাৰীত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছিল । কিন্তু বৰ্তমান ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ২০ জানুৱাৰীৰ পৰা নিশা ৯ বজাৰ পৰিৱৰ্তে নিশা ৮ বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হ'ব । ৰাজ্যিক কেবিনেটেও এইক্ষেত্ৰত আৰু কিছু প্ৰতিবন্ধকতা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে ।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, কীৰ্তনৰ দৰে সকলো ধৰ্মীয় অনুষ্ঠান ২৩ জানুৱাৰীৰ ভিতৰত শেষ কৰিব লাগিব । তেওঁ লগতে কয় যে, ৰাজ্যখনৰ পৰিস্থিতিৰ কথা বিবেচনা কৰি মাল্টিপ্লেক্স, শ্ব’পিং মল, চিনেমা হল, পাৰ্ক, পিকনিক স্পট আদি সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ উপৰিও ৰাজ্যিক কেবিনেটে ৰাজ্যখনৰ সকলো প্ৰদৰ্শনী মেলা বাতিল কৰাৰ সিদ্ধান্ত লৈছে ।

মন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি, আগৰতলা পৌৰ নিগমৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি ৫০ শতাংশ কৰা হৈছে । অৱশ্যে এইক্ষেত্ৰত যুটীয়া সচিব বা উচ্চ পদবীত থকা সকলোৰে উপস্থিতি বাধ্যতামূলক হ'ব ।

লগতে পঢ়ক : ক’ভিডৰ বাবে নহয়, গুৰু জয়ন্তীৰ বাবে পিছুৱালে পঞ্জাৱ বিধানসভাৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.