ETV Bharat / bharat

ত্ৰিপুৰাত বিজেপি বিধায়কৰ পদত্যাগ

author img

By

Published : Sep 23, 2022, 3:17 PM IST

বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে বিজেপিৰ বিধায়ক বুৰ্বা মোহন ত্ৰিপুৰাই পদত্যাগ পত্ৰ প্ৰদান কৰে (MLA Burba Mohan Tripura resign)। বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰে বিধায়কগৰাকীয়ে । টিপ্ৰা মোথাত যোগদানৰ সম্ভাৱনা ।

Tripura
ত্ৰিপুৰাত বিজেপি বিধায়কৰ পদত্যাগ

আগৰতলা, ২৩ ছেপ্টেম্বৰ : ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত্ব শাসিত জিলা পৰিষদৰ গাঁও পৰিষদৰ নিৰ্বাচনক লৈ ৰাজ্যখনত ব্যাপক তৎপৰতা আৰম্ভ হৈছে (Village council elections of TTAADC)। কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় বিজেপিত মোক্ষম আঘাত । এইবাৰ দলটোৰ খিলঞ্জীয়া বিধায়ক বুৰ্বা মোহন ত্ৰিপুৰাই পদত্যাগ পত্ৰ প্ৰদান কৰে (Tripura BJP MLA Burba Mohan resigns)। বিধায়কগৰাকীয়ে পদত্যাগ পত্ৰ প্ৰদান কৰাৰ লগে লগে শাসকীয় পক্ষক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰে বিজেপিৰ বিধায়কগৰাকীয়ে । বুৰ্বা মোহন ত্ৰিপুৰা ৪৩ নং কাৰবুক সমষ্টিৰ (ST) বিধায়ক (Karbook MLA Burba Mohan Tripura resign)। পদত্যাগ পত্ৰখনৰ জৰিয়তে তেওঁ এই পত্ৰ গ্ৰহণ কৰিবলৈ অধ্যক্ষক আহ্বান জনাই বিধায়কগৰাকীয়ে ।

আনহাতে পদত্যাগৰ কোনো নিৰ্দিষ্ট কাৰণ তেওঁ পত্ৰখনত উল্লেখ কৰা নাই । সূত্ৰৰ মতে বুৰ্বা মোহন ত্ৰিপুৰাই সন্ধিয়ালৈ টিপ্ৰা মোথাত যোগদান কৰিবলৈ সাজু হৈছে (Burba Mohan Tripura to join TIPRA)। বিধায়কগৰাকীয়ে টিপ্ৰাত যোগদান কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ।

লগতে পঢ়ক :Tripura Rajya Sabha bye election 2022 : ত্ৰিপুৰাত ৰাজ্যসভাৰ একমাত্ৰ আসনৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.