Tripura Rajya Sabha bye election 2022 : ত্ৰিপুৰাত ৰাজ্যসভাৰ একমাত্ৰ আসনৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচন

author img

By

Published : Sep 22, 2022, 2:07 PM IST

rajya sabha

ত্ৰিপুৰাৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন (Tripura Rajya Sabha bye election 2022)। আসনখনৰ যুঁজত অৱতীৰ্ণ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি দলৰ প্ৰাৰ্থী বিপ্লৱ কুমাৰ দেৱ আৰু বিৰোধী চিপিআই(এম) প্ৰাৰ্থী ভানুলাল সাহা । বিয়লি ৫ বজাত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব ।

আগৰতলা,২২ ছেপ্টেম্বৰ : আজি ত্ৰিপুৰাত অনুষ্ঠিত হৈছে ৰাজ্য়সভাৰ উপ-নিৰ্বাচন (Tripura Rajya Sabha bye election 2022)। আগৰতলাৰ ত্ৰিপুৰা বিধান সভাত অনুষ্ঠিত হৈছে ৰাজ্যখনৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে উপ-নিৰ্বাচন । ত্ৰিপুৰা বিধান সভাৰ চৌহদত পুৱা ৯ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয় । বিয়লি ৪ বজালৈকে চলিব ভোটদান প্ৰক্ৰিয়া ।

আনহাতে সন্ধিয়া ৫ বজাত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব । ত্ৰিপুৰাৰ ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াই জনোৱা মতে ৰাজ্যসভাৰ আসনখনৰ দুগৰাকী প্ৰাৰ্থী ক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ (Rajya Sabha candidate Biplab Kumar Deb) আৰু বিৰোধী চিপিআইএমৰ ভানুলাল সাহা (Rajya Sabha opposition candidate Bhanulal Saha)।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডা০ মানিক সাহা, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা, মন্ত্ৰী পৰিষদ আৰু বিৰোধী দলৰ নেতা মানিক সৰকাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ লগতে শাসক আৰু বিৰোধী দলৰ বিধায়কসকলেও ভোটাধিকাৰ সাব্যস্ত কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী বিপ্লৱ কুমাৰ দেৱে ভোট দান কৰি সংবাদমাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে জনসাধাৰণে বিকাশৰ প্ৰকৃত অৰ্থ বুজি পাইছে (Biplab Kumar Deb reaction on Rajya Sabha election)৷

বিজেপি চৰকাৰ লগতে প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা কৰি নেতাগৰাকীয়ে কয় যে ত্ৰিপুৰাত ২০১৮ চনৰ নিৰ্বাচনৰ পাছত যেতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিছিল তেতিয়াৰে পৰা মানুহে প্ৰকৃত উন্নয়ন কি বুজিবলৈ আৰম্ভ কৰিছে । প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত মুখ্যমন্ত্ৰী হিচাপে কাম কৰা পাছত এতিয়া দলটোৱে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনীত কৰিছে । নিৰ্বাচনৰ ফলাফলৰ অন্তত ত্ৰিপুৰাৰ সামগ্ৰিক উন্নয়নৰ বাবে যি দায়িত্ব দিয়া হ'ব তেওঁ নিশ্চিতভাৱে সেয়া পালন কৰিব বুলিও উল্লেখ কৰে বিপ্লৱ কুমাৰ দেৱে ।

ইফালে নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডা০ মানিক সাহাই কয় যে বিগত নিৰ্বাচনত সকলোৱে তেওঁক ভোট দিছিল আৰু এইবাৰ সকলোৱে বিজেপি প্ৰাৰ্থী বিপ্লৱ কুমাৰ দেৱৰ সপক্ষে ভোট দিবলৈ আহিছে (CM Manik Saha on Rajya Sabha bye election)। তেওঁ নিশ্চিত যে দলৰ সকলো সদস্যই বিপ্লৱ কুমাৰ দেৱৰ সপক্ষে ভোট দিব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সকলো নিৰ্বাচনে বিজেপি দলৰ বাবে অতি গুৰুত্বপূৰ্ণ । আনহাতে ৰাজ্যত বিজেপি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলো আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈ আছে । ২০২৩ চনত বিজেপিয়ে পূৰ্বতকৈ অধিক আসন লাভ কৰিব বুলিও আশাবাদী মুখ্যমন্ত্ৰীগৰাকী ।

ভোটদানৰ পাছতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী চিপিআইএমৰ নেতা মানিক সৰকাৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে এয়া প্ৰথম নিৰ্বাচন য'ত বিৰোধী নেতাসকলে শান্তিপূৰ্ণভাৱে ভোট দান কৰিবলৈ সক্ষম হৈছে (Manik Sarkar slams BJP)। কিয়নো নেতাগৰাকীয়ে দাবী কৰা মতে ২০১৮ চনৰ নিৰ্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত শান্তিপূৰ্ণভাৱে এটাও নিৰ্বাচন অনুষ্ঠিত হোৱা নাই ।

লগতে পঢ়ক :ত্ৰিপুৰাত নতুন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.